Logo
image

প্লাষ্টিক, ৰসায়ন-বৰ্জ্যৰে ভৰি পৰিছে ব্ৰহ্মপুত্ৰৰ পাৰ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৭ অক্টোবৰঃ অসম আৰু অসমীয়াৰ জীৱনৰেখা স্বৰূপ মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰদূষণৰ কবলত পৰাৰ সময়তে এইবাৰ শাৰদীয় দুৰ্গা পূজাত বিসৰ্জন দিয়া মৃন্ময় প্ৰতিমাসমূহে পুনৰ ব্ৰহ্মপুত্ৰলৈ ভাবুকি কঢ়িয়াই আনিছে৷ উল্লেখ্য, এইবেলি অসমত প্ৰায় ৯ হাজাৰ দুৰ্গা পূজা উদ্‌যাপন কৰা হৈছিল৷ ইয়াৰ ভিতৰত ৬,৯৫৩খন দুৰ্গা পূজা উদ্‌যাপন সমিতিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত ১০ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছিল৷ গুৱাহাটী মহানগৰীত এইবেলি ৫৪২খন ৰাজহুৱা আৰু ১৫০খনতকৈ অধিক ব্যক্তিগত দুৰ্গা পূজা অনুষ্ঠিত হৈছিল৷ কামৰূপ জিলাতো প্ৰায় ৫০০খন সৰু-বৰ দুৰ্গা পূজা অনুষ্ঠিত হৈছিল৷ লক্ষণীয় বিষয়টো হ’ল শদিয়াৰ পৰা ধুবুৰীলৈ উদ্‌যাপিত হোৱা দুৰ্গা পূজাৰ বুজনসংখ্যক মৃন্ময় মূৰ্তি বিসৰ্জন দিয়া হৈছিল৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰতিমা বিসৰ্জনৰ বাবে নিৰ্ধাৰণ কৰি দিয়া আঠোটা ঘাটৰ পাঁচটাই আছিল ব্ৰহ্মপুত্ৰত৷ ইয়াৰ ভিতৰত মাছখোৱাৰ লাচিত ঘাটত ৩৪৬খন, পাণ্ডুঘাটত ৯৮খন, চূণচালি ঘাটত ৩৯খন, চন্দ্ৰপুৰ ঘাটত ৩২খন আজাৰাৰ ধাৰাপুৰ ঘাটত ১১খনকৈ পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া হৈছিল৷ ইফালে, বিগত বৰ্ষৰ দৰে এইবেলিও অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰতিমা বিসৰ্জনৰ নামত নদীৰ পানী যাতে প্ৰদূষিত নহয় তাৰ প্ৰতি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমক পূজা আৰম্ভ হোৱাৰ পূৰ্বেই নিৰ্দেশনা দিছিল৷ বিশেষকৈ জনস্বাস্থ্য, জীৱ-জন্তুকে ধৰি নদীত বাস কৰা জলচৰ প্ৰাণীৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা প্লাষ্টিক, ৰাসায়নি পদাৰ্থ যাতে প্ৰতিমা বিসৰ্জনৰ সময়ত পানীত মিহলি হৈ নাযায়, তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিবলৈ নিৰ্দেশনা দিয়া হৈছিল৷ তেনে সামগ্ৰী নদীত পেলাই দিলে তাক লগে লগে পাৰলৈ তুলি আনিবলৈ কোৱা হৈছিল প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ফালৰ পৰা৷ কিন্তু এনেধৰণৰ নিৰ্দেশনাক আওকান কৰি কেৱল গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ পাঁচটা ঘাটত ৫২৬খনকৈ পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়৷ ফলত স্বাভাৱিকতে জনস্বাস্থ্য আৰু জীৱ-জন্তু, জলচৰ প্ৰাণীৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা প্লাষ্টিক, ৰাসায়নিক পদাৰ্থৰে ভৰি পৰিছে ব্ৰহ্মপুত্ৰৰ পাৰ৷ ইফালে, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এক সূত্ৰই সদৰী কৰা অনুসৰি তেওঁলোকে বৃহস্পতিবাৰৰ পৰা লাচিতঘাট আৰু পাণ্ডুঘাটত প্ৰতিমা বিসৰ্জন দিয়া থলীত পানীৰ নমুনা সংগ্ৰহ কৰা কাৰ্য আৰম্ভ কৰিছে৷ নমুনা সংগ্ৰহৰ লক্ষ্য হৈছে প্ৰতিমা বিসৰ্জনৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ পানী কিমানখিনি প্ৰদূষিত হৈছে তাক পৰীক্ষা কৰা৷ এই নমুনা সংগ্ৰহ কাৰ্য চাৰিটা পৰ্যায়ত চলিব৷ ২৮ আৰু ৩০ অক্টোবৰ, ২ নৱেম্বৰত পানীৰ নমুনা সংগ্ৰহ কৰা হ’ব৷ চাৰিটা দিনত বেলেগ বেলেগকৈ সংগ্ৰহ কৰা পানীৰ নমুনা পৰীক্ষাগাৰত কেইবাটাও ভাগত পৰীক্ষা কৰা হ’ব৷ ইফালে, বিগত বৰ্ষত জিলা প্ৰশাসনে পানী প্ৰদূষিত হোৱাৰ আশংকাত জেচিবি আৰু শ্ৰমিকৰ হতুৱাই জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ আশংকা থকা ৰাসায়নিক পদাৰ্থ থকা প্ৰতিমা উঠাই আনিছিল৷ কিন্তু এইবেলি প্ৰশাসনে তেনে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল৷ অৱশ্যে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ নেতৃত্বত বৃহস্পতিবাৰে লাচিতঘাট, পাণ্ডুঘাট, চূণচালি আৰু বশিষ্ঠৰ প্ৰতিমা বিসৰ্জনথলীত নিগমৰ বৃহৎ শ্ৰমিকৰ দলে চাফাই অভিযান চলায়৷ চাফাই অভিযানৰ ফলত নৈৰ পাৰৰ প্ৰদূষিত অঞ্চলৰ একাংশ চাফ-চিকুণ কৰা হয়৷ কিন্তু প্ৰতিমা বিৰ্জনৰ সময়ত নদীত পৰি যোৱা প্লাষ্টিক, থাৰ্মোকল, ৰাসায়নিক পদাৰ্থসমূহ পানীৰ সোঁতত উটি-ভাহি থকা পৰিলক্ষিত হয়৷ ফলত এই কথা স্পষ্ট হৈ পৰিছে যে প্লাষ্টিক আৰু ৰসায়ন-বৰ্জ্যৰে ভৰি পৰিছে ব্ৰহ্মপুত্ৰৰ পাৰ৷