Logo
image

কোষাগাৰ পূৰাইছে নীলকণ্ঠ সুৰাপায়ীয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ অক্টোবৰঃ সন্মুখত ২০২৪ৰ লোকসভাৰ নিৰ্বাচন৷ নিৰ্বাচনৰ পূৰ্বে ভোটাৰক অসন্তুষ্ট কৰিব বিচৰা নাই শাসকীয় বিজেপি দলৰ মিত্ৰজোঁটৰ চৰকাৰে৷ যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি ন ন আঁচনিৰ জৰিয়তে মাহে মাহে আৰ্থিক সাহায্য প্ৰদানত নামি পৰিছে৷ অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি নৱম শ্ৰেণীৰ ছাত্ৰীক চাইকেল বিতৰণ, ঋণগ্ৰস্ত মহিলাক ঋণ ৰেহাই  আদি বিভিন্ন হিতাধিকাৰী আঁচনিৰ বাবে ধনৰ জোৰা মাৰিবলৈ প্ৰতিমাহেই হাজাৰ হাজাৰ কোটি টকা ঋণ ল’বলৈ এৰা নাই দিছপুৰে৷ ইফালে, কেন্দ্ৰীয় চৰকাৰে জিএছটি ক্ষতিপূৰণ বন্ধ কৰি দিয়াৰ পাছত ৰাজ্যৰ ৰাজহ ঘাটি জোৰা মৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ হাতত এইমুহূৰ্তত আবকাৰী ৰাজহৰ বাহিৰে যেন বিকল্প একো নাই৷ এফালে ঋণৰ বোজাই কোঙা কৰা চৰকাৰে ৰাজ্যবাসীৰ মূৰৰ ওপৰত ৰাম টাঙোন সোধাই জনমূৰি ঋণৰ বোজা ক্ৰমাৎ বৃদ্ধি কৰি নিছে, আনফালে আকৌ ৰাজহৰ স্বাৰ্থত গাঁৱৰ পদূলিয়ে পদূলিয়ে অবাধ হাৰত সুৰাৰ বিক্ৰীৰে যুৱপ্ৰজন্মক পংগুত্বৰ দিশে ঠেলি দিছে৷ আবকাৰী ৰাজহেৰে ৰাজকোষ চহকী কৰাত এতিয়া পূৰ্বে উৎসৱ-পাৰ্বনে ঘোষণা কৰি অহা ড্ৰাই ডে’ৰ সংখ্যাও হ্ৰাস কৰি আনিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ বিশেষকৈ দুৰ্গা পূজাৰ দশমীৰ দিনটোত আইন-শৃংখলাজনিত পৰিস্থিতি আৰু দুৰ্ঘটনা প্ৰতিৰোধৰ স্বাৰ্থত প্ৰতি বছৰে ড্ৰাই ডে’ ঘোষণা কৰাটো ৰাজ্য চৰকাৰৰ সৎ পদক্ষেপ আছিল যদিও এইবাৰ দশমীত আবকাৰী ৰাজহ হেৰুওৱাৰ আশংকাত ড্ৰাই ডে’কে প্ৰত্যাহাৰ কৰিলে বিজেপি-মিত্ৰজোঁটৰ চৰকাৰখনে৷ ফলত শাৰদীয় দুৰ্গা পূজাৰ দিনকেইটাত মদৰ পৰা ৰাজকোষলৈ কোটি কোটি টকা ৰাজহ আহিলেও সুৰাই বহু পৰিয়ালৰ বাবে কাল অমানিশা হৈ নামি আহিল৷ সুৰাপান কৰি কাজিয়া-মাৰপিটৰ ঘটনাৰ পৰা আৰম্ভ কৰি হত্যাকাণ্ড আৰু দুৰ্ঘটনাতো অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল বহুজনে৷ শুনিলে আচৰিত যেন লাগিলেও বিগত দুৰ্গা পূজাৰ মাত্ৰ তিনিটা দিনতে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত অভিলেখ সংখ্যক ২২.৫০ কোটি টকাৰ সুৰা বিক্ৰী হয়৷ অথচ বিগত বৰ্ষৰ দুৰ্গা পূজাত গুৱাহাটীত সুৰা বিক্ৰী হৈছিল ১৬.৮০ কোটি টকা৷ নক’লেও হ’ব যে বিগত বৰ্ষৰ তুলনাত এইবাৰ মহানগৰীত পূজাত প্ৰায় ৬ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰী হয়৷ অৱশ্যে পূজাত সমগ্ৰ অসমত কিমান কোটি টকাৰ সুৰা বিক্ৰী হ’ল সেই তথ্য বৰ্তমানেও আবকাৰী বিভাগে ৰাজহুৱা কৰা নাই৷ গুৱাহাটীত সুৰা বিক্ৰীৰ তথ্যই স্পষ্ট কৰিছে যে সুৰাপানৰ ফলত ঘৰুৱা অশান্তি আৰু নিজৰ জীৱনৰ আয়ুস টুটি আহিলেও সুৰাপায়ীয়ে নীলকণ্ঠ হৈ যেন কোষাগাৰত ৰাজহ পূৰাইছে৷ কেৱল দুৰ্গা পূজাতেই নহয়, অসমত এতিয়া যিকোনো এটা উৎসৱতে সুৰা বিক্ৰীয়ে অভিলেখ ৰচাটো অঘোষিত পৰম্পৰাত পৰিণত হৈছে৷ সুৰাই যুৱ প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ দিশে ঠেলি নিলেও শাসনত