Logo
image

অসমৰ ৫জনলৈ ৰজত কমল

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ১৮ অক্টোবৰঃ দিল্লীৰ বিজ্ঞান ভৱনত মঙলবাৰে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা প্ৰদান কৰা হয়৷ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে বিজয়ীসকলক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে৷ এইবাৰ অসমে লাভ কৰে ৫ টাকৈ ৰজত কমল বঁটা৷ অসমীয়া ছবি ‘অনুৰ’ বাবে শ্ৰেষ্ঠ প্ৰযোজকৰ বঁটা লাভ কৰে ডাঃ গোপেন্দ্ৰ মোহন দাস আৰু শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে মঞ্জুল বৰুৱাই৷ আনহাতে, ‘অনুৰ’ ছবিৰ অভিনেত্ৰী ডাঃ জাহানাৰা বেগমে জুৰীৰ বিশেষ উল্লেখ বঁটা লাভ কৰে৷ মিচিং ভাষাত শ্ৰেষ্ঠ ছবিৰ বাবে লুইত বৰ্মন প্ৰযোজিত আৰু বিশ্বজিৎ বৰা পৰিচালিত ‘বোম্বা ৰাইড’এ ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ নৃগোষ্ঠীয় ছবিৰ শিতানত ‘ফায়াৰ অন দ্য এড্‌জ’ৰ বাবে প্ৰযোজক পৰিচালক সুজিৎ দেৱনাথে ৰাষ্ট্ৰীয়  বঁটা লাভ কৰে৷ আনহাতে, সামাজিক বিষয়ক লৈ নিৰ্মাণ হোৱা ৰীমা বৰাৰ পৰিচালিত ‘অনুনাদ’এ ৰজত কমল বঁটা লাভ কৰে আৰু ‘হাতীবন্ধু’ তথ্যচিত্ৰৰ বাবে কুলদা কুমাৰ ভট্টাচাৰ্যই শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰ বঁটা লাভ কৰে৷ উল্লেখ্য, এই ৰাষ্ট্ৰীয়  চলচ্ছিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত কুলদা কুমাৰ ভট্টাচাৰ্য অনুপস্থিত থাকে৷ আন কেইগৰাকী প্ৰযোজক-পৰিচালক তথা অভিনেতাই আনুষ্ঠানিকভাৱে এই বঁটা গ্ৰহণ কৰে৷ অসমে ছটাকৈ ৰাট্ৰীয় বঁটা লাভ কৰাটো অত্যন্ত গৌৰৱৰ বিষয়ৰূপে পৰিগণিত হৈছে৷ এই ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাত আৰ মাধৱনৰ ছবি ‘ৰকেটৰীঃ দ্য নাম্বি ইফেক্ট’এ এইবাৰ শ্ৰেষ্ঠ বৈশিষ্টপূৰ্ণ ছবিৰ সন্মান লাভ কৰাৰ বিপৰীতে আল্লু অজুৰ্নে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা প্ৰথমজন তেলেগু অভিনেতা হিচাপে পৰিগণিত হয়৷ ‘পুষ্পাঃ দ্য ৰাইছ’ ছবিখনত অভিনয় কৰি তেওঁ এই বঁটা লাভ কৰে৷ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটাৰ বাবে ‘গংগুবাই কঠীয়াৱাদী’ৰ বাবে আলিয়া ভাট আৰু ‘মিমি’ৰ বাবে কৃতী ছাননক যৌথ বিজয়ী হিচাপে বঁটা প্ৰদান কৰা হয়৷ অস্কাৰ বিজয়ী সংগীত সুৰকাৰ এম এম কিৰাভানীয়েও ‘আৰ আৰ আৰ’ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে৷ অভিলেখ ভংগকাৰী ব্লকবাষ্টাৰ ছবিখনে  জনপ্ৰিয় ছবি প্ৰদান কৰাৰ বাবে শ্ৰেষ্ঠ মনোৰঞ্জন বঁটাও লাভ কৰিবলৈ সক্ষম হয়৷