Logo
image

অসমত মুঠ ১০ হাজাৰৰ বিপৰীতে বাংলাদেশত ৩২ হাজাৰৰো অধিক দুৰ্গাপূজা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱক লৈ উখল-মাখল সমগ্ৰ ৰাজ্য৷ দুৰ্গতিনাশিনী দেৱী মা দুৰ্গাক আৰাধনাৰ বাবে আধ্যাত্মিকতাৰ মাজতে জাক-জমকতাৰে সাজু কৰি তোলা হৈছে পূজাৰ মণ্ডপ৷ ঐতিহাসিক দৌল-দেৱালয়ৰ পৰা আৰম্ভ কৰি ব্যক্তি বিশেষে ঘৰুৱাভাৱে পৰম্পৰা ৰীতি-নীতিৰ মাজেৰে দুৰ্গা পূজাৰ আয়োজনক লৈ ব্যস্ত হৈ পৰিছে৷ শদিয়াৰ পৰা ধুবুৰীলৈ সৰ্বত্ৰ এতিয়া দুৰ্গা পূজাৰ উছাহ৷ বৰাক উপত্যকাৰৰ বাঙালি হিন্দুকে ধৰি সমগ্ৰ অসমত জনসংখ্যাৰ ফালৰ পৰা হিন্দু সংখ্যাগুৰু যদিও অসমত দুৰ্গা পূজা আয়োজনৰ সংখ্যা হৈছে মাত্ৰ ১০ হাজাৰ৷ কিন্তু অসমৰ গাতে লাগি থকা হিন্দু সংখ্যালঘু ৰাষ্ট্ৰ বাংলাদেশত দুৰ্গা পূজাৰ সংখ্যা অসমতকৈ তিনিগুণৰো অধিক৷ বাংলাদেশ গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ৰাজধানী ঢাকাসহ সমগ্ৰ দেশখনত এইবাৰ ৩২ হাজাৰ ৪০৭খন দুৰ্গা পূজাৰ আয়োজন কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে হিন্দুৰ ওপৰত নিৰ্যাতন আৰু মুছলমান দুবৃৰ্ত্তই মঠ-মন্দিৰ ভঙাৰ খবৰে সংবাদ শিৰোনাম দখল কৰি অহাৰ সময়ত বাংলাদেশত প্ৰতিবছৰে দুৰ্গা পূজাৰ সংখ্যা বৃদ্ধি পাইহে আহিছে৷ বিগত বৰ্ষৰ তুলনাত এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰখনত ২৪০ খন পূজা বৃদ্ধি পাইছে৷ অৰ্থাৎ ২০২২ চনত বাংলাদেশত সৰ্বমুঠ ৩২ হাজাৰ ১৬৮ খন পূজা অনুষ্ঠিত হৈছিল৷ লক্ষণীয়ভাৱে এইবাৰ বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাতে ২৪৪খন পূজাৰ আয়োজন কৰা হৈছে৷ উল্লেখ্য, বাংলাদেশত হিন্দুৰ মঠ-মন্দিৰৰ ওপৰত প্ৰায়ে আক্ৰমণ চলিলেও সনাতন ধৰ্মাৱলম্বী সংখ্যালঘু লোকৰ দুৰ্গা পূজাক বাংলাদেশ চৰকাৰে জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে৷ অৱশ্যে দুৰ্গা পূজাক কেন্দ্ৰ কৰি ঠায়ে ঠায়ে মুছলমান লোকে পূজাৰ মণ্ডপ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ চলোৱা ঘটনা সংঘটিত হৈ অহাত এইবাৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে বাংলাদেশ চৰকাৰে৷ ৰাষ্ট্ৰখনৰ গৃহমন্ত্ৰী আছাদুজ্জামান খান কামালে পূজাৰ সময়ছোৱাত যাতে কোনো আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাক নিশ্চিত কৰিবলৈও নিৰাপত্তা বাহিনীক কঠোৰ নিৰ্দেশ দিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে ২০২১ চনত দুৰ্গা পূজাত বাংলাদেশত পূজাৰ মণ্ডপত দুষ্কৃতিকাৰীয়ে ইছলামৰ পৱিত্ৰ কোৰাণ ৰখাক কেন্দ্ৰ কৰি গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ এই ঘটনাক কেন্দ্ৰ কৰি বহু মন্দিৰৰ ওপৰত আক্ৰমণ চলাৰ লগতে কেইবাজনো হিন্দু নাগৰিকৰ মৃত্যু হৈছিল৷ অৱশ্যে চলিত বৰ্ষতো বিগত ১৭ ছেপ্টেম্বৰত একাংশ দুবৃৰ্ত্তই এটা হিন্দু মন্দিৰৰ প্ৰতীমা ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰিছিল৷ বাংলাদেশৰ মানৱাধিকাৰ আয়োগৰ তথ্য অনুসৰি চলিত বৰ্ষত জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ পৰ্যন্ত দেশখনত ২৫টা মন্দিৰৰ প্ৰতিমা লণ্ড-ভণ্ড কৰাৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এই সংঘৰ্ষত ১৩জন হিন্দু লোক আহত হৈছিল৷ তদুপৰি ২০১৩ চনৰ পৰা ২০২১ চন পৰ্যন্ত বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত ৩,৬৫৮টা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷ এই ঘটনাত ১ হাজাৰ ৬৭৮টা মন্দিৰৰ প্ৰতিমা ভাঙি পেলাইছে দুবৃৰ্ত্তই৷ এইবাৰ যাতে পূজাত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে ডায়েল ৯৯৯ জৰুৰী সেৱা নম্বৰ মুকলি কৰিছে বাংলাদেশ আৰক্ষীয়ে৷ কিন্তু ইয়াৰ পাছতো বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাই হিন্দু লোকসকলক পূজা উদ্‌যাপনত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰিছে৷ লক্ষণীয়ভাৱে মুছলমান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰ বাংলাদেশত হিন্দুৰ জনসংখ্যা হৈছে ১.৩৮ কোটি৷ অৰ্থাৎ মুছলমানৰ বিপৰীতে বাংলাদেশত হিন্দুৰ হাৰ হৈছে মাত্ৰ জ্জ্ব শতাংশ৷ ইয়াৰ বিপৰীতে ভাৰতৰ এখন ৰাজ্য হিচাপে অসমৰ মুঠ সংখ্যা প্ৰায় ৩ কোটি যদিও হিন্দুৰ সংখ্যা হৈছে ১.৯০ কোটি৷ অৰ্থাৎ বাংলাদেশতকৈ অসমত হিন্দুৰ সংখ্যা ৫০ লাখ বেছি৷ অৱশ্যে অসমৰ সকলো লোক শাক্ত ধৰ্মীয় নহয় বাবেই দুৰ্গা পূজা আয়োজনৰ সংখ্যাও কম৷ গুৱাহাটীত এইবাৰ প্ৰায় ৫০০ খন পূজাৰ আয়োজন কৰাৰ বিপৰীতে নগাঁও আৰু হোজাই জিলাত প্ৰায় ৪০০ খন পূজা অনুষ্ঠিত হ’ব৷ বঙাইগাঁও, ডিব্ৰুগড়, শোণিতপুৰ আদি জিলা গড়ে ১৫০ খনকৈ পূজাৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে৷

শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷  এক শুভেচ্ছা বাৰ্তাত মুখ্যমন্ত্ৰী  শৰ্মাই কয় যে প্ৰাচীন কালৰে পৰা ভাৰতত দেৱী পূজাৰ পৰম্পৰা চলি আহিছে৷ পুৰাণ, উপনিষদ আদি  সনাতন আধ্যাত্মিক গ্ৰন্থসমূহৰ মাজেৰে দেৱী পূজাই মাহাত্ম্য লাভ কৰিছিল৷ বৈদিক যুগৰে পৰা অসুৰ বিনাশকাৰিণী দুৰ্গাক হিন্দুৱে জ্যোতিৰ্ময়ী মাতৃ-মূৰ্তি ৰূপে পূজা কৰি আহিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে দুৰ্গা পূজাৰ লগত ভক্তি, শ্ৰদ্ধা আৰু সাধনাৰ প্ৰাবল্য আছে৷ এই উৎসৱ পালনৰ জৰিয়তে মানুহৰ মাজত সামাজিক, নৈতিক আৰু আধ্যাত্মিক বান্ধোন সুদৃঢ় হয়৷ দুৰ্গা পূজাৰ অন্তৰ্নিহিত বৈশিষ্ট্যই মানুহৰ মাজত শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধৰ বান্ধোন আৰু সংহতি কঢ়িয়াই আনে৷ দেৱ-দেৱীৰ পূজা-অৰ্চনাই আমাক মানৱতাবোধৰ দিশেৰে জীৱন পৰিচালিত কৰিবলৈ উদ্বুদ্ধ কৰে৷ শৰৎ কালৰ দেৱীৰ উপাসনা হ’ল অপশক্তি নাশেৰে সত্যক প্ৰতিষ্ঠা কৰা এক যুগজয়ী উৎসৱ৷ মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে শাৰদীয় দুৰ্গোৎসৱে আমাৰ মাজত বৰ্তি থকা শান্তি, সম্প্ৰীতি, প্ৰেম তথা ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ দিশত সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে অনুপ্ৰাণিত কৰিব৷

