Logo
image

খোমেইনিৰ ভাবুকিৰ মাজতে বাইডেনৰ ইজৰাইল আগমন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ অক্টোবৰঃ ইজৰাইলে উপৰ্যুপৰি ১১ দিন ধৰি বোমাবৰ্ষণেৰে পেলেষ্টাইনীৰ জনাকীৰ্ণ ক্ষুদ্ৰতম বাসভূমি গাজাত নৰসংহাৰ অব্যাহত ৰখাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইলকে ধৰি যুদ্ধবিধবস্ত অঞ্চল ভ্ৰমণ কৰাৰ সিদ্ধান্ত লোৱাত ইজৰাইলৰ পেলেষ্টাইন আক্ৰমণৰ ক্ষেত্ৰত যুদ্ধবিৰতিৰ এটা ক্ষীণ সম্ভাৱনা সৃষ্টি হৈছে৷ বুধবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন আহি ইজৰাইলত উপস্থিত হ’ব৷ মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে ইজৰাইলৰ উপৰি জৰ্ডান তথা মিছৰ ভ্ৰমণ কৰাৰো পূৰ্ণ সম্ভাৱনা আছে আৰু পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মহম্মদ আব্বাছকো সাক্ষাৎ কৰাৰ সিদ্ধান্ত লৈছে৷ অৱশ্যে বাইডেনে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মহম্মদ আব্বাছক এখন তৃতীয় ৰাষ্ট˜তহে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে৷ খুউব সম্ভৱতঃ বাইডেন আৰু মহম্মদ আব্বাছৰ সাক্ষাৎ নিৰপেক্ষ দেশ জৰ্ডন কিম্বা ইজৰাইলৰ ঘনিষ্ঠ দেশ মিছৰত হ’ব৷ কিয়নো বাইডেনে জৰ্ডানৰ কিং আব্দুল্লা আৰু মিছৰৰ ৰাষ্ট˜পতি আব্দেল ফাটাহ আল ছিছিক সাক্ষাৎ কৰিব বুলি হোৱাইট হাউছৰ সূত্ৰই প্ৰকাশ কৰিছে৷ হোৱাইট হাউছৰ মতে, বাইডেনে প্ৰথমেই ইজৰাইলত অৱতৰণ কৰি ৰাষ্ট্ৰপতি বেঞ্জামিন নেতান্যাহুক সাক্ষাৎ কৰিব৷ তাৰ পৰাই তেওঁ জৰ্ডানৰ আম্মানলৈ ৰাওনা হোৱাৰ কথা৷ জৰ্ডানত তেওঁ পেলেষ্টাইনৰ যুদ্ধবিধবস্ত অঞ্চললৈ মানৱীয় সাহায্য প্ৰেৰণ আৰু যুদ্ধৰ উপশম ঘটোৱাৰ বিষয়ত আলোচনা কৰিব৷ সেই আলোচনাতে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মহম্মদ আব্বাছে যোগ দিয়াৰ সম্ভাৱনা আছে৷ সম্ভৱতঃ আম্মানলৈকে মিছৰৰ ৰাষ্ট্ৰপতি ফাটেহ আল ছিছিও আহিব৷ বাইডেনৰ আগমনৰ পৰিপ্ৰেক্ষিতত ইজৰাইল-পেলেষ্টাইন যুদ্ধই শাম কটাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কিয়নো ইজৰাইলে স্থলভাগেৰে পেলেষ্টাইন আক্ৰমণ কৰিবলৈ উদ্যত হৈয়ো বাইডেনৰ ইংগিততে থমকি ৰৈছে৷ হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন কিৰ্বিয়ে ৰয়টাৰক কয়– ‘তেওঁ এটা বিষয় পৰিষ্কাৰ কৰি দিব যে আমেৰিকাই সদায় মানৱীয় বিষয়সমূহক অগ্ৰাধিকাৰ দিয়ে৷ অঞ্চলটোত থকা আমাৰ সংগী ইজৰাইলক পূৰ্ণ নিৰাপত্তা প্ৰদানৰ লগতে যুদ্ধত ক্ষতিগ্ৰস্ত নিৰপৰাধী লোকসকলে মানৱীয় সাহায্য লাভ কৰাটোও বাইডেনে নিশ্চিত কৰিব৷’
