Logo
image

সম্পত্তি বেচি আত্মনিৰ্ভৰ হ’ব দেশ

বাজেটত চৰকাৰৰ আয় আৰু ব্যয়ৰ হিচাপ থাকে৷ বাজেট দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে বহু সুৱলা আৰু কাব্যিক কথা কয়৷ কবিতা আবৃত্তি কৰে৷ দাৰ্শনিক কথা কয়৷ বাজেটখন কিন্তু আচলতে টকা-পইচাৰ তেনেই অকাব্যিক কঠুৱা হিচাপ৷ টকা-পইচাৰ কঠুৱা হিচাপে মানুহক কেতিয়াও বিশেষ আকৰ্ষণ নকৰে৷ তদুপৰি বাজেটখন বহু টেকনিকেল কথাৰে ভৰপূৰ, যিবোৰ বুজিবলৈ হ’লে একেবাৰে বিশেষজ্ঞ নহ’লেও কিছু তালিম থকা দৰকাৰ৷ সামগ্ৰিকভাৱে বাজেট বিশেষজ্ঞৰ বস্তু৷ দৰমহাৰ টকাৰে আয়কৰ দিবলগীয়া হোৱাসকলে বাজেটত আয়কৰ দিবলগীয়া মুঠ আয়ৰ পৰিমাণ বঢ়াই দিলে সকাহ পায়৷ টিভি এটা বা কম্পিউটাৰ এটা কিনিম বুলি ৰৈ থকাসকলে বাজেটত কৰ হ্ৰাস কৰাৰ ফলত টিভি, কম্পিউটাৰৰ দাম কমিলে ভাল পায় আৰু কৰ বঢ়াই দিলে ৰুষ্ট হয়৷ সোণৰ ওপৰত থকা আমদানি শুল্ক কমাই দিয়াৰ ফলত সোণৰ দাম কমিলে ছোৱালী বিয়া দিবলৈ পৰিকল্পনা কৰি থকা উচ্ছবিত্ত আৰু মধ্যবিত্তই সকাহ পায়৷ বাজেটখনে এনেদৰে আমাৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলায় আৰু আমাৰ জীৱনত পৰা প্ৰভাৱ অনুসৰি আমি বাজেটখনক ভাল বা বেয়া বাজেট বুলি কওঁ৷ অমুক টেবলেটটো খালে অমুক বেমাৰ ভাল হয় বুলি জনাটো যেনেকৈ ডাক্তৰী নহয়, তেনেকৈ বাজেটৰ ফলত অমুকৰ দাম বাঢ়িল আৰু তমুকৰ দাম কমিল বুলি জনাটো বাজেট নহয়৷ কেপিটেল আয় আৰু ব্যয়, ৰেভিনিউ আয় আৰু ব্যয়, মনিটেৰী আৰু ফিছকেল নীতি, ঘাটি বাজেট, বাজেট ঘাটি পূৰণৰ উপায় আদি তাত্ত্বিক কথাবোৰ নজনাকৈ বাজেট বুজিব নোৱাৰি৷ এতিয়া প্ৰচাৰ মাধ্যম আৰু ২৪ ঘণ্টীয় নিউজ চেনেলবোৰে বাজেটক বিহুৰ সাংস্কৃতিক অনুস্থানৰ সমানেই আকৰ্ষণীয় ৰূপত প্ৰচাৰ কৰাৰ বাবে দুদিনৰ বাবে বাজেট প্ৰধান আকৰ্ষণ হৈ থাকে৷ অৰ্থশাস্ত্ৰৰ জ্ঞান নথকাকৈ বিত্তমন্ত্ৰীৰ ভাষণ শুনা আৰু জাৰ্মান ভাষা নজনাকৈ গ্যেটেৰ মহাকাব্য জাৰ্মান ভাষাত শুনা প্ৰায় একে কথা৷

বিৰোধী দলৰ বাবে বাজেট সদায়েই জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণত ব্যৰ্থ, জনবিৰোধী বাজেট৷ আঞ্চলিক দলৰ বাবে বাজেট সদায়েই অসমবিৰোধী বাজেট৷ এতিয়া অগপ বিজেপি চৰকাৰৰ অংশীদাৰ হোৱাৰ বাবে এইবাৰৰখন অসমৰ বাবে ভাল বাজেট৷ অৰ্থনীতি সদায়েই ৰাজনৈতিক অৰ্থনীতি৷ ৰাজনীতি বাদ দি অৰ্থনীতি হ’ব নোৱাৰে৷ ৰাজনীতিৰ পৰা দূৰত অৰ্থনীতিৰ তাত্ত্বিক আলোচনা হ’ব পাৰে, কিন্তু প্ৰায়োগিক দিশত অৰ্থনীতি ৰাজনীতিৰ স’তে এৰাব নোৱৰাকৈ জড়িত৷ বাজেটক লৈ প্ৰচাৰ হোৱা প্ৰতিক্ৰিয়াসমূহৰ যিবোৰ ৰাজনৈতিক, সেইখিনিহে সাধাৰণ মানুহৰ কাণত পৰে৷ বিশেষজ্ঞসকলৰ প্ৰকৃত অৰ্থনৈতিক আলোচনাবোৰক লৈ ৰাইজ বিশেষ আগ্ৰহী নহয় আৰু সেয়েহে দাখিল কৰাৰ দুদিনমানৰ পাছতেই বাজেট বিতৰ্কৰ অন্ত পৰে৷ ‘জনবিৰোধী’ বাজেটৰ বিৰুদ্ধে ‘জনগণে’ বিশেষ আপত্তি দৰ্শোৱা চকুত নপৰে৷ 

