Logo
image

কাইলৈ ছবিগৃহলৈ আহিব যতীন বৰাৰ 'ৰাঘৱ': মুক্তিৰ পূৰ্বে মা কামাখ্যাত আশিস ল'লে যতীন বৰাই

ডিজিটেল ডেস্কঃ বহু অসমীয়া ছবি চিত্ৰগৃহলৈ আহে আৰু সফলতা বিফলতাৰ বোজা লৈ চিত্ৰগৃহসমূহৰ পৰা বিদায় লয় । কিন্তু ‘ৰাঘৱ’ক লৈ অসমবাসী ৰাইজৰ উৎকণ্ঠাৰ শেষ নাছিল। এই উৎকণ্ঠাৰ মূল কাৰণ হল ৰত্নাকৰে অসম্ভৱ যেন লগা ব্যৱসায়িক সাফল্যৰ সকলো সীমা অতিক্ৰম কৰি গৈছে। 'ৰাঘৱ'-এ চিত্ৰপ্ৰেমী দৰ্শক ৰাইজৰ এই আশা আকাংক্ষাক পূৰণ কৰিব পাৰিব নে নাই তাকে লৈ বিভিন্ন মহলত বিভিন্ন প্ৰশ্ন উদয় হৈ আহিছে৷

নিৰ্দিষ্ট সংখ্যক আমন্ত্ৰিত অতিথিৰ বাবে জে বি প্ৰডাকচনে অনুষ্ঠিত কৰা ‘ৰাঘৱ’ৰ বিশেষ প্ৰদৰ্শনীত ছবিখন চাই উঠি এটা কথাই বিনাদ্বিধাই কব পাৰি যে কাহিনী, অভিনয় আৰু অন্যান্য কাৰিকৰী দিশৰ পৰা ৰত্নাকৰৰ তুলনাত 'ৰাঘৱ'-এ বহু বেছি শ্ৰেষ্ঠতা দাবী কৰিব পাৰে। কেৱল ৰত্নাকৰ কিয়, নিৰ্মাণ কৌশলৰ ফালৰ পৰা 'ৰাঘৱ'-এ হিন্দী ভাষাৰ অথবা দক্ষিণ ভাৰতীয় ছবিৰ লগত সহজতে ফেৰ মাৰিব পাৰে। সম্পূৰ্ণ ব্যৱসায়িক উদ্দেশ্যৰে নিৰ্মাণ কৰা ছবি এখনৰ প্ৰাথমিক চৰ্তই হ'ল দৰ্শকক মনোৰঞ্জন দিয়া৷ ৰত্নাকৰৰ লেখিয়াকৈ ‘ৰাঘৱ’ত এইবাৰো পৰিচালক যতীন বৰা আৰু কাহিনী তথা চিত্ৰনাট্যকাৰ অভিজিত ভট্টাচাৰ্যই বিশেষ সাফল্য দাবী কৰিব পাৰে।

পাৰিবাৰিক সুখ, দুখৰ কাহিনীৰ স'তে থ্ৰীল আৰু ছাছপেন্সৰ সানমিহলি কৰি নিৰ্মাণ কৰা কৌশলী ছবিখনে এটা পৰিয়ালৰ ককা-আইতাৰ পৰা কিশোৰ-কিশোৰীলৈকে সকলোকে সমানে আমোদ দিব পাৰে। ছবিখনৰ মূল সম্পদেই হ'ল যতীন বৰাৰ অভিনয়। হিয়া দিয়া নিয়া, বিধাতাৰ পৰা কন্যাদান লৈকে যিমানবোৰ চৰিত্ৰত যতীন বৰাই অভিনয় কৰি ছুপাৰষ্টাৰৰ আসন লাভ কৰিছে সেই আটাইবোৰ চৰিত্ৰৰে আৱেগখিনিক সংমিশ্ৰণ কৰি নিৰ্মাণ কৰা ‘ৰাঘৱ’ চৰিত্ৰটোৱে নিশ্চিতভাৱে তেওঁৰ অভিনয় জীৱনৰ মাইলৰ খুঁটি হৈ থাকিব। অপূৰ্ব গতিময়তাৰে ভৰপূৰ ছবিখনৰ কেমেৰা, সম্পাদনা, সংগীত আৰু আৱহ সংগীতে ‘ৰাঘৱ’ক অনন্য মাত্ৰা প্ৰদান কৰিছে।

বিশেষকৈ এক্সনৰ দৃশ্যসমূহ দেখিলে অনুভৱ নহয় যে অতি কম বাজেটত নিৰ্মাণ হোৱা এখন অসমীয়া ছবিৰ এক্সন। জুবিন গাৰ্গৰ সংগীত পৰিচালনা আৰু কণ্ঠসমৃদ্ধ ‘চিলমিল টোপনিতে’, ‘চাৰি চকা ঘূৰিলেহে’ আৰু ‘মা’ শীৰ্ষক গীত তিনিটাই দৰ্শকৰ হৃদয় চুই যোৱাৰ লগতে ছবিখনকো এক অনন্য মাত্ৰা প্ৰদান কৰিছে। অসমৰ লগতে দিল্লী, মুম্বাই, বেংগালুৰু, কলকাতা, পুনে , হায়দৰাবাদ আদিতো মুক্তি দিয়া হ'ব বুলি অভিনেতা-পৰিচালক যতীন বৰা আৰু প্ৰযোজিকা নৱনীতা শৰ্মা বৰাই জানিবলৈ দিয়ে। 

সম্প্ৰতি দৰ্শকৰ ভীৰত BookMyShow ত উপলব্ধ হোৱা প্ৰথম দিনৰ টিকটৰ নাটনিও দেখা গৈছে বুলি প্ৰযোজকদ্বয়ে আমাক জানিবলৈ দিয়ে। ছবিখনৰ শুভমুক্তিৰ প্ৰাকক্ষণত গুৱাহাটীৰ কামাখ্যা গেটৰ পৰা চান্দমাৰী ফিল্ডলৈ এক বিশাল কাৰ ৰেলী উলিওৱা হয়৷ যতীন বৰাৰ উপৰিও ‘ৰাঘৱ’ত অভিনয় কৰিছে মৃদুলা বৰুৱা, নিশিতা গোস্বামী, হিৰণ্য ডেকা, মন্মথ বৰুৱা, বিভূতিভূষণ হাজৰিকা, চিন্ময় কটকী, পৱিত্ৰ বৰুৱা, বিভাস সিনহা, ৰাজীৱ ৰাজনীশ, ডাঃ জয়ন্ত দাস, ডাঃ চিন্ময় চক্ৰৱৰ্তী, মিতালী বৈশ্য, অন্তৰীক্ষ চহৰীয়া, পংকজ বৰা, অৱতোষ ভূঞা, ৰূপম চক্ৰৱৰ্তী, মানস শৰ্মা, দ্বিজেন লহকৰ, বংকিম শইকীয়া, জ্যোতিষ্মান কাশ্যপ, চন্দন চৌধুৰী, প্ৰিয়াংকু বৰুৱা, নৱাগত অভিনেতা-অভিনেত্ৰীদ্বয় জীৱিতেশ মজুমদাৰ-চুমি বৰা, শিশুশিল্পী নভম আশীষ গোস্বামী, মনিষ ভূঞা, প্ৰিয়াংক জ্যোতি কলিতাৰ লগতে বহু কেইগৰাকী ন-পুৰণি শিল্পীয়ে ।