Logo
image

আজি দঃ আফ্ৰিকাৰ সন্মুখত ইংলেণ্ড

মুম্বাই, ২১ অক্টোবৰঃ চলিত বিশ্বকাপত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ড আফগানিস্তানৰ হাতত আৰু দক্ষিণ আফ্ৰিকা নেডাৰলেণ্ডছৰ হাতত পৰাস্ত হোৱাটোক দুটা ডাঙৰ অঘটন হিচাপে গণ্য কৰা হৈছে৷ দুৰ্বল দল দুটাৰ হাতত হোৱা অপ্ৰত্যাশিত পৰাজয়ৰ স্মৃতি পাহৰি জয়ৰ পথলৈ ঘূৰি অহাৰ লক্ষ্যৰে কাইলৈ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা৷ দক্ষিণ আফ্ৰিকা এতিয়ালৈকে তিনিখন খেলৰ দুখনত জয়ী হৈ চাৰি পইণ্টেৰে পইণ্ট তালিকাৰ তৃতীয় স্থানত থকাৰ বিপৰীতে তিনিখন খেলৰ এখনত জয়ী হোৱাৰ সূত্ৰে ইংলেণ্ড আছে পঞ্চম স্থানত৷ বিশ্বকাপত এতিয়ালৈকে হোৱা সাতবাৰৰ মুখামুখিত চাৰিবাৰ ইংলেণ্ড জয়ী হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকা জয়ী হৈছে তিনিবাৰ৷