Logo
image

গেইল, তেণ্ডুলকাৰৰ অভিলেখ ভংগ ৰোহিতৰ

নতুন দিল্লী, ১২ অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সকলো ফৰ্মেট মিলি সৰ্বাধিক ছয় কোৱাই বিশ্ব অভিলেখ গঢ়িছে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই৷ আফগানিস্তানৰ বিৰুদ্ধে নতুন দিল্লীত অংশ লোৱা বিশ্বকাপৰ মেচখনৰ অষ্টম অভাৰত সৰ্বাধিক ছয় মৰাৰ অভিলেখ গঢ়ে অধিায়কজনে৷ তেওঁ অতিক্ৰম কৰে ক্ৰিছ গেইলৰ ৫৫৩ টা ছিক্সাৰৰ অভিলেখ৷ মেচখনত নিজৰ ৫৫৪ সংখ্যক ছয়টো কোবাই ৰোহিতে গেইলৰ অভিলেখ ভংগ কৰে৷ আফগানিস্তানৰ বিৰুদ্ধে নমাৰ পূৰ্বে সকলো ফৰ্মেট মিলি ৰোহিতৰ নামত আছিল ৫৫১টা ছয়৷ গেইলক অতিক্ৰম কৰিবলৈ তেওঁক তিনিটা ছয়ৰ প্ৰয়োজন হৈছিল৷  মেচৰ পঞ্চম অভাৰত ৰোহিতে প্ৰথমটো ছয় কোবায়৷ তেওঁৰ বেটৰ পৰা দ্বিতীয়টো ছয় আহে সপ্তম অভাৰত৷ অষ্টম অভাৰৰ পঞ্চম বলত গেইলৰ ৰেকৰ্ড ভংগ কৰে ভাৰতীয় দলৰ অধিনায়কে৷ ৰোহিতে বুধবাৰে মুঠ পাঁচটা ছয় কোবায়৷ আনহাতে, এদিনীয়া বিশ্বকাপত সৰ্বাধিক শতক অৰ্জনকৰা বেটাৰ হিচাপেও বুধবাৰে পৰিগণিত হয় ৰোহিত৷ বিশ্বকাপত ৰোহিতে বুধবাৰে নিজৰ সপ্তম শতকটো অৰ্জন কৰে৷ তেওঁ শচীন তেণ্ডুলকাৰৰ ছটা শতকৰ অভিলেখ ভংগ কৰে৷ এদিনীয়াত নিজৰ ৩১সংখ্যক শতকটো অৰ্জন কৰে অধিনায়কজনে৷