Logo
image

আজি প্ৰায় ১৫০ কোটি টকীয়া নতুন কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ প্ৰৱেশ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ অক্টোবৰঃ আজিৰ পৰা সলনি হ’ব জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ ঠিকনা৷ জনতা ভৱনত নতুনকৈ স্থাপন কৰা কাৰ্যালয়ত আজি প্ৰৱেশ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ প্ৰায় ১৫০ কোটি টকা ব্যয় সাপেক্ষে জনতা ভৱনত নিৰ্মাণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয় ভৱন৷ প্ৰাৰম্ভিক পৰ্যায়ত ভৱনটোৰ  নিৰ্মাণত ব্যয় হৈছে ১২৮ কোটি টকা৷ তাৰ ভিতৰত চিভিল ৱৰ্কৰ বাবদ ৮৮.৭৯ কোটি টকা আৰু ইলেকট্ৰিকেল ৱৰ্কৰ বাবদ ৩৯.২১ কোটি টকা৷ নিৰ্মাণ ব্যয় পুনৰ ২২ কোটি সংযুক্ত কৰা হৈছে৷ শুকুৰবাৰে হোম-যজ্ঞ পূজা অৰ্চনাৰ অন্তত নতুন কাৰ্যালয়ত প্ৰৱেশ কৰিব মুখ্যমন্ত্ৰী শৰ্মা৷ জনতা ভৱনৰ চি ব্লকৰ সমীপত পৃথকে নিৰ্মাণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয়টো৷ পাঁচ মহলীয়া আটকধুনীয়া ব্লকত থাকিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়৷ একেটা ব্লকত সংলগ্ন হৈ থাকিব মুখ্যমন্ত্ৰীৰ সকলো কাৰ্যালয়৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থাকিব আটক ধুনীয়া অতিথিশালা, সভাগৃহ৷ মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয় গৃহ প্ৰৱেশ উপলক্ষে সজাই পৰাই তোলা হৈছে নতুন ব্লকটো৷