Logo
image

অসমতেই অসমীয়া চিনেমা প্ৰদৰ্শনৰ বাবে ছবিগৃহ কৰ্তৃপক্ষই নিদিয়ে প্রাইম টাইমঃ বন্ধ হ’ল অসমীয়া ছবি ‘মমতাৰ চিঠি’ৰ প্রদর্শন

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ ছবিগৃহত বিগত শুকুৰবাৰৰ পৰা চলি থকা অসমীয়া ছবি ‘মমতাৰ চিঠি’ৰ প্ৰদৰ্শন বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ছবিখনৰ প্ৰযোজক দেৱাদিব দাস আৰু পৰিচালক নির্মল দাসে।

প্ৰযোজক তথা পৰিচালকৰ এনে সিদ্ধান্তৰ আঁৰত মূলতঃ দুটা কাৰণ থকা বুলি ব্যক্ত কৰে পৰিচালক নির্মল দাসে। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্ত অত্যন্ত কঠোৰ বুলি ব্যক্ত কৰি পৰিচালক নিৰ্মল দাসে কয়- অসমীয়া চলচ্ছিত্ৰ সকলো ছবিগৃহত প্রাইম টাইমত প্ৰদৰ্শন নকৰাৰ বাবে বিভিন্ন চৰকাৰী কৰ্মচাৰী, স্কুল-কলেজৰ ছাত্র-ছাত্রী তথা ব্যৱসায়ীসকলৰ বাবে চলচ্ছিত্ৰখন উপভোগ কৰাত জটিলতাই দেখা দিছে। ইয়াৰ লগতে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰীক্ষা আৰম্ভ হোৱা হেতু ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ আহ্বানৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিও এই সিদ্ধান্ত লোৱা হৈছে। চলচ্ছিত্ৰখন আমি ৰাজ্যৰ ৩৩ টা ছবিগৃহত মুক্তি দিছিলোঁ যদিও মাত্ৰ ৬-৭ টা ছবিগৃহত হে আমাক প্ৰাইম টাইম দিলে। সেয়েহে বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা আমি চলচ্ছিত্ৰখনৰ প্ৰদৰ্শন বন্ধ কৰিছোঁ। আমাৰ কথা হ'ল অসমীয়া চলচ্ছিত্ৰ আমি অসমীয়া মানুহৰ বাবে নিৰ্মাণ কৰিছোঁ আৰু তেওঁলোকে চলচ্ছিত্ৰখন যাতে চাব পাৰে তাৰ আশা কৰোঁ। যিহেতু চলচ্ছিত্ৰ নীতিত উল্লেখ আছে যে অসমীয়া চলচ্ছিত্ৰক এটা প্ৰাইম টাইম দিব লাগে। অনুৰাধা ছবিগৃহই আমাক প্ৰাইম টাইম দিব বিচাৰিছিল। অসমীয়া চলচ্ছিত্ৰ চলি নাথাকিলে অসমীয়া চলচ্ছিত্ৰ উদ্যোগটো জীয়াই নাথাকিব। অসমত অসমীয়া চলচ্ছিত্ৰক কোনটো সময় দিয়া হ'ব সেয়া কলকাতাৰ পৰা নিয়ন্ত্ৰণ হয়। অসমত এই ব্যৱস্থা অনা উচিত। অনাগত দিনত ছবিখন পুনৰ মুক্তি দিয়াৰ চিন্তা-চৰ্চা কৰা হৈছে। হঠাৎ ছবিখনৰ প্ৰদৰ্শন বন্ধ কৰিবলগীয়া হোৱাত দৰ্শক ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। সকলো ঠিকেই থাকিলে আমি ডিচেম্বৰ মাহৰ শেষৰফালে চলচ্ছিত্ৰখন পুনৰ মুক্তি দিয়াৰ কথা চিন্তা-চৰ্চা কৰিছোঁ।"

সংবাদ মেলত চলচ্ছিত্ৰখনৰ অভিনেত্ৰী মল্লিকা শৰ্মাই কয়- অসমত ছবিগৃহত ১০ জন দৰ্শক থাকিলে অসমীয়া চলচ্ছিত্ৰ প্ৰদৰ্শন কৰা নহয়। কিন্তু হিন্দী ছবিৰ ক্ষেত্ৰত ১০ জন দর্শক থাকিলেও চলচ্ছিত্ৰ প্ৰদৰ্শন কৰা হয়। অসমীয়া চলচ্ছিত্ৰৰ প্রদর্শনৰ বাবে প্রাইম দিয়া উচিত। দিনৰ ১২ বজাত, ২ বজাত চলচ্ছিত্ৰখন প্ৰদৰ্শনী চাবলৈ যাবলৈ ব্যস্ত লোকৰ সময়ৰ অভাৱ।' 

সংবাদ মেলত বিশিষ্ট অভিনেত্ৰী চেতনা দাসে কয়- অসমীয়া চলচ্ছিত্ৰ প্ৰদৰ্শনৰ বাবে প্রাইম টাইম নিদিয়াতো অতি পৰিতাপৰ বিষয়। চলচ্ছিত্ৰখন অসমীয়া ৰাইজে আদৰি লৈছিল কিন্তু ছবিগৃহ কৰ্তৃপক্ষই প্ৰদৰ্শনৰ বাবে উপযুক্ত সময় নিদিলে।
অসমীয়া প্ৰতিখন চলচ্ছিত্ৰকে অসমীয়া মানুহে সন্মান কৰক, আদৰ কৰক।' সংবাদ মেলত অভিনেতা কবিন্দ্ৰ দাস উপস্থিত থাকে। 

উল্লেখ‍্য, হেম বৰুৱাৰ  হৃদয়স্পৰ্শী কবিতা 'মমতাৰ চিঠি'ৰ আধাৰত চলচ্ছিত্ৰখন নিৰ্মাণ কৰা হৈছে। ছবিখনৰ মুখ্য চৰিত্ৰ মৰম আৰু মমতাৰ চৰিত্ৰত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি শইকীয়াই৷ লগতেই ছবি খনত অভিনয় কৰিছে বৰ্ষীয়ান অভিনেত্ৰী চেতনা দাসৰ লগতে 'মমতাৰ চিঠি'ৰ আন আন চৰিত্ৰত অভিনয় কৰিছে ৰীণা বৰা, বিশ্বজিৎ ওজা, কবিন্দ্ৰ দাস, পল্লব পৱন বৰা, দিগন্ত কলিতা, ভাৰ্গৱ কটকী, বিপ্লৱ বৰকাকতি, গোলাপ ভূঞা, হেমাংগ ৰায়চৌধুৰী, মুকুট পূজাৰী, মনোজ দাস, হিতেশ মহিলাৰী, সংঘমিত্ৰা ওজা, গৰিমা দাস, দীপশিখা দাস, বিক্ৰম কাকতি, সঞ্জীৱ দাস, মল্লিকা শৰ্মা, উৎপল, শৰ্মিষ্ঠা দাস আদিয়ে৷ আনহাতে শিশু শিল্পীৰূপে অভিনয় কৰিছে ভিক্টৰ অৰ্জুন দাস, প্ৰিয়দৰ্শন, প্ৰেৰণা, জ্ঞানম কিশোৰ, উদিচী, প্ৰিয়ব্ৰতে।