Logo
image

শ্ৰীনিৱাসক ছুপ্ৰিম ক’ৰ্টৰ জামিন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ অক্টোবৰঃ দেশৰ উচ্ছতম ন্যায়ালয় অংকিতা দত্ত গোচৰত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস পি ভিৰ পূৰ্ণাংগ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে৷ ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ মে’ মাহত উচ্ছতম ন্যায়ালয়ে শ্ৰীনিৱাসৰ অন্তৱত¹কালীন জামিন মঞ্জুৰ কৰিছিল৷ যুৱ কংগ্ৰেছৰ অপসাৰিত সভানেত্ৰী অংকিতা দত্তই আতিশয্যৰ অভিযোগ উত্থাপন কৰিছিল শ্ৰীনিৱাসৰ বিৰুদ্ধে৷ দলৰ শীৰ্ষ নেতাজনৰ বিৰুদ্ধে অংকিতা দত্তই গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতে তেওঁৰ গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত হৈ পৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁৰ জামিন আবেদন গুৱাহাটী উচ্ছ ন্যায়ালয়ে নাকচ কৰে যদিও উচ্ছতম ন্যায়ালয়ে তেওঁক জামিন দিয়ে৷ উল্লেখ্য যে অংকিতা দত্তৰ গোচৰক কেন্দ্ৰ কৰি ৰাজ্যত সৃষ্টি হোৱা ৰাজনৈতিক ধুমুহাত বিজেপি দল আৰু চৰকাৰেও জপিয়াই পৰিছিল৷ অসম আৰক্ষীয়ে শ্ৰীনিৱাসৰ সন্ধানত তেওঁৰ বাংগালুৰুৰ বাসগৃহতো উপস্থিত হৈছিল৷ কংগ্ৰেছৰ পৰা বহিষ্কৃত হোৱা অংকিতা দত্তই ১৮ এপ্ৰিলত ধাৰাবাহিক টুইটযোগে শ্ৰীনিৱাসৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি কৈছিল যে বিগত ৬ মাহ ধৰি শ্ৰীনিৱাসে তেওঁক মানসিক হাৰাশাস্তি আৰু লিংগ বৈষম্যৰ বলি কৰিছিল৷ দিছপুৰ থানাত তৰা গোচৰৰ ভিত্তিত ন্যায়্যালয়ে শ্ৰীনিৱাসক অসম আৰক্ষীৰ সন্মুখত হাজিৰৰ ক্ষেত্ৰত দিয়া নিৰ্দেশৰ ভিত্তিত তেওঁ আৰক্ষীৰ ওচৰত হাজিৰ হৈছিল আৰু চিআইডিয়ে তেওঁক জেৰা কৰিছিল৷ আৰক্ষীৰ তদন্তত সহযোগ কৰাৰ বাবে ন্যায়ালয়ে এই জামিন মঞ্জুৰ কৰে৷