থকাৰ স্বাৰ্থত প্ৰতিটো দলৰ চৰকাৰেই আবকাৰী ৰাজহৰ বাবে ৱাইন শ্বপ আৰু বাৰৰ নতুন নতুন অনুজ্ঞাপত্ৰহে প্ৰদান কৰিছে৷ সুৰাই দুৰ্ভগীয়া মাতৃৰ বুকু শুদা কৰিলেও, নৱবিবাহিতা পত্নীৰ শিৰৰ সেন্দুৰ মচি পেলালেও হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ইয়াক লৈ যেন কোনো ভ্ৰূক্ষেপ নাই৷ ইয়াৰ বিপৰীতে খোদ মুখ্যমন্ত্ৰী আৰু আবকাৰী মন্ত্ৰীয়ে ৰাজহুৱাকৈ সুৰাপানৰ বাবে যুৱ প্ৰজন্মক উৎসাহিত কৰি চুবুৰীয়া ৰাজ্যৰ অবৈধ সুৰা বিক্ৰী ৰোধৰ আজৱ যুক্তি দি নতুনকৈ তিনি শতাধিক সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবেহে সাজু হৈছে৷ লক্ষণীয় বিষয় যে এইবাৰ দশমীৰ দিনাও সুৰাৰ বিপণী খোলা ৰাখিছিল৷ ৰাজহ লাভৰ বাবে চৰকাৰে এইবাৰ দশমীত সুৰাৰ বিপণী বন্ধ ৰখাৰ পূৰ্বৰ নিৰ্দেশ বাহাল নাৰাখিলে৷ সাধাৰণতে দশমীৰ দিনা সুৰাৰ বিপণী বন্ধ থাকে৷ কিন্তু এইবাৰ দশমীতো সহজলভ্য কৰা হ’ল সুৰা৷ যাৰ বাবে বিক্ৰীৰ পৰিমাণো যথেষ্ট বৃদ্ধি পালে আৰু চৰকাৰৰ অধিক ৰাজহো সংগ্ৰহ হ’ল৷ আবকাৰী বিভাগৰ তথ্য মতে গুৱাহাটী মহানগৰীত অষ্টমী, নৱমী আৰু দশমীৰ দিনা অৰ্থাৎ তিনি দিনত ২২.৫ কোটি টকাৰ সুৰা বিক্ৰী হয়৷ গুৱাহাটী মহানগৰীত এইবাৰ পূজাত প্ৰতিদিনে গড়ে ৭৩৩ লাখ টকাৰ মূল্যৰ সুৰা বিক্ৰী হ’ল৷ মহানগৰীত বাস কৰা বাসিন্দাৰ সংখ্যা ২৫ লাখ বুলি ধৰিলে পূজাৰ দিন কেইটাত প্ৰতিদিনে এজন নাগৰিকে গড়ে ২৯৩.২ টকাকৈ সুৰা সেৱন কৰিলে৷ প্ৰতি বছৰেই ৰাজধানী চহৰখনত সুৰা বিক্ৰী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে৷ অৱশ্যে এয়া ভাল নে বেয়া সেয়া ৰাইজেই বিচাৰ কৰিব৷ কিন্তু এটা কথা ঠিক যে চৰকাৰখনে সুৰাৰ বিক্ৰী বৃদ্ধিত বিশেষ গুৰুত্ব দিছে৷ যাতে ৰাজহৰ পৰিমাণ বৃদ্ধি পায়৷ ইয়াৰ বাবে চৰকাৰে নতুনকৈ ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ প্ৰদানত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ উল্লেখ্য, বিগত বিশ্বকৰ্মা পূজাৰ দিনাও অভিলেখ পৰিমাণৰ সুৰা বিক্ৰী হৈছিল গুৱাহাটী মহানগৰীত৷ এইবাৰ বিশ্বকৰ্মা পূজাৰ দিনা গুৱাহাটী মহানগৰীত ৮.৪০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল৷ ২০২২ বৰ্ষত বিশ্বকৰ্মা পূজাৰ দিনা সুৰা বিক্ৰী হৈছিল ৬.২০ কোটি টকাৰ৷ অৰ্থাৎ প্ৰত্যেক বছৰেই বিক্ৰীৰ হাৰ বৃদ্ধি হৈছে৷ একেদৰে ২০২৩ বৰ্ষৰ হোলীৰ দুটা দিনত ৰাজ্যত ১০ কোটি ৬২ লাখ সুৰা বিক্ৰী হৈছিল৷ সেই অনুসৰি ৭ মাৰ্চত  ৰাজ্যত ৯.৫৮ কোটি আৰু ৮ মাৰ্চত ১ কোটিৰো অধিক টকা মূল্যৰ সুৰা বিক্ৰী হৈছিল৷ এই দুটা দিনত গুৱাহাটীতেই ৫.১৮ কোটি টকাৰ মূল্যৰ সুৰাৰ বিক্ৰী হোৱাৰ তথ্য আবকাৰী বিভাগে সদৰী কৰিছে৷  আবকাৰী বিভাগৰ তথ্য মতে অসমত বৰ্তমান ১,৬৮৪খন বিলাতী সুৰাৰ বিপণী থকাৰ উপৰি ৮৯৬খন বাৰ আৰু ৪৮৬খন দেশীয় সুৰাৰ বিপণী আছে৷ চৰকাৰী তথ্য মতে চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচটা মাহতে অসমত আবকাৰী ৰাজহ সংগ্ৰহ হৈছিল ১,৭১৮.৭৫ কোটি টকা৷ অৰ্থাৎ অসমত দৈনিক গড়ে ১০.৮৬ কোটি টকাৰ আবকাৰী ৰাজহ সংগ্ৰহ হয়৷ সুৰাৰ পৰাই বছৰি প্ৰায় চাৰি হাজাৰ কোটি টকাৰ ৰাজহ সংগ্ৰহ হয়৷