Logo
image

ৰাজ্যত অপৰাধ কমিছে, দাবী দিছপুৰৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ অক্টোবৰঃ অসমত সংঘটিত এটাৰ পাছত এটা অপৰাধজনিত ঘটনাই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ শিৰোনাম দখল কৰাৰ সময়তে দিছপুৰে ৰাজ্যত পূৰ্বৰ তুলনাত গুৰুতৰ অপৰাধৰ ঘটনা হ্ৰাস পোৱা বুলিহে দাবী কৰিছে৷ অসমত বিগত ৪ বছৰৰ তুলনাত হত্যা, ধৰ্ষণ আৰু ডকাইতিৰ দৰে গুৰুতৰ অপৰাধজনিত ঘটনা তথা গোচৰৰ সংখ্যা চলিত বৰ্ষত হ্ৰাস পোৱাৰ তালিকা ৰাজহুৱা কৰি এই দাবী কৰিছে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে অপৰাধজনিত ঘটনা হ্ৰাস পোৱা বুলি দাবী কৰিলেও মুখ্যমন্ত্ৰী শৰ্মাই ৰাইজক বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ কৰিছে বুলিও অভিযোগ কৰিছে বিৰোধী নেতৃত্বই৷ বুধবাৰে এক্স যোগে [টুইটাৰ] মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব  শৰ্মাই অপৰাধজনিত গোচৰৰ এখন তালিকা ৰাজহুৱা কৰি কৰি কয় যে অসমক অপৰাধমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলি ইতিবাচক দিশত আগুৱাই নিয়াৰ দিশত ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ কৰিছে৷ অসমত অপৰাধজনিত ঘটনা ক্ৰমাৎ হ্ৰাস পাইছে৷ অসম চৰকাৰৰ দৃঢ় পদক্ষেপৰ বাবে অসমত অপৰাধ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে৷ বিগত পাঁচ বছৰত হত্যা, ধৰ্ষণ আৰু ডকাইতিৰ দৰে গুৰুতৰ অপৰাধজনিত ঘটনা হ্ৰাস পাইছে৷ অসমত আৰক্ষীৰ তহলদাৰী বৃদ্ধি পোৱা, অপৰাধ নিয়ন্ত্ৰণ কৰাৰ পদ্ধতি প্ৰয়োগৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি পোৱা, ফৰেনছিকৰ ব্যৱহাৰ বৃদ্ধি পোৱা, আৰক্ষীৰ মাজত সমন্বয় উন্নত হোৱা আৰু অসম চৰকাৰৰ সহযোগিতাৰ ফলত অসমত হত্যা, ধৰ্ষণ আৰু ডকাইতিৰ দৰে গুৰুতৰ অপৰাধজনিত ঘটনা হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য মতে হত্যাকাণ্ডৰ গোচৰৰ ক্ষেত্ৰত ২০১৯ চনত ১২৩৫ টা, ২০২০ চনত ১১৩১ টা, ২০২১ চনত ১১৯২ টা, ২০২২ চনত ১০৮৪টা আৰু ২০২৩ চনৰ আগষ্টলৈ ৬৮৬টা হত্যাকাণ্ড সংঘটিত হৈছে৷ ঠিক সেইদৰে ধৰ্ষণৰ গোচৰৰ ক্ষেত্ৰত ২০১৯ চনত ১৯৫২ টা, ২০২০ চনত ১৭৩৬ টা, ২০২১ চনত ১৯২২ টা, ২০২২ চনত ১১১৩টা আৰু ২০২৩ চনৰ আগষ্টলৈ ৬৫৬টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে৷ তদুপৰি ডকাইতিৰ গোচৰৰ ক্ষেত্ৰত ২০১৯ চনত ১৯৮ টা, ২০২০ চনত ১৯৮ টা, ২০২১ চনত ১৮৮ টা, ২০২২ চনত ৮৫টা আৰু ২০২৩ চনৰ আগষ্টলৈ ৫৫টা ডকাইতিৰ ঘটনা সংঘটিত হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা তথ্যৰ পৰা দেখা যায় যে ২০১৯ চনৰ পৰা অসমত অপৰাধৰ মাত্ৰা হ্ৰাস পাইছে৷ লক্ষণীয় বিষয়টো হৈছে আইন অনুসৰি কোনো ব্যক্তিয়ে এজাহাৰ দাখিল কৰিলেই আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিব লাগে যদিও শেহতীয়াকৈ অসম আৰক্ষীয়ে এজাহাৰৰ প্ৰাথমিক অনুসন্ধান কৰাৰ অন্ততহে গোচৰ পঞ্জীয়ন কৰাৰ নতুন নিয়ম বলৱৎ কৰিছে৷ স্বাভাৱিকতেই ইয়াৰ ফলত অসমত ৰুজু হোৱা গোচৰৰ সংখ্যা হ্ৰাস পোৱা দেখা গৈছে৷ বহুক্ষেত্ৰত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন নকৰাৰো অভিযোগ উত্থাপন হোৱাৰ উদাহৰণ আছে৷ এনে প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীয়ে গুৰুতৰ অপৰাধজনিত গোচৰৰ সংখ্যা হ্ৰাস পোৱা বুলি দাবী কৰিলেও ইয়াক মানি ল’ব বিচৰা নাই মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে৷ এই সন্দৰ্ভত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ দাবীক অস্বীকাৰ কৰি লিখিছে এইদৰে– অসমত অপৰাধৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে! মুখ্যমন্ত্ৰীয়ে অপৰাধ কমিছে বুলি যি তথ্য প্ৰকাশ কৰিছে ই ভুল তথ্য! প্ৰকৃত সত্য হ’ল এনচিআৰবিৰ তথ্য মতে ভাৰতৰ ভিতৰত অসমত অপৰাধজনিত কাৰ্য্য বেছিকৈ সংঘটিত হৈছে৷ সেয়েহে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি থানাসমূহত অপৰাধজনিত কেচ ৰুজু কৰিব আহিলে কেচ ৰেজিষ্টাৰ কৰা নহয়৷ না ৰহেগা বাস না ৰহেগা বাসুৰী৷ দৈনিক অসমত হত্যা, হিংসা, বলৎকাৰ, আত্মহত্যা, অপহৰণ ইত্যাদি বৃদ্ধি পাই আহিছে৷ মদ, ড্ৰাগছ, নকল সোণ, চুপাৰি, কয়লা, মাছ আদিৰ চৌদিশে ছিণ্ডিকেট আৰু দাদাগিৰি৷ কি ভিত্তিত এই তথ্য প্ৰকাশ কৰিছে বুজাই বুজে আৰু মুখ্যমন্ত্ৰীয়েও ভালকৈ বুজি পায়৷ তথ্য বিভ্ৰান্ত কৰা চৰকাৰৰ সন্মুখত উত্তৰ আছেনে? জোনমনি ৰাভাৰ মৃত্যু কিয় হ’ল? নকল সোণৰ ৰমৰমীয়া বেহা ক’ত গ’ল, কিমানক শাস্তি দিয়া হ’ল? ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ লগত সাঙোৰ খোৱা কিমান ৰৌ-বৰালিক কৰায়ত্ত কৰা হ’ল? তিনিচুকীয়া বৰডুবিৰ কণমানিৰ আত্মহত্যা ঘটনাত মাতৃয়ে কিয় ন্যায় নাপালে? এনে হাজাৰটা তথ্যই আমাক হতাশ কৰে!