Logo
image

গাজাৰ অল-অহলি চিকিৎসালয়ত এয়াৰষ্ট্ৰাইকঃ কমেও ৫০০ লোকৰ মৃত্যু

ডিজিটেল ডেস্কঃ ইজৰাইল-হামাছৰ যুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে এই যুদ্ধত শ শ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে। মঙলবাৰে নিশা গাজাৰ অল-অহলি চিকিৎসালয়ত এয়াৰষ্ট্ৰাইক চলোৱা হয়৷ এই ভয়াৱহ আক্ৰমণত কমেও ৫০০ লোকৰ মৃত্যু হোৱা বুলি হামাছৰ স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰিছে। এই ভয়ংকৰ আক্ৰমণৰ বাবে  হামাছে ইজৰালক দোষাৰূপ কৰাৰ বিপৰীতে ইজৰাইলে এই অভিযোগ নসাৎ কৰি পেলেষ্টাইনৰ ইছলামিক সংগঠন ইছলামিক জিহাদে এই আক্ৰমণ সংঘটিত কৰা বুলি দাবী কৰিছে৷ উল্লেখ্য যে এই ভয়ংকৰ আক্ৰমণৰ পিছত বহু লোক এতিয়াও চিকিৎসালয়খনৰ ধ্বংসস্তুপৰ তলতেই আৱদ্ধ হৈ আছে ৷

পেলেষ্টাইন সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলত আকস্মিক আক্ৰমণ কৰাৰ পিছতেই প্ৰায় ১১ দিন ধৰি দুয়োপক্ষৰ মাজত ভয়াৱহ আক্ৰমণ অব্যাহত আছে ৷ এই যুদ্ধৰ ফলত ২.২ নিযুত লোকৰ বাসস্থান ধ্বংসগ্ৰস্ত  হৈছে ৷ ইফালে উত্তৰ গাজাৰ পৰা লাখ লাখ পেলেষ্টাইনী নাগৰিকে ঘৰ-দুৱাৰ এৰি পলায়ন কৰিছে ৷

উল্লেখ্য যে যুদ্ধৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইল ভ্ৰমণৰ লগতে জৰ্ডানৰ ৰাজধানী অম্মানত আয়োজন এখন সন্মিলনত অংশগ্ৰহণ  পৰিকল্পনা কৰিছিল৷ কিন্তু গাজাৰ চিকিৎসালয়ত হোৱা ভয়াৱহ আক্ৰমণৰ পিছতেই সন্মিলনখন বাতিল কৰা হয়।