Logo
image

গাজাৰ হাস্পতালত এয়াৰষ্ট্ৰাইকত ৫০০ লোকৰ মৃত্যুঃ ঘটনাক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

ডিজিটেল ডেস্কঃ হামাছ আৰু ইজৰাইলৰ মাজত সংঘটিত হোৱা যুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ হামাছৰ আকস্মিক আক্ৰমণৰ পিছত গাজাত এয়াৰষ্ট্ৰাইক অব্যাহত ৰাখিছে ইজৰাইলে৷ ইজৰাইলী সেনাৰ ধাৰাসাৰ বোমা নিক্ষেপৰ ফলত গাজা এৰি যাবলৈ বাধ্য হৈছে লাখ লাখ পেলেষ্টাইনী নাগৰিকে৷ মঙলবাৰে নিশা গাজাৰ অল অহলি চিকিৎসালয়ত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়৷ চিকিৎসালয়খনত এয়াৰ ষ্ট্ৰাইকত কমেও ৫০০ জন লোকৰ প্ৰাণহানি হোৱাৰ আশংকা কৰা হৈছে৷ এই ঘটনাক সমগ্ৰ বিশ্বই গৰিহণা দিছে৷ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ 


ঘটনাক লৈ প্ৰতিক্ৰিয়া দি প্ৰধানমন্ত্ৰী মোদীয়ে এক্স'ত কয়, "গাজাৰ অল অহলি চিকিৎসালয়ত প্ৰাণ হেৰুওৱা সকললৈ গভীৰ শোক প্ৰকাশ কৰিছোঁ। মৃতকৰ পৰিয়াললৈ সমবেদনা আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। এই যুদ্ধত অসামৰিক লোকৰ মৃত্যু চিন্তাৰ বিষয়। এই আক্ৰমণৰ বাবে দায়ীসকলক এৰি দিয়া উচিত নহয়।" 

উল্লেখ্য যে হামাছে এই আক্ৰমণৰ বাবে ইজৰাইলক দোষাৰোপ কৰিছে। হামাছে ইজৰাইলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ সময়তে ইজৰাইলৰ সামৰিক বাহিনীয়ে এই আক্ৰমণ গাজাৰ সন্ত্ৰাসবাদী গোট ইছলামিক জিহাদে সংঘটিত কৰা বুলি দাবী কৰিছে। ইফালে ইজৰাইলৰ দাবীৰ পিছতে ইছলামিক জিহাদে কয় যে ইহুদী শত্ৰুৱে মিছা কথাৰ জৰিয়তে গাজাৰ আৰৱ ৰাষ্ট্ৰীয় চিকিৎসালয়ত বিস্ফোৰণ সংঘটিত কৰি নিৰ্মমভাৱে কৰা গণহত্যাৰ বাবে বিশ্ববাসীৰ গৰিহণাৰ পৰা ৰক্ষা পাবলৈ যথাসাধ্য চেষ্টা কৰিছে। এই আক্ৰমণৰ বাবে সমগ্ৰ বিশ্বতে ইজৰাইলক গৰিহণা দিয়া হৈছে।