Logo
image

মিজোৰামত প্ৰচাৰ চলাব হিমন্তবিশ্ব, সৰ্বানন্দই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ অক্টোবৰঃ চুবুৰীয়া ৰাজ্য মিজোৰামত এতিয়া নিৰ্বাচনী বতাহ৷ ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া মিজোৰাম বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰচাৰ তুংগত কৰি উঠিছে৷ দুদিন পূৰ্বে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মিজোৰামত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত সম্বোধন কৰাৰ লগতে ৰোড শ্ব’ত অংশ লৈছিল৷   অৱশ্যে বৰ্তমান মিজোৰামত শাসনত থকা এম এন এফ দল নেডাৰ অংশীদাৰ যদিও পুনৰবাৰ বিজেপিয়ে এককভাৱেই নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নমাৰ বাবে সাজু হৈছে৷ ইতিমধ্যে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা কৰি ২৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও স্পষ্ট কৰি দিছে৷ লক্ষণীয়ভাৱে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনতো বিজেপি দলে ৩৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও মাত্ৰ এখন আসনতহে জয়ী হৈছিল৷ খ্ৰীষ্টিয়ান সংখ্যা গৰিষ্ঠ ৰাজ্যখনত বিজেপি দলে সেইবাৰ মাত্ৰ ৮ শতাংশ ভোটহে লাভ কৰিবলৈ সক্ষম হৈছিল৷ অৱশ্যে এইবাৰ ক্ষমতা দখলৰ বাবে সৰ্বশক্তিৰে নামি পৰিছে বিজেপি৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে মিজোৰামত নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হৈছে বিজেপি দল৷ সেই সূত্ৰেই বিজেপিয়ে বৃহস্পতিবাৰে মিজৰোমত নিৰ্বাচনী প্ৰচাৰৰ বাবে ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে৷ এই তালিকাত অসমৰ তিনিজন নেতাৰো নাম আছে৷ মিজোৰামত প্ৰচাৰৰ ষ্টাৰ  কেম্পেইনাৰ তালিকাৰ প্ৰথমতেই নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম৷ ইয়াৰ পাছতেই নাম আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ৷ তালিকাত থকা আন আন বিজেপি নেতাসকল হৈছে ক্ৰমে–কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, সৰ্বানন্দ সোণোৱাল, অৰ্জুন মুণ্ডা আৰু স্মৃতি জুবিন ইৰাণী৷ ইয়াৰ পাছতেই তালিকাত নাম আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ৷ মিজোৰামত বিজেপিৰ হৈ প্ৰচাৰ চলাবলগীয়া নেতাৰ তালিকাত ২২ নম্বৰত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ নামো আছে৷ উল্লেখ্য বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তালিকাত আছে মুঠ ৪০জন শীৰ্ষ নেতাৰ নাম৷