অৱশ্যে কেৱল পেলেষ্টাইনৰ যুদ্ধত ক্ষতিগ্ৰস্ত লোকৰ ত্ৰাণকৰ্তা হৈ মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে মধ্যপ্ৰাচ্য ভ্ৰমণৰ সিদ্ধান্ত লোৱা নাই৷ এই ভ্ৰমণৰ আঁৰত ইৰানৰ বাৰম্বাৰ ভাবুকি আৰু শেহতীয়াকৈ চীনে গ্ৰহণ কৰা ইজৰাইলৰ নিৰ্দয় আক্ৰমণবিৰোধী স্থিতিৰো প্ৰভাৱ আছে৷ ইৰানৰ ধৰ্মীয় নেতা তথা ৰাষ্ট˜প্ৰধান আয়াতোল্লা আলী খোমেইনিয়ে আজি প্ৰথমবাৰৰ বাবে ইজৰাইলৰ প্ৰতি হুংকাৰ দি কৈছে, যদিহে ইজৰাইলে পেলেষ্টাইনৰ ওপৰত আক্ৰমণ বন্ধ নকৰে, তেন্তে সমগ্ৰ মুছলিম বিশ্বই একগোট হৈ হাতত অস্ত্ৰ তুলি ল’বলৈ বাধ্য হ’ব৷ খোমেইনিয়ে হুংকাৰ দি কয়– ‘যদিহে জিয়’নিষ্টৰ অপৰাধ আৰু আক্ৰমণ পেলেষ্টাইনৰ বিৰুদ্ধে অব্যাহত থাকে, তেন্তে বিশ্বৰ কোনেও মুছলিম শক্তি আৰু ৰেজিষ্টেন্স এক্সিছক যুদ্ধত নমাৰ পৰা বিৰত কৰিব নোৱাৰিব৷ অবিলম্বে পেলেষ্টাইনত ইজৰাইলৰ বোমাবৰ্ষণ বন্ধ হওক৷ জিয়’নিষ্ট প্ৰশাসনৰ পেলেষ্টাইনৰ গাজাত কৰা এই অপৰাধৰ বিচাৰ হ’ব৷’ খোমেইনিয়ে ৰেজিষ্টেন্স এক্সিছ বুলি মধ্যপ্ৰাচ্যৰ সশস্ত্ৰ গোটসমূহৰ বিষয়ে বৰ্ণনা কৰে৷ ত্যৎপৰ্যপূৰ্ণভাৱে খোমেইনিৰ ভাবুকিৰ পাছতে বাইডেনৰ মধ্যপ্ৰাচ্য আগমণৰ বিষয়ে প্ৰকাশ কৰে মাৰ্কিন প্ৰশাসনে৷
অৱশ্যে কেৱল মানৱীয় কাৰণতে আমেৰিকাই ইউ-টাৰ্ণ লোৱা বুলি ধাৰণা কৰিব নোৱাৰি৷ ইজৰাইলৰ পেলেষ্টাইনৰ নিৰ্দোষী জনতাৰ ওপৰত চলোৱা আক্ৰমণৰ অত্যাচাৰে সীমা চেৰাই যোৱাত মধ্যপ্ৰাচ্যৰ অধিকাংশ মুছলিম দেশ ক্ষোভত উতলি উঠিছে৷ ইৰানে ইজৰাইলক ক্ষান্ত হ’বলৈ বাৰম্বাৰ সকীয়াই আছে৷ দেওবাৰে পুনৰ ইৰানৰ বৈদেশিক মন্ত্ৰী  হোছেইন আমিৰ আব্দুলাহিয়ানিয়ে ইজৰাইলক সকীয়নি দি কৈছিল– যদিহে জিঅ’নিষ্টৰ আগ্ৰাসন বন্ধ নহয়, তেন্তে এই অঞ্চলটোৰ বহু দলৰ আঙুলি বন্দুকৰ ট্ৰিগাৰত লাগি আছে৷ তদুপৰি দেওবাৰে চীনেও ইজৰাইলক সকীয়নি দি কৈছিল, ইজৰাইলৰ আত্মৰক্ষাৰ আক্ৰমণে সীমা চেৰাই গৈছে, তেওঁলোকে এয়া বন্ধ কৰা উচিত৷ ধাৰণা কৰা হৈছে, ইৰানৰ বাৰম্বাৰ সকীয়নি আৰু অৱশেষত চীনেও ইজৰাইলৰ বিৰুদ্ধে মন্তব্য কৰাৰ ফলতে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইলৰ স্থল আক্ৰমণৰ ক্ষেত্ৰত ইউ-টাৰ্ণ ল’বলৈ বাধ্য হ’ল৷ উল্লেখ্য, দেওবাৰে ইৰানে পুনৰ ইজৰাইলক সকীয়াই যুদ্ধৰ হুংকাৰ দিছিল৷ ইৰানৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুলাহিয়ানে দেওবাৰে ইজৰাইলক ক্ষান্ত হ’বলৈ পুনৰ আহ্বান জনাইছিল আৰু অন্যথা আন এক সীমান্তত দেশখন যুদ্ধৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিছিল৷ ইজৰাইলৰ আশংকা কৰিছিল, ইৰানে ছিৰিয়াৰ পৰা ইজৰাইলক আক্ৰমণ কৰিব পাৰে৷ ফলত ইজৰাইল পূৰ্ব সীমান্ততো আক্ৰমণৰ সন্মুখীন হোৱাৰ আশংকাই