Logo
image

লোকসভাৰ ফলাফল দেখি মুখ্যমন্ত্ৰীয়ে কান্দিব, অখিলৰ দাবী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ অক্টোবৰঃ লোকসভাৰ নিৰ্বাচনৰ ফলাফল দেখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কান্দিব৷ এই দাবী বিধায়ক অখিল গগৈৰ৷ বিজেপি বিৰোধী ১৩ ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চক লৈ শাসকীয় বিজেপিৰ মন্ত্ৰী-বিধায়কে তুচ্ছ তাচ্ছিল্য কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়ে কয়– বিজেপি নেতৃত্বাধীন চৰকাৰৰ স্বৈৰতন্ত্ৰী নীতিৰ বিৰুদ্ধে জনতাৰ মনত ক্ষোভ পঞ্জীভূত হৈছে৷ এই ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটিব ২০২৪ চনৰ লোকসভা নিৰ্বাচনত৷ বিজেপি বিৰোধী ১৩ ৰাজনৈতিক দল ঐক্যবদ্ধ হোৱাত শংকিত হৈছে বিজেপি৷ শংকিত হৈছে মুখ্যমন্ত্ৰীও৷ বিৰোধী শক্তি লগ হোৱা বাবে শাসক শ্ৰেণীটোৱে বেয়া পাইছে৷ মনত ক্ষোভ, বেদনা প্ৰকাশ পাইছে তেওঁলোকৰ ভাষ্যত৷ এইকেইদিন তেওঁলোকক ডাইলগ মাৰিবলৈ দিছোঁ৷ ২০২৪ অৰ নিৰ্বাচনৰ ফলাফলৰ পাছত তেওঁলোকৰ ডাইলগ অলপ কমিব৷ লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী, পীয়ূষ হাজৰিকা, জয়ন্ত মল্ল এনেকুৱাকৈ লজ্জিত হ’ব যে দম্ভৰ চূড়াৰ পৰা তেওঁলোক খহি পৰিব৷ তেওঁলোকে মানুহ বোলা ‘বস্তু’টো কি লোকসভা নিৰ্বাচনৰ পাছত গম পাব৷ ২০২৪ অত বিজেপি চৰকাৰে প্ৰথম জোকাৰণি খাব৷ ২০২৬ অত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক ওফৰাম৷ বিজেপিক ক্ষমতাচ্যুত কৰাৰ লক্ষ্য লৈ ১৩টা বিজেপি বিৰোধী দলৰ মাজত উমৈহতীয়া মঞ্চই আনুষ্ঠানিক ৰূপ পাবলৈ এতিয়াও বহু বাকী৷ কিন্তু বিৰোধী ঐক্য মঞ্চ গঠনৰ পূৰ্বে তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে শাসকীয় দল বিজেপিৰ আভ্যন্তৰত৷ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাত ১৩ ৰাজনৈতিক দল ঐক্যৱদ্ধ হোৱাত উদ্বিগ্ন হৈ পৰিছে বিজেপিৰ মন্ত্ৰী-বিধায়ক৷ বিৰোধী ঐক্যমঞ্চৰ বৈঠকক বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পিকনিক বুলি কটাক্ষ কৰিছে৷ তেওঁ কয়–এতিয়া পিকনিকৰ ‘চিজন’৷ বিৰোধী দলৰ নেতাসকলে গুৱাহাটীৰ হোটেলত পিকনিক খাবলৈ লগ হৈছে৷ বিৰোধী ঐক্যমঞ্চৰ বৈঠকক কটাক্ষ কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকায়ো৷ তেওঁ কয়–চাহ, ভাত খাবলৈ মিলিত হৈছে বিৰোধী৷ লোকসভা নিৰ্বাচনলৈ নাথাকে বিৰোধীৰ এলায়েন্স৷ গোটেই কেইটা দল একলগ হ’লে এটা বা দুটা চিটত জিকিব৷