Logo
image

স্বামীৰ পৰা বিচ্ছেদ ইটালীৰ প্ৰধানমন্ত্ৰীৰ

ৰোম, ২১ অক্টোবৰঃ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিয়ে স্বামীৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিছে৷ শুকুৰবাৰে তেওঁ ১০ বছৰীয়া যুগ্ম জীৱনৰ অৱসান ঘটোৱাৰ বিষয়ে ইনষ্টাগ্ৰাম প’ষ্টৰ জৰিয়তে সদৰি কৰে৷ উল্লেখ্য যে জৰ্জিয়া মেলনিৰ স্বামী আন্দ্ৰেয়া জিয়ামব্ৰুনো বৃত্তিত এগৰাকী সাংবাদিক৷ জৰ্জিয়া আৰু আন্দ্ৰেয়াৰ এটি সাত বছৰীয়া কন্যা সন্তানো আছে৷ অৱশ্যে কি কাৰণত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়াই স্বামীৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিলে সেই বিষয়ে মন্তব্য কৰাৰ পৰা বিৰত আছে৷ পিছে এটা মহলে  দাবী কৰা মতে কিছুদিনৰ পৰা বিভিন্ন বিতৰ্কৰ সৈতে সাঙোৰ খাই পৰিছিল জৰ্জিয়াৰ স্বামী৷ আনকি তেওঁৰ বিৰুদ্ধে মহিলা সহকম¹ক যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন হৈছিল৷  ইয়াকে লৈ অস্বস্তিত পৰিব লগা হয় প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি৷ যাৰ বাবে তেওঁ স্বামীৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰাৰ সিদ্ধান্ত লয় বুলি ধাৰণা কৰা হৈছে৷ শুকুৰবাৰে ইষ্টাগ্ৰামত মেলনিয়ে সন্তান আৰু স্বামীৰ আলোক চিত্ৰ প’ষ্ট কৰাৰ লগতে এইবুলি উল্লেখ কৰে যে ‘আন্দ্ৰেয়া জিয়ামব্ৰুনোৰ সৈতে মোৰ ১০ বছৰৰ সম্পৰ্ক আছিল৷ সেই সম্পৰ্কৰ আজি ইয়াতেই সমাপ্তি ঘটিল৷ কিছুদিন ধৰি আমাৰ পথ বেলেগ হৈ পৰিছিল৷’