Logo
image

চোৰ নহয় এইবাৰ পলাতক আৰক্ষী বিষয়া

আমাৰ অসম'ৰ ওৰাঙৰ প্ৰতিবেদক, ২১ অক্টোবৰঃ অসম আৰক্ষীৰ পুনৰ লাজ লগা ঘটনা। এইবাৰ ৰৌতাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত পলাতক ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিন্দ্ৰ ৰাভা। ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক দুৰ্নীতি নিবাৰক শাখাই আটক কৰাৰ আগতেই পলাতক বুলি জানিব পৰা গৈছে। উৎকোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে আৰক্ষী বিষয়া কবিন্দ্ৰ ৰাভাক আটক কৰা‌ৰ সময়তেই পলায়ন কৰা বুলি জানিব পৰা গৈছে। ইউনিফৰ্ম খুলি থানাৰ পৰা পলায়ন কৰে কবিন্দ্ৰ ৰাভাই। অৱশ্যে এতিয়ালৈ দুৰ্নীতি নিবাৰক শাখাই এই সন্দৰ্ভত সবিশেষ তথ্য আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।