পাণ্ডুঘাটৰ বিসৰ্জন ঘাট পৰিদৰ্শন মহানগৰ জিলা আয়ুক্তৰ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ গুৱাহাটী মহানগৰীত আগন্তক দুৰ্গা পূজা আৰু পূজাৰ পাছত দেৱী প্ৰতিমা ব্ৰহ্মপুত্ৰ নদীৰ নিদিষ্ট ঘাটত বিসৰ্জন প্ৰক্ৰিয়া যাতে শৃংখলাবদ্ধভাৱে সম্পন্ন হয় তাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে তৎপৰতা আৰম্ভ কৰিছে৷ ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে গুৱাহাটীৰ অন্যতম বিসৰ্জনঘাট হিচাপে পৰিচিত পাণ্ডুঘাটৰ প্ৰতিমা বিসৰ্জন ঘাট পৰিদৰ্শন কৰে কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি প্ৰশাসন আৰু মহানগৰ আৰক্ষীৰ পশ্চিম গুৱাহাটী জিলাৰ উপ-আৰক্ষী আয়ুক্তসহ এটা আৰক্ষীৰ দলে৷ বিজয়া দশমী আৰু তাৰ পাছদিনা কেনেদৰে শৃংখলাবদ্বভাৱে দেৱী প্ৰতিমা বিসৰ্জন দিয়া হ’ব তাৰ বুজ লয় দলটোৱে৷ পৰিদৰ্শন কালত দলটোক সহযোগ কৰে পাণ্ডুঘাট বিসৰ্জন কমিটীৰ সভাপতি নিমাই চন্দ্ৰ দাস, কাৰ্যকৰী সভাপতি কমল দে, সাধাৰণ সম্পাদক দ্বিজেন লহকৰ, কোষা¸ধক্ষ্য নিৰোদ ৰায়কে ধৰি আন বিষয়ববীয়াসকলে৷ জানিব পৰামতে এইবেলি গুৱাহাটী পশ্চিম আৰক্ষী জিলা এলেকাত ১০১খন দুৰ্গা পূজা অনুষ্ঠিত হ’ব৷ ইয়াৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷ পূজাৰ কেইদিনত নিৰাপত্তাৰ দিশতো আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে৷ 

বঙাইগাঁৱত দোকান-বজাৰত গ্ৰাহকৰ ভিৰ

‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ বিশেষ প্ৰতিনিধিঃ শাৰদীয় দুৰ্গা পূজালৈ দুদিন বাকী থকা অৱস্থাত ব্যৱসায়িক চহৰ বঙাইগাঁৱত দুৰ্গা পূজাক কেন্দ্ৰ কৰি উছৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে৷ বৃহৎ বাজেটৰ সাৰ্বজনীন দুৰ্গা পূজাৰ স’তে ফেৰ মাৰিব গৈ আৱাসিক পূজাও বেছ জাকজমকপূৰ্ণভাৱে উদ্‌যাপন কৰা হ’ব৷ উল্লেখ্য, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সমগ্ৰ বঙাইগাঁও জিলাতে সাৰ্বজনীন দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি অব্যাহত আছে৷ এইবেলি জিলাখনত ১৫০খন দুৰ্গা পূজা অনুষ্ঠিত হ’ব৷ দুৰ্গা পূজাৰ বাবে জিলা প্ৰশাসনে পূজা সমিতিসমূহক কেতবোৰ নীতি-নিয়ম বান্ধি দিছে৷ পূজাত যাতে কোনো  বিঘিনী ঘটিব নোৱাৰে তাৰ বাবে প্ৰশাসনে তৎপৰতা অৱলম্বন কৰিছে৷ দুৰ্গোৎসৱক লৈ বঙাইগাঁৱত পূজা সমিতিসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে৷ চহৰৰ ঠায়ে ঠায়ে আটকধুনীয়াকৈ পূজা মণ্ডপসমূহৰ নিৰ্মাণকাৰ্য চলি আছে৷ এটা নিৰ্দিষ্ট থিম লৈ পূজাৰ মণ্ডপসমূহ নিৰ্মাণ কৰি আছে৷ বঙাইগাঁও চহৰৰ মিছনপাৰা পূজা সমিতিয়ে ম্যানমাৰত অৱস্থিত বৌদ্ধ মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ কৰি তু্‌লিছে৷ এইবেলি  মিছনপাৰা পূজা সমিতিয়ে সুশৃংখলভাৱে ৰূপালী বৰ্ষৰ পূজা অনুষ্ঠিত কৰিব৷ নিউ বঙাইগাঁৱৰ ৱেষ্ট কলনীৰ সাৰ্বজনীন দুৰ্গা পূজাৰ মণ্ডপৰ মুখ্য আকৰ্ষণ তামিলনাডুৰ প্ৰসিদ্ধ আদি যোগী শিৱ মন্দিৰৰ আৰ্হিত তৈয়াৰ কৰা হৈছে পূজা মণ্ডপ৷ বিলাসীপাৰাৰ শিল্পীসকলে প্ৰস্তুত কৰিছে এই আটকধুনীয়া মণ্ডপ৷ বিগত দুমাহ ধৰি প্ৰস্তুত কৰা হৈছে এই মণ্ডপ৷ একেদৰে ৰে’লৱে কলনীত শিৱৰ কৈলাস পৰ্বতসদৃশ মণ্ডপ নিৰ্মাণ কৰিছে৷ বঙাইগাঁও চহৰত শিল্পীৰ নিপুন হাতত প্ৰাণ পাই উঠিছে কলকতাৰ বিখ্যাত বেলুৰ মঠৰ আৰ্হিতো পূজা মণ্ডপ৷