Logo
image

বাঘজানৰ ভয় দুলীয়াজানত

দুলীয়াজানৰ পৰা মাধুৰ্য শইকীয়া [আমাৰ অসম]ঃ দুলীয়াজান চহৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগৰ গজালবস্তিস্থিত অইল ইণ্ডিয়া লিমিটেডৰ এন এইছ কে-৬৭ নম্বৰ তৈলকূপত বৃহস্পতিবাৰে নিশা প্ৰায় ৯.৩০ বজাত এটা বিস্ফোৰণ সংঘটিত হোৱাৰ পিছৰে পৰা অনিয়ন্ত্ৰিতভাৱে হৈ থকা ব্ল’আউটৰ ফলত পুনৰ বাঘজানসদৃশ কাণ্ড সংঘটিত হোৱাৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে দুলীয়াজানবাসী৷ অইল ইণ্ডিয়াৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, ২০১৬ চনৰ পৰা নিষ্ক্ৰিয় অৱস্থাত থকা  কূপটোৰ ভূমিভাগৰ ওপৰ অংশত সংস্থাপন কৰি থোৱা এক্স-মাছ ট্ৰিটোৰ শীৰ্ষ অংশ কোনো দুষ্কৃতিকাৰীয়ে কাটি চুৰি কৰি লৈ যোৱাত খাদটোৰ পৰা অনিয়ন্ত্ৰিতভাৱে পানী তথা আন তৰল পদাৰ্থ নিৰ্গত হৈ আছে৷ বৰডুবি তৈলক্ষেত্ৰৰ অন্তৰ্গত কূপটোৰ পৰা পানী তথা আন তৰল পদাৰ্থহে নিৰ্গত হোৱা বুলি অইলৰ তৰফৰ পৰা কোৱা হৈছে যদিও ইয়াৰ লগত প্ৰচণ্ড গতিত গেছ নিৰ্গমণৰ ফলত তৈলকূপটোৱে বাঘজানসদৃশ ৰূপ ধাৰণ কৰাৰ আশংকাত শংকিত হৈ পৰিছে স্থানীয় লোক৷ অইলৰ সংকট ব্যৱস্থাপনা দলে ইতিমধ্যে সমগ্ৰ ঘটনাটো সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি থকাৰ লগতে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন কূপটোৰ চৌপাশে সাজু কৰি ৰখাৰ লগতে স্থানীয় লোকক ৰন্ধনৰ বাবে জুই জ্বলাবলৈ বাৰণ কৰি অইল ইণ্ডিয়াৰ তৰফৰ পৰা খাদ্য সামগ্ৰী যোগান ধৰাৰ ফলত স্থানীয় লোকৰ শংকা আৰু উদ্বিগ্নতা দুগুণে বৃদ্ধি পাইছে৷ ইতিমধ্যে এই বিষয়ে অইলৰ ফালৰ পৰা জিলা প্ৰশাসনক অৱগত কৰাৰ লগতে স্থানীয় থানাত এজাহাৰ দাখিল কৰা হৈছে৷ অইলৰ বিশেষজ্ঞৰ দ্বাৰা কূপটোৰ মুখ বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ লগতে এটা ‘অনছাইট টাস্ক ফ’ৰ্ছ’-এ স্থানীয় কতৃৰ্পক্ষৰ সহযোগত প্ৰবাহ নিয়ন্ত্ৰণ তথা খাদৰ মুখ বন্ধ কৰিবলৈ অবিৰতভাৱে লাগি আছে৷ ডিৰিয়াল চাহ বাগিচা আৰু মহাদেউবাৰী চাহ বাগিচাৰ শ্ৰমিক লাইনৰ নিচেই কাষতে উক্ত ঘটনাটো সংঘটিত হোৱাত বৰ্তমান শ্ৰমিক লাইনৰ বাসিন্দাসকলে ঘৰৰ বাহিৰত অৱস্থান কৰিছে৷ বাতৰি লিখা পৰ্যন্ত এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও অইল ইণ্ডিয়াই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পৰা নাই৷ ইফালে¸ শুকুৰবাৰে পুৱাৰ ভাগতে অইল ইণ্ডিয়াই অঞ্চলটোত জৰুৰী অৱস্থা ঘোষণা কৰাৰ লগতে আগন্তুক দুৰ্গোৎসৱৰ প্ৰাকক্ষণত যিসকল বিষয়া-কৰ্মচাৰীয়ে ছুটীৰ বাবে আবেদন জনাইছে তেওঁলোকৰ ছুটী বাতিল কৰাৰ কথা ঘোষণা কৰে৷ প্ৰশাসনে দুৰ্ঘটনা সংঘটিত হোৱা খাদটোৰ কাষলৈ অইলৰ কৰ্মৰত বিষয়া-কৰ্মচাৰীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷ তৈলকূপটো  নিষ্ক্ৰিয় হোৱাৰ বাবে ইয়াৰ পৰা কোনোধৰণৰ ভয়াৱহ ঘটনা সংঘটিত নহয় আৰু শীঘ্ৰেই ইয়াক নিয়ন্ত্ৰণলৈ আনিব পৰা যাব বুলি জনসাধাৰণক অইল ইণ্ডিয়াৰ তৰফৰ পৰা আশ্বস্ত কৰা হৈছে যদিও ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ পাছতো নিয়ন্ত্ৰণৰ কোনোধৰণৰ লক্ষণ দেখা নোপোৱাত আশ্বস্ত হোৱাৰ বিপৰীতে শংকিতহে হৈছে স্থানীয় লোক৷