Logo
image

পহিলা কাতিত মুকলি হ’ব শ্ৰদ্ধাঞ্জলি সেতু

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৫ অক্টোবৰঃ মালিগাঁৱৰ নীলাচল উৰণীয়া সেতুৰ পাছতে উত্তৰ-পূবৰ ভিতৰতে দ্বিতীয়খন দীঘলীয়া উৰণীয়া সেতু হিচাপে পৰিগণিত হোৱা ৰাধাগোৱিন্দ বৰুৱা পথৰ কমাৰ্চ এণ্ডৰ পৰা গণেশগুৰি উৰণীয়া সেতুৰ এণ্ডলৈ ২.৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ তিনিলেনযুক্ত উৰণীয়া সেতুখন সকলো ঠিকে থাকিলে কাতি বিহুৰ পিছদিনা আৰু ষষ্ঠী পূজাৰ আগদিনা ১৯ অক্টোবৰত ৰাইজৰ যাতায়াতৰ বাবে মুকলি কৰা হব৷ এয়া গুৱাহাটীবাসীলৈ অসমৰ মুখ্যমন্ত্ৰীৰ কাতি বিহু আৰু শাৰদীয় দুৰ্গা পূজাৰ উপহাৰ হিচাপে পৰিগণিত হৈছে৷  কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগন্তক শাৰদীয় দুৰ্গা পূজা আৰু কাতি বিহুৰ সময়ত ৰাধা গোৱিন্দ বৰুৱা পথৰ (আৰ জি বৰুৱা পথ) নৱনিৰ্মিত উৰণীয়া সেতুখন ৰাইজৰ যাতায়াতৰ বাবে মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছিল৷  সেই ঘোষণাৰ পাছতে প্ৰায় ৩১৬ কৌটি টকা ব্যয়ৰে নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখন যাতে ১৯ অক্টোবৰত মুকলি কৰিব পাৰি তাৰ বাবে বিগত কিছুদিন ধৰি ধৰি দিনে নিশাই তিনি শতাধিক শ্ৰমিকে যুদ্ধকালিন তৎপৰতাৰে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে উৰণীয়া সেতুখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে দক্ষিণ কামৰূপৰ মিৰ্জাৰ অনিল দাস কনট্ৰাকছন প্ৰাইভেট লিমিটেডে৷ আৰ জি বৰুৱা পথৰ উৰণীয়া সেতুখন নিৰ্ধাৰিত সময়ৰ প্ৰায় ১০ মাহ পূৰ্বেই সম্পূৰ্ণ কৰিছে নিৰ্মাণৰ ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৱে৷ ২০২২ চনৰ পহিলা ফেব্ৰুৱাৰীত আধাৰশিলা স্থাপন কৰা উৰণীয়া সেতুখনৰ নিৰ্মাণ সম্পুৰ্ণ কৰাৰ বাবে ৩০ মাহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল৷ কিন্তু মাত্ৰ ২০ মাহৰ ভিতৰতেই উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা হয়৷ ইফালে উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কৰি থকা লোক নিৰ্মাণ পথ বিভাগৰ পূব গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডল আৰু দুই নম্বৰ নগৰ উপ সংমণ্ডলৰ অভিযন্তা সকলে সদৰি কৰা অনুসৰি উৰণীয়া সেতুখন মুকলি হোৱাৰ পাছত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ দিশৰ পৰা গণেশগুৰী সংযোগী