Logo
image

নেডাৰলেণ্ডছৰ বিৰুদ্ধে আজি সতৰ্ক হ’ব লাগিব অষ্ট্ৰেলিয়া

নতুন দিল্লী, ২৫ অক্টোবৰঃ আৰম্ভণি নিৰাশাজনক হ’লেও বিশ্বকাপত শ্ৰীলংকা আৰু পাকিস্তানক পৰাস্ত কৰি ছন্দ ঘূৰাই পাইছে অষ্ট্ৰেলিয়াই৷ চাৰিখন খেলৰ পৰা চাৰি পইণ্টেৰে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত থকা পাঁচবাৰৰ চেম্পিয়ন দলটোৱে আজি প্ৰতিদ্বন্দ্বিতা কৰিব নেডাৰলেণ্ডছৰ বিৰুদ্ধে৷ শেহতীয়া প্ৰদৰ্শনৰ পাছত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰৰ আত্মবিশ্বাস ঘূৰি অহা বুলি ক’ব পাৰি যদিও নেডাৰলেণ্ডছৰ বিৰুদ্ধে পেট কামিন্‌ছৰ দলটো যথেষ্ট সতৰ্ক হ’ব লাগিব৷ নেডাৰলেণ্ডছে দক্ষিণ আফ্ৰিকাৰ দৰে শক্তিশালী দল এটাক হৰুৱাই ইতিমধ্যে টুৰ্নামেণ্টত এক ডাঙৰ অঘটন ঘটাইছে৷ নেডাৰলেণ্ডছ এতিয়ালৈকে এখন খেলত জয়ী হোৱাৰ বিপৰীতে তিনিখনত পৰাস্ত হৈছে যদিও দলটোৰ কেইবাজনো ক্ৰিকেটাৰৰ বিদেশী লীগত খেলাৰ অভিজ্ঞতা আছে৷  ইপিনে, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হ’লেও অষ্ট্ৰেলিয়াৰ বেটাৰ শেহতীয়াকৈ ভাল ফৰ্মত আছে৷ বলিঙতো জোছ হেজেলউড আৰু মিচেল ষ্টাৰ্কল লগতে স্পিনাৰ আডাম জাম্পাৰ প্ৰদৰ্শন সন্তোষজনক বুলিয়েই ক’ব পাৰি৷ ডেভিড ৱাৰ্নাৰ আৰু মিচেল মাশ্বেৰ্ ফৰ্ম ঘূৰাই পোৱাটো অষ্ট্ৰেলিয়াৰ বাবে উৎসাহৰ বিষয়৷ অৱশ্যে মিডল অৰ্ডাৰত ষ্টিভেন স্মিথ আৰু মাৰ্নাছ লাবুচেনে এতিয়ালৈকে আশানুৰূপ প্ৰদৰ্শন দেখুৱাব পৰা নাই৷ বিগত চাৰিটা ইনিংছত স্মিথ কেৱল এবাৰহে ৩০ বা ততোধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ গ্লেন মেক্সৱেল আৰু জোছ ইংলিছৰ পৰাও অষ্ট্ৰেলিয়াৰ বেটিং বিভাগে বহুখিনি আশা কৰিব পাৰে৷ এদিনীয়া ক্ৰিকেটত এতিয়ালৈকে নেডাৰলেণ্ডছ অষ্ট্ৰেলিয়াক পৰাস্ত কৰিবলৈ সক্ষম হোৱা নাই৷ ২০০৩ আৰু¸ ২০০৭  চনত দলটো অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছে৷ কিন্তু দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি নেডাৰলেণ্ডছে প্ৰমাণ কৰিছে যিকোনো দলৰ বিৰুদ্ধে অঘটন ঘটোৱাৰ সামৰ্থ্য আছে তেওঁলোকৰ৷