Logo
image

অস্ত্ৰ সম্বৰণ কৰি মুখ্যমন্ত্ৰীক আলিংগন ডিমাচা উগ্ৰপন্থীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফু, ২৯ অক্টোবৰঃ তিনিটা দশক ধৰি হত্যা, হিংসাৰ বাবে সংবাদ শিৰোনামত থকা ডিমা হাচাও জিলা আজিৰ পৰা একপ্ৰকাৰ হিংসামুক্ত জিলাৰূপে চৰকাৰী নথিত অন্তৰ্ভুক্ত হ’ল৷ ডি এই ডি, ডি এই ডিৰ (জে) পাছত ২০২২ চনত আৰক্ষী বিষয়াৰ হাতত অস্ত্ৰ জমা দি মূল সূুঁতিলৈ আহিছিল ডি এন এল এ নামৰ ডিমাছা জনগোষ্ঠীৰ উগ্ৰপন্থী সংগঠনটো৷ ডিমা হাচাও জিলাৰ মাইবং আৰু কাৰ্বি আংলং জিলাৰ ধনশিৰিৰ ডেজিগনেটেড শিবিৰত থকা উগ্ৰপন্থীসকলে আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ হাতত অস্ত্ৰসমূহ সমৰ্পণ কৰে৷ সেয়ে আজিৰ দিনটো ডিমা হাছাও জিলাৰ কাৰণে ঐতিহাসিক দিনৰূপে বিবেচিত হৈছে৷  আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ডিমাছা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ ১৭০জন সদস্যই আত্মসমৰ্পণ কৰি অস্ত্ৰ-শস্ত্ৰ তুলি দিয়ে৷ ইয়াৰ পাছতে আত্মসমৰ্পণ কৰা উগ্ৰপন্থী সংগঠনৰ সদস্যসকলৰ পুনৰসংস্থাপনৰ বাবে ৪ লাখ টকাকৈ বিত্তীয়সাহায্য দিয়ে মুখ্যমন্ত্ৰীয়ে৷ অৱশ্যে এই ৪ লাখ টকা বেংকত ফিক্সড্‌ ডিপজিত হৈ থাকিব৷  আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত আছিল ৰাজ্যৰ জলসম্পদমন্ত্ৰী পীয়ূষ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী যোগেন মহন, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা, কাৰ্বি-আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোচা, ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হীৰেন চন্দ্ৰ নাথ আৰু ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কটা৷ মুখ্যমন্ত্ৰীয়ে আজিৰ পৰা ডিমা হাছাও জিলা সম্পূৰ্ণ সন্ত্ৰাসমুক্ত হোৱা বুলি কয়৷ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত এতিয়া আৰু কোনো উগ্ৰপন্থী সংগঠন নাই৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পাহাৰৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি লৈছে আৰু ই পাহাৰৰ চেহেৰা সলনি কৰিছে৷ মুখ্যমন্ত্ৰীয়ে ডি এন এল এৰ লগত হোৱা শান্তি চুক্তিয়ে ডিমা হাছাও জিলাৰ প্ৰগতি অধিক তৰান্বিত কৰিব বুলি কৈ তেওঁ সকলোকে বিজেপি চৰকাৰক সহযোগ কৰাৰ আহ্বান জনায়৷ ডি এল এৰ নেতৃত্বই চৰকাৰে শান্তি চুক্তি শীঘ্ৰে কাৰ্যকৰী কৰিব বুলি আশা প্ৰকাশ কৰে৷

