Logo
image

বাংলাদেশৰ সন্মুখত আজি ভাৰত

পুনে, ১৯  অক্টোবৰঃ বিশ্বকাপৰ আজিৰ খেলত বাংলাদেশৰ সন্মুখীন হ’ব ভাৰতীয় ক্ৰিকেট দল৷ প্ৰতিযোগিতাখনত এই পৰ্যন্ত কৰা প্ৰদৰ্শন লক্ষ্য কৰি আজিৰ মেচখনত ভাৰতেই ফেৱৰিট হিচাপেই খেলপথাৰত নামিব বুলি ক’ব পাৰি৷ অৱশ্যে, শেহতীয়া চাৰিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত বাংলাদেশে ভাৰতক তিনিবাৰ পৰাস্ত কৰিছে৷ ইয়াৰে এবাৰ এছিয়া কাপৰ ছুপাৰ ফ’ৰৰ মেচত আৰু দুবাৰ ২০২২ চনৰ ডিচেম্বৰত অনুষ্ঠিত দ্বিপাক্ষিক শৃংখলাৰ খেলত৷ চলিত বিশ্বকাপত আফগানিস্তান আৰু নেডাৰলেণ্ডছৰ দৰে দলে ফেৱৰিট দলক পৰাস্ত কৰি ক্ৰিকেট বিশেষজ্ঞৰ হিচাপ-নিকাচ ওলট-পালত কৰি দিছে৷ আফগানিস্তানে ইংলেণ্ডক পৰাস্ত কৰি চমক দিয়াৰ পাছত মঙলবাৰে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি আন এক অঘটন ঘটাইছে নেডাৰলেণ্ডছে৷ ভাৰতে স্বাভাৱিকতেই তেনে ধৰণৰ অপ্ৰত্যাশীত ফলাফলৰ সন্মুখীন নোহোৱাকৈ বৃহস্পতিবাৰে জয়ৰ ধাৰা ৰক্ষা কৰাৰ প্ৰয়াস চলাব৷ বেটিঙত অধিনায়ক ৰোহিতে নিশ্চয় নিজৰ দমনীয় প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব বিচাৰিব৷ টপ অৰ্ডাৰ বেটাৰ শুভমন গীল আৰু বিৰাট কোহলিয়েও ডাঙৰ ইনিংছ খেলিব বুলি আশা কৰা হৈছে৷ পাকিস্তানৰ বিৰুদ্ধে ৮৬ আৰু আফগানিস্তাৰ বিৰুদ্ধে ১৩১ ৰান কৰি দমনীয় প্ৰদৰ্শন দাঙি ধৰিছে ৰোহিতে৷ বুধবাৰৰ খেলৰ আগলৈকে পইণ্ট তালিকাৰ শীৰ্ষত আছে ভাৰত৷ আজি জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি শীৰ্ষত বাহাল থকাৰ প্ৰয়াস চলাব ভাৰতে৷ কোহলিয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮৫ আৰু আফগানিস্তানৰ বিৰুদ্ধে ৫৫ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল৷ বাংলাদেশৰ বিৰুদ্ধে বৃহৎ ইনিংছ খেলাৰ অপেক্ষাত প্ৰাক্তন অধিনায়কজন৷ পাকিস্তানৰ বিৰুদ্ধে অপৰাজিত অৰ্ধশতক অৰ্জন কৰিছিল শ্ৰেয়স আয়াৰে৷ তেৱোঁ আন এক উজ্জীৱিত প্ৰদৰ্শনৰ অপেক্ষাত৷ মহাৰাষ্ট্ৰ ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত ফেৱৰিট হিচাপে খেলপথাৰত নামিব লগা ভাৰতীয় দলৰ বলিং বিভাগৰ পৰাও ভাল প্ৰদৰ্শন আশা কৰা হৈছে৷ পূৰ্বৰ দুখন মেচত ভাৰতে অষ্ট্ৰেলিয়াক ১৯৯ আৰু পাকিস্তানক ১৯১ ৰানত সীমাবদ্ধ ৰখিবলৈ সক্ষম হৈছিল৷ আনহাতে, বৃহস্পতিবাৰে দলত স্থান পাবলৈ হ’লে আঘাত অতিক্ৰম কৰিব লাগিব বাংলাদেশৰ অধিনায়ক শ্বাকিব আল হাছানে৷ মঙলবাৰে দলৰ অনুশীলনৰ সময়ত শ্বাকিবে বলিং কৰা নাছিল৷ বিশ্বকাপত এইপৰ্যন্ত এখনত জয় আৰু দুখনত পৰাজয়ৰ সন্মুখীন হোৱা বাংলাদেশে ভাৰতৰ বিৰুদ্ধে সাৱধনতা অৱলম্বন কৰিব৷ দলটোৰ কেৱল মুছফিকুৰ ৰহিমে মিডল অৰ্ডাৰত প্ৰদৰ্শন আগবঢ়াইছে৷ লিটন দাস আৰু মেহিদী হাছান মিৰাজ উভয়েই প্ৰথম তিনিখন খেলত মাত্ৰ এটাকৈ অৰ্ধশতক অৰ্জন কৰিছে৷ নজমুলহোছেইন শ্বাণ্টো আৰু তৌহিদ হৃদয়ে অধিক উন্নত প্ৰদৰ্শন আগবঢ়াব লাগিব৷ দলৰ বলাৰ তাস্কিন আহমেদ আৰু মুস্তাফিজুৰ ৰহমানেও প্ৰদৰ্শনৰ উত্তৰণ ঘটোৱাৰ প্ৰয়োজন আছে৷