Logo
image

মৃত শিশুৰ পৰিয়ালক এক লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাট,২৯ অক্টোবৰঃ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ২০১৮ চনৰ নৱেম্বৰ মাহৰ প্ৰথম পাঁচ দিনত ১৫ টাকৈ শিশুৰ চিকিৎসালয় কতৃৰ্পক্ষৰ অৱহেলাত অস্বাভাৱিকভাৱে মৃত্যু হোৱাৰ অভিযোগ কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষলৈ ক্ষতিপুৰণ দিয়াৰ নিৰ্দেশ দিছে৷ ৰাষ্ট্ৰীয়  মানৱ অধিকাৰ আয়োগে চিকিৎসা মহাবিদ্যালয়ত সেই বছৰ ১-৫ নৱেম্বৰৰ ভিতৰত ১৫ টা নৱজাতক অস্বাভাৱিক মৃত্যু হোৱা বুলি ‘আমাৰ অসম’কে ধৰি বিভিন্ন মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ ভিত্তিত ৬/৩/৭/২০১৯ নম্বৰৰ গোচৰ মৰ্মে একপাক্ষিকভাৱে গোচৰ পঞ্জীভুক্ত কৰি চিকিৎসা মহাবিদ্যালয়খনৰ কতৃৰ্পক্ষক জবাবদিহি কৰে যদিও চিকিৎসালয় কতৃৰ্পক্ষৰ উত্তৰত সন্তুষ্ট নহৈ আয়োগে চিকিৎসালয় কতৃৰ্পক্ষক প্ৰত্যেক মৃতশিশুৰ অভিভাৱকক ১ লাখকৈ টকা প্ৰদানৰ নিৰ্দেশ দিয়ে৷ অৱশ্যে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাৰ মতে এই টকা প্ৰদানৰ নিৰ্দেশ নহয় বৰঞ্চ মৃত শিশুকেইটাৰ পৰিয়ালক কিয় ক্ষতিপুৰণ দিয়া নহ’ব তাৰ কাৰণ দৰ্শাবলৈহে জাননী জাৰি কৰা হৈছে আৰু চিকিৎসালয় কতৃৰ্পক্ষই ইতিমধ্যে আয়োগক উত্তৰ প্ৰদান কৰিছে৷ ডাঃ বৰুৱাৰ মতে বিভিন্ন কাৰণত শিশু কেইটাৰ মৃত্যু ঘটিছিল৷ সেই কেইদিন আন চিকিৎসালয়সমূহ বন্ধ থকাত সকলো প্ৰসুতিক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ অনা হৈছিল আৰু তাৰে বহুতো সুস্থ অৱস্থাত অহা নাছিল বা চিকিৎসালয়লৈ অহাত পলম কৰিছিল৷ আনহাতে কেইবাটাও শিশু গোলাঘাট আৰু শিৱসাগৰৰো আছিল আৰু দুটামানৰ প্ৰস্ৰৱত পলম হৈছিল৷ তেওঁ কয় যে, ইতিমধ্যে শিশু মৃত্যু সম্পৰ্কে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাত জে এম চি কতৃৰ্পক্ষ, ৰাষ্ট্ৰীয়  স্বাস্থ্য মিচন আৰু যোৰহাট জিলা প্ৰশাসনে দণ্ডাধীশৰ দ্বাৰা পৃথকে পৃথকে তদন্ত কৰিছিল যদিও তদন্তত চিকিৎসালয় কতৃৰ্পক্ষৰ বা চিকিৎসকৰ গাফিলতি দেখা নাছিল৷ উল্লেখ্য, ৰাষ্ট্ৰীয়  মানৱ অধিকাৰ আয়োগে চিকিৎসা মহাবিদ্যালয়ৰ মুখ্য অধীক্ষকক কেইবাবাৰো তলব কৰি শিশু কেইটাৰ মৃত্যু সম্পৰ্কে স্পষ্টীকৰণ বিচাৰিছিল যদিও চিকিৎসালয় কতৃৰ্পক্ষৰ স্পষ্টীকৰণত আয়োগ সন্তুষ্ট হোৱা নাছিল৷ যাৰ বাবে আয়োগে চিকিৎসা মহাবিদ্যালয়ৰ কতৃৰ্পক্ষক শিশুকেইটাৰ অভিভাৱকক ক্ষতিপুৰণ দিয়াৰ নিৰ্দেশ দিয়ে৷ ইফালে আয়োগৰ নিৰ্দেশৰ বিৰুদ্ধে চিকিৎসালয়ৰ কতৃৰ্পক্ষই দিয়া স্পষ্টীকৰণ আয়োগৰ বাবে কিমানদূৰ গ্ৰহণযোগ্য হ’ব তাত সন্দেহ আছে৷ উল্লেখ্য, মৃত শিশু কেইটাৰ ৪ টা আছিল গোলাঘাটৰ, ৫ টা তিতাবৰৰ, ১ টা যোৰহাট নগৰৰ, ১ টা নকছাৰীৰ, ১ টা শ’লমৰাৰ, এটা কাকজানৰ, এটা কমলাবাৰীৰ আৰু এটা শিশু শিৱসাগৰৰ আছিল৷ মৃত শিশুকেইটা এদিনৰ পৰা ২৬  দিনৰ ভিতৰৰ শিশু আছিল৷