মুছৰাঙক বুকুত সাবটি মূল সুঁতিলৈ আদৰিলে মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ, ৰিপ’ৰ্টাৰ ডিফুঃ পাহাৰৰ ৰাজনীতি তিনিটা দশকধৰি নিয়ন্ত্ৰণ কৰি আছে বৰ্তমানৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ পাছতে ডিমা হাছাও জিলাৰ কংগ্ৰেছী পৰিষদ ভাঙি গঠন কৰিছিল বিজেপিৰ পৰিষদ৷ প্ৰথমে ডি এইছ ডি জেৰ সেনাধ্যক্ষ নিৰঞ্জন হোজাইক মুখ্য কাৰ্যবাহী সদস্য পাতিছিল৷ নিৰঞ্জন হোজাই জে’ললৈ যোৱাত আন এজন প্ৰাক্তন বিদ্ৰোহী নেতা উপ-সেনাধ্যক্ষ দেবুলাল গাৰ্লোচাক মুখ্য কাৰ্যবাহী সদস্য পাতিলে৷ ২০১৬চনৰ পৰা নিৰঞ্জন হোজাই আৰু দেবুলাল গাৰ্লোচাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ থকাত বহু বিৰ্তক হ’ল আজিও হৈ আছে৷ কিন্তু মুখ্যমন্ত্ৰীৰ আৰ্শীবাদত দেবুলাল গাৰ্লোচা আজিও মুখ্য কাৰ্যবাহী হৈ আছে৷ আজি হাফলং ক্ৰীয়া সন্থাৰ খেলপথাৰত ডি এল এ নামৰ উগ্ৰপন্থী সংগঠনটোৰ অস্ত্ৰসম্বৰণ সমাৰোহত মুখ্যমন্ত্ৰীয়ে সাবটি ধৰে সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ মুছৰাঙক৷ মুখ্যমন্ত্ৰীক সাবটি থকা এইখন ফটোৱে এতিয়া ভৱিষ্যতৰ ডিমা হাছাও জিলাৰ ৰাজনীতিৰ বহু কথা যেন কৈ গৈছে৷ আজি হাফলঙত মুখ্যমন্ত্ৰীয়ে কয় যে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন নৱেম্বৰ-ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব৷  আজি অস্ত্ৰসম্বৰণ কৰা বিদ্ৰোহী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ মুছৰাঙে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰে সুবিধা দিলে তেওঁলোকে পৰিষদৰ নিৰ্বাচন খেলিব৷ উল্লেখ্য, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে ছটাকৈ বিদ্ৰোহী সংগঠনে অস্ত্ৰসম্বৰণ কৰি সংগঠন ভংগ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিজেপিত যোগদান কৰিছিল৷ তেওঁলোকৰ ছজন নেতাই পৰিষদৰ নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব বিচাৰিছিল যদিও কাকো প্ৰাৰ্থিত্ব দিয়া নহ’ল৷ ডি এন এল এৰ নেতাৰ কি হয় সেয়া সময়েহে ক’ব৷ মুখ্যমন্ত্ৰীৰ বুকুৰ ভিতৰত নে বাহিৰত এই আলিংগন সেয়া সময়ে নিৰ্ধাৰণ কৰিব৷ আজি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ডিমা হাছাও জিলাৰ ৰাস্তা-ঘাট নিৰ্মাণৰ বাবে ছহাজাৰ কোটি টকা বিশ্ব বেংক, এ ডি বি আৰু অসম চৰকাৰে দিছে৷ এতিয়া কামসমূহ চলি আছে বুলি কয়৷ আজি চৰকাৰী কলেজ, পলিটেকনিক, একলব্য বিদ্যালয়ৰ আধাৰশিলা হৈছে৷ এতিয়া পাহাৰত আৰু উগ্ৰপন্থী সংগঠন নাই৷ কুকি আৰু মাৰ বিদ্ৰোহী সংগঠনৰ আলোচনা চলি আছে শীঘ্ৰে সেয়াও সমাধান হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ আজিলৈকে তেওঁৰ কাৰ্যকালত ৭,২২০জন উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে আৰু ১,৭০০অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ জমা দিছে৷ ডি এন এল এৰ ১,০০০ কোটি টকাৰ পেকেজেও পাহাৰৰ উন্নয়ন তৰাম্বিত কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