Logo
image

দেশ ‘শক্তিহীন’ হোৱাৰ মূলতে আদানিৰ দুৰ্নীতি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ অক্টোবৰঃ ২০২৪ চনত যদি কংগ্ৰেছ কেন্দ্ৰত ক্ষমতাত অধিষ্ঠিত হয়, তেন্তে বিজেপিৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানিৰ সদ্য উন্মোচিত কয়লা কেলেংকাৰিৰ তদন্ত কৰিব বুলি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দাবী কৰিছে৷ বুধবাৰে এখন সংবাদমেলত গৌতম আদানিয়ে মুকলিকৈ চুৰি কৰা বুলি অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে কয়– একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদানিক সুৰক্ষা প্ৰদান কৰি আছে৷ তাৰ ফলতে আদানিৰ কয়লা কেলেংকাৰিৰ কোনো তদন্ত হোৱা নাই৷ ৰাহুল গান্ধীয়ে ব্ৰিটিছ সংবাদপত্ৰ ‘দ্য ফাইনেন্সিয়েল টাইম্‌ছ’ত প্ৰকাশিত আদানিৰ কয়লা কেলেংকাৰি সন্দৰ্ভত বাতৰিৰ ভিত্তিত এই অভিযোগ উত্থাপন কৰে৷ ব্ৰিটিছ সংবাদপত্ৰখনৰ মতে আদানিয়ে ভুৱা ‘ইনভইচ’ প্ৰদৰ্শন কৰি তেওঁ অধিক মূল্যত বিদেশৰ পৰা কয়লা ক্ৰয় কৰা দেখুৱাই দেশৰ তাপবিদ্যুৎ কেন্দ্ৰত অধিক মূল্যত কয়লা বিক্ৰী কৰি আছে৷ ফলত ভাৰতৰ সকলো ৰাজ্যত বিদ্যুতৰ মূল্য বৃদ্ধি হৈছে৷ এয়া আদানিৰ মুক্ত চুৰিকাৰ্য বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰে৷ ৰাহুল গান্ধীৰ দাবী, দেশত বিদ্যুৎ মূল্যবান হৈ পৰাৰ বাবে একমাত্ৰ আদানিয়েই দোষী৷ তেওঁ বিদেশৰ পৰা কম মূল্যত কয়লা ক্ৰয় কৰিলেও ভাৰতত বিক্ৰী কৰাৰ সময়ত ভুৱা ‘ইনভইচ’ প্ৰদৰ্শন কৰি অধিক মূল্যত কয়লা ক্ৰয় কৰা দেখুৱায় আৰু তাৰ আধাৰত অধিক দাম সংগ্ৰহ কৰে৷ ইয়াৰ ফলত দেশত বিদ্যুতৰ মূল্য আকাশলংঘী হৈ পৰিছে৷