Logo
image

ওজন নিয়ন্ত্ৰণত ৰখাৰ বাবে এইখিনি কৰক

ওজন নিয়ন্ত্ৰণত ৰখাৰ বাবে বহুতেই শৰীৰ চৰ্চাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে যদিও খাদ্যভাসৰ বিষয়ত গুৰুত্ব দিলে ওজন সহজে নিয়ন্ত্ৰণত ৰাখিব পৰা যায়৷ বিভিন্ন ব্যঞ্জনত প্ৰয়োগ কৰা মছলাই ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ 

হালধিঃ হালধিত থকা ঔষধি উপাদানে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা অটুত ৰখাত সহায় কৰে৷ ইয়াৰ উপৰি হালধিৰ ৰস নিয়মীয়াকৈ খালেও ওজন নিয়ন্ত্ৰণত থাকে৷

◾ মেথিঃ বহু ৰোগ ব্যাধিৰ মহৌষধ বুলি মেথিক গণ্য কৰা হয়৷ শৰীৰৰ বাবে ক্ষতিকাৰক কলেষ্টেৰল হ্ৰাস কৰাত ই সহায় কৰে৷ তদুপৰি যিকোনো ব্যঞ্জনৰ সৈতে মেথি খোৱাৰ অভ্যাস কৰিলে শৰীৰত চৰ্বিৰ পৰিমাণ হ্ৰাস পায়৷ যাৰ ফলত ওজন নিয়ন্ত্ৰণত থাকে৷

ডালচেনিঃ গৰম মছলাৰ প্ৰধান উপাদান হৈছে ডালচেনি৷ ডালচেনিয়ে যিকোনো ব্যঞ্জন সুস্বাদু কৰাৰ উপৰি শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷ তদুপৰি ডালচেনি বিভিন্ন ব্যঞ্জনৰ সৈতে নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে চৰ্বি হ্ৰাস পায় আৰু ওজন নিয়ন্ত্ৰণত থাকে৷

আদাঃআদাই শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ তদুপৰি অতিৰিক্ত মেদ বৃদ্ধিত বাধা দিয়ে৷ সেয়েহে আদা নিয়মীয়াকৈ খালেও ওজন নিয়ন্ত্ৰণত থাকে৷

◾ জিৰাঃ জিৰাত থকা ঔষধি গুণে শৰীৰত ইতিবাচক প্ৰভাৱ পেলায়৷ জিৰাৰ পানী খালে মেদ হ্ৰাস পোৱাৰ উপৰি ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