Logo
image

আজি আহমেদাবাদত ভাৰত-পাকিস্তানৰ মহাৰণ

আহমেদাবাদ, ১৪ অক্টোবৰঃ বিশ্বকাপত যথেষ্ট প্ৰত্যয়জনকভাৱে আৰম্ভণি ঘটাই প্ৰথম দুয়োখন খেলতে জয় সাব্যস্ত কৰিছে ভাৰতে৷ ১২ বছৰ পাছত স্বদেশত পুনৰবাৰ দলটো চেম্পিয়ন হ’ব পাৰিবনে? ইতিমধ্যে ক্ৰিকেটপ্ৰেমীৰ মাজত আৰম্ভ হৈছে এই চৰ্চা৷ কিন্তু তাৰ পূৰ্বে আজি  প্ৰকৃত পৰীক্ষাৰ সন্মুখীন হ’ব ৰোহিত শৰ্মা বাহিনী৷ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলখনত ভাৰতৰ প্ৰতিদ্বন্দ্বী হ’ব পাকিস্তান৷ সদ্যসমাপ্ত এছিয়া কাপত বাবৰ আজমৰ দলটোক অনায়াসে পৰাস্ত কৰিলেও বিশ্বকাপৰ পৰিৱেশ কিছু সুকীয়া৷ ভাৰত  আৰু পাকিস্তানৰ মাজৰ প্ৰতিদ্বন্দ্বিতা দুয়োখন দেশৰ বাবেই সন্মানৰ বিষয়৷ ক্ৰিকেটৰ এই যুঁজখনৰ সৈতে ভাৰতবাসীৰ যেন আবেগ জড়িত হৈ আছে৷ আজিৰ খেলখনত জয়ী হ’ব পাৰিলে বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে দলটোৰ ৰেকৰ্ড হ’বগৈ ৮-০৷ অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ বিৰুদ্ধে অনায়াস জয় সাব্যস্ত কৰাৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ মূল একাদশ কেনেদৰে গঠন কৰা হ’ব সেয়া এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷ প্ৰথম দুখন খেলত অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে ইনিংছ মুকলি কৰিছিল ঈশান কিষাণে৷ কিন্তু  ডেংগিৰ পৰা সম্পূৰ্ণ আৰোগ্য হৈ বুধবাৰেই আহমেদাবাদত উপস্থিত হৈছে শুভমন গীল৷ বৃহস্পতিবাৰে দীৰ্ঘ সময় তেওঁ অনুশীলনো কৰিছিল৷ তালৈ চাই আজিৰ খেলখনত শুভমনক অ’পেনাৰ হিচাপে মূল দলত ৰখা হ’ব পাৰে৷ এক লাখ ৩২ হাজাৰ দৰ্শকৰ ক্ষমতা থকা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ উইকেট বেটিঙৰ সহায়ক হোৱাৰ সম্ভাৱনা আছে৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেন্নাইত বিৰাট কোহলি, লোকেশ ৰাহুল আৰু আফগানিস্তানৰ বিৰুদ্ধে নতুন দিল্লীত অধিনায়ক ৰোহিত শৰ্মাই যি বেটিং বিক্ৰম দেখুৱাইছিল তাক ক্ৰিকেটপ্ৰেমীয়ে সহজে পাহৰিব নোৱাৰিব৷ আজিৰ খেলখনতো পাকিস্তানৰ পেচ আক্ৰমণৰ সন্মুখত ভাৰতীয় বেটাৰৰ প্ৰদৰ্শন হ’ব লক্ষ্যণীয়৷ পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় প্ৰাৰম্ভিক বেটাৰদ্বয় ক্ৰীজত অধিক সময় থিতাপি ল’ব পাৰিলে পৰৱৰ্তী সময়ত কোহলি, শ্ৰেয়স আয়াৰ, লোকেশ ৰাহুলৰ লগতে আনসকলে চাপমুক্ত হৈ খেলিব পাৰিব৷ বলিঙতো পেচ বলাৰ যশপ্ৰীত বুমৰা মূল একাদশত থকাটো নিশ্চিত৷ দুখন খেলত বুমৰাই দখল কৰিছে ছটা উইকেট৷ তেওঁৰ সৈতে বলিং কোনে মুকলি কৰিব সেয়াহে এই পৰ্যন্ত নিশ্চিত হোৱা নাই৷ আফগানিস্তানৰ বিৰুদ্ধে মহম্মদ ছিৰাজে ৯ অভাৰত খৰচ কৰিছিল ৭৬ ৰান৷ সেয়েহে কাইলৈ মহম্মদ ছামিক মূল একাদশত ৰখাৰ চিন্তা-চৰ্চা কৰা হ’ব পাৰে৷ স্পিনাৰ কুলদীপ যাদৱৰ প্ৰদৰ্শন এতিয়ালৈকে যথেষ্ট সন্তোষজনক৷ কিন্তু পাকিস্তানৰ বিৰুদ্ধে অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু শ্বাৰ্দুল ঠাকুৰৰ কোনজনক মূল একাদশত ৰখা হয় সেয়া হ’ব লক্ষ্যণীয়৷ পিটচ বেটিঙৰ সহায়ক হ’লে বেটিং ক্ৰমৰ আঠ নম্বৰ স্থানৰ দাবীদাৰ হ’ব পাৰে শ্বাৰ্দুল ঠাকুৰ৷

ইপিনে, পাকিস্তানৰ বেটিং বহু পৰিমাণে  বাবৰ আজমৰ ওপৰত নিৰ্ভৰশীল হ’লেও দলটোৰ অধিনায়কজনৰ পৰা এতিয়ালৈকে আশানুৰূপ প্ৰদৰ্শন অহা নাই৷ তাৰ বিপৰীতে শ্ৰীলংকাৰ বিৰুদ্ধে মহম্মদ ৰিজৱানৰ প্ৰদৰ্শন আছিল প্ৰশংসনীয়৷ দুখন খেলত তেওঁৰ সংগ্ৰহ ২৯৯ ৰান৷ তেওঁৰ লগতে  আব্দুল্লা শ্বাফিক আৰু ছাউদ শ্বাকীলেও ভাৰতীয় বলাৰক সমস্যাত পেলাব পাৰে৷ আনহাতে, বলিঙত পেচ বলাৰ শ্বাহিন শ্বাহ আফ্ৰিদীৰ সৈতে দলত হেৰিছ ৰৌফ আৰু হাছান আলী আছে যদিও শ্বাহিন শ্বাহৰ বিৰুদ্ধেহে ভাৰতীয় বেটাৰ কিছু সতৰ্ক থাকিব লাগিব৷ পাকিস্তানৰ সহঃ অধিনায়ক শ্বাদব খানে এতিয়ালৈকে ১৬ অভাৰত খৰচ কৰিছে ১০০ ৰান৷

বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানে এতিয়ালৈ এখনো খেলত জয়ী হ’ব পৰা নাই৷ কিন্তু এইবাৰ যেন ভাৰতৰ মাটিতেই টীম ইণ্ডিয়াক হৰুৱাবলৈ দৃঢ় পৰিকৰ দলটো৷ খেলখনৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত তেনে ইংগিতেই দিলে অধিনায়ক বাবৰ আজমে৷