Logo
image

পাকিস্তানৰ সন্মুখত আজি অষ্ট্ৰেলিয়াৰ প্ৰত্যাহ্বান

বেংগালুৰু, ২০ অক্টোবৰঃ বৰ্তমানৰ পাকিস্তান ক্ৰিকেট দলৰ অধিকাংশ সদস্যৰে পূৰ্বে ভাৰতত খেলাৰ অভিজ্ঞতা নাই৷ বিশ্বকাপৰ প্ৰথম দুখন খেল দলটোৱে খেলিছিল হায়ৰাবাদত৷ হায়দৰাবাদত পোৱা আতিথ্য আৰু ক্ৰিকেটপ্ৰেমীৰ পোৱা সমৰ্থনে ক্ৰিকেটাৰসকলক মুগ্ধ কৰিছিল৷ কিন্তু আহমেদাবাদত চিৰন্তন প্ৰতিদ্বন্দ্বী ভাৰতৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নমাৰ সময়ত দলটো সন্মুখীন হৈছিল পৃথক পৰিৱেশৰ৷ বিশ্বকাপৰ প্ৰথম দুখন খেলত জয়ী হোৱাৰ পাছত আহমেদাবাদত ভাৰতৰ হাতত পৰাস্ত হৈছিল বাবৰ আজমৰ পাকিস্তান দলটো৷ এনে পৰিস্থিতিত বেংগালুৰুত কাইলৈ পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগীয়া খেলখন পাকিস্তানৰ বাবে হৈ পৰিছে যথেষ্ট গুৰুত্বপূৰ্ণ৷ অষ্ট্ৰেলিয়াৰো টুৰ্নামেণ্টখনত আৰম্ভণি বৰ সন্তোষজনক নহয়৷ দলটো প্ৰথম খেলত ভাৰতৰ হাতত আৰু তাৰ পাছত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছে৷ অৱশ্যে তাৰ পাছত পেট কামিন্‌ছ নেতৃত্বাধীন দলটোৱে পৰাস্ত কৰিছে শ্ৰীলংকাক৷ তিনিখন খেলৰ পৰা দুই পইণ্টেৰে দলটো আছে পইণ্ট তালিকাৰ সপ্তম স্থানত৷ এনে স্থিতিত অষ্ট্ৰেলিয়াৰো লক্ষ্য হ’ব প্ৰতিটো দিশতে প্ৰদৰ্শন উন্নত কৰি প্ৰতিযোগিতাত তিষ্ঠি থকা৷ আন এখন খেলত পৰাস্ত হ’লে অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেলৰ পথ অধিক কঠিন হৈ পৰিব পাৰে৷ জোছ ইংলিছৰ বাহিৰে অষ্ট্ৰেলিয়াৰ কোনো এজন বেটাৰে এতিয়ালৈকে অৰ্ধশতকীয় ইনিংছ খেলিব পৰা নাই৷ বলিঙত মিচেল ষ্টাৰ্ক, আডাম জাম্পা আৰু জোছ হেজেলউদৰ প্ৰদৰ্শন আশানুৰূপ হ’লেও অধিনায়ক পেট কামিন্‌ছৰ প্ৰদৰ্শন বৰ সন্তোষজনক নহয়৷ 

বিশ্বকাপত এতিয়ালৈকে অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে দহবাৰ৷ ছখন খেলত অষ্ট্ৰেলিয়া জয়ী হোৱাৰ বিপৰীতে পাকিস্তান জয়ী হৈছে চাৰিখনত৷ ইপিনে, পাকিস্তান দলটোৰ বেটিঙত ধাৰাবাহিকতাৰঅভাৱ দেখা গৈছে৷  অ’পেনাৰ ইমামূল হকে এতিয়ালৈকে আশানুৰূপ প্ৰদৰ্শন দেখুৱাব পৰা নাই৷ অধিনায়ক বাবৰ আজমে ভাৰতৰ বিৰুদ্ধে অৰ্ধশতকীয় ইনিংছ খেলিলেও নেদাৰলেণ্ডছ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ সফল হ’ব পৰা নাছিল৷ মিডল অৰ্ডাৰত মহম্মদ ৰিজৱানৰ প্ৰদৰ্শন এতিয়ালৈকে যথেষ্ট সন্তোষজনক৷ কিন্তু তেওঁৰ লগতে ছাউদ শ্বাকীল আৰু ইফটিকাৰ আহমেদৰ পৰাও টীম মেনেজমেণ্টে বিচাৰিব উন্নত প্ৰদৰ্শন৷ ইপিনে, বলিং বিভাগত পাকিস্তানৰ পেচ আক্ৰমণ অত্যধিক নিৰ্ভৰশীল হ’বলগীয়া হৈছে শ্বাহিন শ্বাহ আফ্ৰিদীৰ ওপৰত৷ নাছিম শ্বাহৰ অনুপস্থিতিৰ প্ৰভাৱ পৰিছে দলটোত৷ লেগ স্পিনাৰ শ্বাদব খান বেটিং আৰু বলিং দুয়োটা বিভাগতে ব্যৰ্থ৷ হৈছে৷ তেনে স্থিতিত তেওঁৰ স্থানত অছামা মীৰক সুযোগদিয়াৰ বিষয়ে ভাবিব পাৰে টীম মেনেজমেণ্টে৷