আৰ জি বৰুৱা পথ আৰু গীতামন্দিৰৰ দিশৰ পৰা আৰ জি বৰুৱা পথ সংযোগী মাদাৰ টেৰেছা পথত যাতায়াত ব্যৱস্থাত ব্যাপক পৰিবৰ্তন হ’ব৷ মুকলিলৈ মাজতে মাত্ৰ চাৰিদিন বাকী থকা অৱস্থাত শনিবাৰে পৰ্যন্ত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ কাম প্ৰায় ৯৯ শতাংশ সম্পূৰ্ণ হৈছে৷ নিৰ্মাণ কাৰ্যৰ তদাৰকৰ দায়িত্বত থকা অভিযন্তাই জানিবলৈ দিয়া মতে উৰণীয়া সেতুৰ তলত সামান্য পথ মেৰামতি, সৌন্দৰ্যবৰ্ধনৰ কামকে ধৰি কিছু অৱশিষ্ট কামহে এতিয়া বাকী আছে৷ সেইখিনী ১৬ বা ১৭ অক্টোবৰৰ ভিতৰতেই সম্পূৰ্ণ কৰা হব৷ উল্লেখ্য যে গণেশগুৰীৰ দিশত উৰণীয়া সেতুখনৰ ওপৰ ভাগত থকা তিনিটা লেনৰ বহল হব ১০.৫ মিটাৰ৷ মাদাৰ টেৰেছা পথত থকা দুটা লেনৰ বহল হব ৭.৫ মিটাৰ৷ তেনেদৰে আৰ জি বৰুৱা পথ আৰু মাদাৰ টেৰেছা পথত তলৰ অংশখিনীৰ একোটা ফালে বহল হব ৫.৫ মিটাৰ৷ আৰ জি বৰুৱা পথৰ বাহিনী নদীৰ অংশখিনীক বাদ দি বাকখিনীত পদপথসহ পানী পৰিবাহী নলা নিৰ্মাণ কৰা হৈছে৷ ইতিমধ্যে লোকনিৰ্মাণ পথ বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব চন্দন শৰ্মা,  মুখ্য অভিযন্তা সঞ্জীৱ শ্যাম, অতিৰিক্ত মুখ্য অভিযন্তা দেৱজিৎ দাস, গুৱাহাটী চক্ৰৰ অধীক্ষক অভিযন্তা হেমন্ত দেউৰী ভৰালীয়ে নিৰ্মাণ কাৰ্যৰ তদাৰকৰ দায়িত্বত থকা অভিযন্তা সকলৰ সৈতে নিয়মীয়াভাৱে উৰণীয়া সেতুখন পৰিদৰ্শন কৰি আছে৷ আনকি বিগত কেইদিনত নিশাৰ ভাগত উৰণীয়া সেতুখনত বিভাগীয়ভাৱে গাড়ীচালনা কৰি কিবা ত্ৰুটি ৰৈ গৈছে নেকি তাক পৰীক্ষা কৰা হৈছে৷ ইফালে ১৯ অক্টোবৰৰ দিনা উৰণীয়া সেতুখন মুকলি উপলক্ষে বিয়লি পাঁচ বজাত জু-তিনিআলিৰ বৃন্দাবন গাৰ্ডেনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হব৷ ইফালে উৰণীয়া সেতুখনত অসমকে ধৰি উত্তৰ-পূবৰ থলুৱা জাতি-জনগোষ্ঠী সমূহৰ লোক কলা, লোক সংস্কৃতি, জীৱ-জন্তু, কৃষ্টি-সংস্কৃতি আদি প্ৰতিফলিত হয় তাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সৌন্দৰ্যবদ্ধৰ্নৰ নগত সেই চিত্ৰসমূহ অংকিত কৰাৰ ব্যৱস্থা কৰা হৈছে৷ উৰণীয়া সেতুখনত মুঠ ৫৮টা খুটা আছে৷ ইয়াৰে ৮টা আছে মাদাৰ টেৰেছা পথত আৰু ৫০টা আছে আৰ জি বৰুৱা পথত৷ ৫৮টা খুটাত সৌন্দৰ্যবদ্ধৰ্নৰ লগতে গড়, হাতী বাঘ, মুখাশিল্পীকে ধৰি আন যাৱতীয় চিত্ৰ অংকনৰ কাম প্ৰায় শেষ কৰা হৈছে৷ কেবাটাও প্ৰখ্যাত শিল্পী গোষ্ঠীয়ে চিত্ৰ অংকন আৰু সৌন্দৰ্যবদ্ধৰ্নৰ কাম সমূহ সম্পন্ন কৰিছে৷