উদ্ভৱ হৈছিল৷ ইজৰাইলৰ দাবী, ইৰানে ইতিমধ্যে ছিৰিয়ালৈ অস্ত্ৰ আৰু সেনা প্ৰেৰণৰ প্ৰয়াস চলাইছে৷ সেই আশংকাত ইজৰাইলে শনিবাৰে ছিৰিয়াৰ এলেপ্পো বিমানবন্দৰ বোমা বিস্ফোৰনেৰে অকামিলা কৰি দিছিল৷ এনে পৰিস্থিতিত আমেৰিকাই দুখনকৈ অতি শক্তিশালী এয়াৰ ফৰ্চ কেৰিয়াৰেৰে ইজৰাইলক ভূমধ্যসাগৰৰ দিশৰ পৰা সুৰক্ষা প্ৰদানৰ চেষ্টা চলাই আছে৷ মাৰ্কিন প্ৰতিৰক্ষা মন্ত্ৰী  লয়ড অষ্টিনে দেওবাৰে কৈছিল–‘ ইজৰাইলৰ সুৰক্ষাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি লৌহবন্ধনৰ দৰে৷ সেইবাবেই ৱাশ্বিংটনে গাজাৰ কাষলৈ দুখন পৰমাণু অস্ত্ৰবাহী যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে, যাতে কোনেও ইজৰাইলক আক্ৰমণ কৰিবলৈ সাহ কৰিব নোৱাৰে৷’ নাম উচ্ছাৰণ নকৰিলেও ইৰানৰ ইজৰাইল আক্ৰমণৰ আশংকাতে যে জো বাইডেন চৰকাৰে দুখনকৈ বৃহৎ যুদ্ধ জাহাজেৰে ইজৰাইলক ভূমধ্য সাগৰৰ পৰা পহৰা দিছে, সেয়া লয়ড অষ্টিনৰ বক্তব্যত প্ৰকাশ পাইছে৷ ইপিনে ইমানদিনে এই যুদ্ধ সম্পৰ্কত কোনো মন্তব্য নকৰা চীনে দেওবাৰে কৈছিল– ইজৰাইলৰ আত্মৰক্ষাৰ প্ৰচেষ্টাই এতিয়া সীমা অতিক্ৰম কৰিছে৷ এতিয়া ইজৰাইলে পৰিস্থিতি আৰু প্ৰতিক্ৰিয়া বুজি নিজকে ক্ষান্ত কৰা প্ৰয়োজন৷ যুদ্ধৰ নৱম দিনত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইয়ে কৰা এই মন্তব্যই আগ্ৰাসী ইজৰাইলক স্থলভাগেৰে সামগ্ৰিক আক্ৰমণৰ ঠিক পূৰ্বে স্তম্ভিত কৰাৰ লগতে আমেৰিকাকো চিন্তিত কৰি তোলে৷ ইজৰাইলে পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত যুদ্ধৰ প্ৰথম ১০ দিনত ১০০০০টা বোমা নিক্ষেপ কৰিছে৷ যুদ্ধৰ প্ৰথম ছদিনত ইজৰাইলে গাজা অঞ্চলত ৬০০০টা বোমা বিমানৰ জৰিয়তে বিস্ফোৰণ ঘটোৱা বুলি দাবী কৰিছিল৷ আমেৰিকাই এই সম পৰিমাণৰ বোমা আফগানিস্তানত মুঠ এবছৰত বৰ্ষণ কৰিছিল৷ আফগানিস্তানৰ আয়তন গাজা ষ্ট্ৰিপৰ তুলনাত ১৮ গুণ ডাঙৰ৷ গাজা ষ্ট্ৰিপৰ মাটিকালি ৩৬৫ বৰ্গকিলোমিটাৰ হোৱাৰ বিপৰীতে আফগানিস্তানৰ মাটিকালি ৬৫২,৮৬০ বৰ্গকিলোমিটাৰ, য’ৰ বৃহৎ অংশ পাহাৰীয়া আৰু গাজা হৈছে এক মুক্ত আকাশৰ তলৰ সমতলভূমি৷ আফগানিস্তানত আমেৰিকাই ২০১০  চনত সৰ্বাধিক ৫৪১১ টা বোমাবৰ্ষণ কৰিছিল৷ আনহাতে ইজৰাইলে প্ৰথম ৬ দিনতে অৰ্থাৎ যোৱা শনিবাৰৰ পৰা বৃহস্পতিবাৰ পৰ্যন্ত গাজা অঞ্চলত বিস্ফোৰণ ঘটাইছে ৬০০০টা শক্তিশালী বোমা, য’ৰ প্ৰথম তিনিদিনত বোমাৰ সৈতে সংলগ্ন কৰা হৈছিল মাৰাত্মকভাৱে জলন্ত অগ্নিপিণ্ড হোৱাইট ফছফৰাছ৷ হোৱাইট ফছফৰাছৰ বোমাত ৮০০ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাৰ সৃষ্টি হয়, যি মানৱদেহ দুৰৰে, কথা, লোহাও গলাই দিব পাৰে৷