দুটা কাৰণত এজন মানুহ বা এখন দেশ ধাৰত পোত যাব পাৰে৷ এটা হ’ল খৰচ হোৰাহোৰে বাঢ়ি গ’লে আৰু আনটো হ’ল আয় কমি গ’লে৷ কৰ’নাৰ বাবে ভাৰতৰ এফালে আয় কমি গ’ল আৰু আনফালে কৰ’নাৰ স’তে যুঁজিবলৈ প্ৰচুৰ পৰিমাণত খৰচ কৰিব লগা হ’ল৷ ফলত ভাৰতে প্ৰচুৰ পৰিমাণে ধাৰ ল’ব লগা হৈছে৷ ৰাজ্যবোৰকো প্ৰচুৰ পৰিমাণে ধাৰ ল’বলৈ অনুমতি দিব লগা হৈছে৷ এটা পৰিয়ালে বিপদৰ সময়ত খৰচৰ জোৰা মাৰিব নোৱাৰিলে পৰিয়ালৰ সম্পদ যেনে গহণা, মাটি আদি বেচিব লগাত পৰে৷ এতিয়া ভাৰতেও খৰচৰ জোৰা মাৰিবৰ বাবে দেশৰ সম্পদ বেচিবলৈ ওলাইছে৷ দেশৰ সম্পদ বেচি টকা গোটোৱা কাৰবাৰটোক বিভিন্ন টেকনিকেল নাম দিয়া হৈছে, ‘ডিছইন্‌ভেষ্টমেণ্ট’ কৰা, ‘মনিটাইজ’ কৰা আদি৷ যোৱাবাৰৰ বাজেটতো দেশৰ সম্পদ বেচি ২ লাখ কোটি টকা আয় কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল, কিন্তু বিক্ৰী হ’ল মাথোঁ ৩০ হাজাৰ কোটিৰ সম্পত্তি৷ চৰকাৰে বেচিবলৈ ওলোৱা এয়াৰ ইণ্ডিয়া কোনেও কিনিবলৈ আগ্ৰহী নহ’ল৷ এইবাৰ এল আই চি, ৰাজহুৱা খণ্ডৰ বেংককে ধৰি লাভ কৰি থকা তেল কোম্পানীকো ‘মনিটাইজ’ কৰিবলৈ ওলাইছে অৰ্থাৎ বেচিবলৈ ওলাইছে৷ মূল কথাটো হ’ল– চৰকাৰৰ হাতত টকা নাই৷ ৰাজহ সংগ্ৰহৰ পৰিমাণ ভবাধৰণৰ নহয়৷ অৰ্থনীতিৰ গতি নাবাঢ়িলে ৰাজহৰ পৰিমাণ নাবাঢ়ে৷ চৰকাৰে কৈছে অৰ্থনীতিৰ গতি বঢ়াবলৈ চৰকাৰে পৰ্যাপ্ত পৰিমাণত খৰচ কৰিব, কিন্তু খৰচ কৰিবলৈ চৰকাৰে ধন পাব ক’ৰপৰা? গতিকে দেশৰ সম্পদ বেচি টকা গোটোৱাৰ পৰিকল্পনা কৰিছে৷ এইবাৰৰ বাজেট মুক্ত বজাৰ অৰ্থনীতিলৈ ভাৰতৰ এটা নিৰ্ণায়ক খোজ৷ 

বাজেটখন সংসদত গৃহীত হ’ল মানে ৰাইজৰ টকা চৰকাৰখনে খৰচ কৰাৰ অনুমতি পালে৷ ৰাইজে প্ৰতি মুহূৰ্ততে চৰকাৰখনক কৰ দি আছে৷ এনেদৰে অনবৰত ৰাইজৰ পৰা আদায় কৰি থকা, ৰাইজৰ টকাৰে গঢ়া সম্পদ বেচি গোটোৱা, বা ৰাইজৰ মূৰত ধাৰৰ বোজা জাপি দি গোটোৱা টকাখিনিৰখৰচৰ  পৰিকল্পনাই হ’ল বাজেট৷ আমি পাঁচ বছৰৰ মূৰে মূৰে আমাৰ টকাবোৰ খৰচ কৰাৰ অধিকাৰ দি চৰকাৰ নিৰ্বাচন কৰোঁ৷ আমাৰ টকাবোৰ কেনেকৈ ক’ত খৰচ হয় আমি বেছিভাগেই তাৰ একো উমঘাম নাপাওঁ৷ বাজেট বুজি পোৱা বিশেষজ্ঞ স্বামীনাথন আয়াৰেও লিখিছে– আমাক প্ৰকৃত সত্য প্ৰকাশ কৰা বাজেট লাগে৷ প্ৰতিখন চৰকাৰে ৰাইজৰ টকাবোৰ ক’ত খৰচ কৰে আৰু চৰকাৰে ক’ৰ পৰা কিমান ধাৰ লয় সেইবোৰ কথা ৰাইজৰ পৰা বিভিন্ন কাৰচাজিৰে ৰাইজৰ পৰা লুকুৱাই ৰাখিছে৷ 

কোনোবাই পৈতৃক সম্পত্তি বেচিলে তেওঁক এতিয়া আৰু বাপেকৰ সম্পত্তি বেচিলে বুলি ক’ব নোৱাৰি৷ ক’ব লাগিব তেওঁৰ দেউতাৰ সম্পত্তিৰ ‘নগদীকৰণ’ কৰিলে৷ ‘আত্মনিৰ্ভৰ’ হোৱাৰ বাবে এনে ‘নগদীকৰণ’ নিতান্তই প্ৰয়োজনীয়৷ বিজেপি চৰকাৰৰ এইবাৰৰ বাজেটে তাকেই শিকালে৷