Logo
image

পূজা শেষ নৌহওঁতেই গুৱাহাটীত কিন্নৰ-হত্যা, ঘটিল দিন ডকাইতিও

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক,২৯ অক্টোবৰঃ অপৰধীৰ ৰম্য ভূমিত পৰিণত হৈছে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰী৷ পবিত্ৰ লক্ষ্মী পূজাৰ দিনা মহানগৰীৰ উজান বজাৰ আৰু চান্দমাৰিত একেদিনাই দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মূলতঃ দুৰ্গা পূজা শেষ নৌহওঁতেই গুৱাহাটী মহানগৰীত উদ্বেগ জনক ভাবে বৃদ্ধি পাইছে হত্যা আৰু ডকাইতৰ দৰে জঘণ্য অপৰাধ জনিত ঘটনা৷ এটাৰ পিছত আনটো অপৰাধ জনিত ঘটনা সংঘটিত হোৱাৰ পাছতো আৰক্ষীয়ে অপৰাধ জনিত ঘটনা ৰোধ কৰাত চুড়ান্ত ভাবে ব্যৰ্থ হৈছে৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটী মহানগৰীৰ চান্দমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সমীপৰ নলাত আজি পুৱাৰ ভাগত এটা বস্তাৰ ভিতৰত উদ্ধাৰ হয় এজন কিন্নৰৰ মৃতদেহ৷ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে চান্দমাৰি আৰক্ষীক৷ ঘটনাস্থলীত চান্দমাৰি আৰক্ষী আৰু চি আই ডিৰ ফৰেনচিকৰ দলে স্নিফাৰ ডগক লৈ উপস্থিত হৈ আৰম্ভ কৰে তদন্ত৷ পিছত উদ্ধাৰ হোৱা বস্তাটো খুলি সেয়া মৃতদেহ বুলি আৰক্ষী নিশ্চিত কৰে৷ ৰঙা ৰঙৰ মেক্সি পৰিধান কৰা কিন্নৰগৰাকী ধৰ্ষণ কৰি চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ মৃত কিন্নৰগৰাকীৰ  বয়স প্ৰায় ৩৫-৪০ বছৰ হব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে৷ মৃত কিন্নৰগৰাকীক দুৰ্বৃত্তই অন্য স্থানত হত্যা কৰি চান্দমাৰিত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ চান্দমাৰি আৰক্ষীয়ে মৃতদেহটো চিনাক্ত কৰিবলৈ নূৰজাহান নামৰ এগৰাকী কিন্নৰক ঘটনা স্থলীলৈ মাতি আনে৷ গুৱাহাটীৰ ডিস্কো বাৰত ঠগ-প্ৰবঞ্চনা কৰাৰ বাবেই তেওঁক কোনো লোকে চোকা অস্ত্ৰৰে হানি-খুঁচি নৃশংস ভাবে হত্যা কৰা বুলি নূৰজাহানে সন্দেহ কৰিছে৷ ইপিনে, কিন্নৰগৰাকীৰ ডিঙিত কটা দাগৰ উপৰি মুখমণ্ডলত আঘাতৰ চিন প্ৰত্যক্ষ কৰি গুৱাহাটী আৰক্ষী আয়ুক্তৰ মধ্য জিলাৰ ডিচিপি অমিতাভ বসুমতাৰীয়ে তেওঁক দুস্কৃতিকাৰীয়ে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে৷ বসুমতাৰীয়ে কয় যে শীঘ্ৰেই অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰিব পৰা যাব৷ ইফালে, নিশা মৃতদেহ চিনাক্ত হোৱাৰ কথা সদৰী কৰে আৰক্ষীয়ে৷ চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জনোৱা মতে, মৃত যুৱকজনৰ নাম ইমদাদুৰ ইছলাম৷ নগাঁও জিলাৰ জুৰিয়াৰ ইমদাদুল ইছলামে নিজকে তৃতীয় লিংগৰ লোক বুলি চিনাকি দি অহাৰ কথাও সদৰী কৰে আৰক্ষীয়ে৷

অটোৰ ভিতৰত ড্ৰাগ্‌ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

আমাৰ অসমৰ মহানগৰীৰ প্ৰতিবেদকঃ গুৱাহাটী মহানগৰীৰ উজান বজাৰত অটোৰ ভিতৰত ড্ৰাগ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ উজান বজাৰত শিৱৰাম পথত আজি পুৱাৰ ভাগত এখন অটৰ ভিতৰত ৰূপম দাস নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ মৃত ৰূপম দাস নামৰ যুৱক জনৰ ঘৰ খাৰঘুলি বেলতলত৷ ড্ৰাগছ আসক্ত ৰূপম ৬ মাহ পূৰ্বে আছিল এটা নিচা মুক্তি কেন্দ্ৰত৷  পূজাৰ বাবে মাকে পূজাত ঘৰলৈ লৈ আনিছিল ৰূপমক৷  কালি ৪ বজাত ঘৰৰ পৰা ওলাই অহাৰ পিছত সন্ধানহীন হৈ আছিল ৰূপম৷ আজি এখন অটত ৰূপম দাসৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ পৰিয়ালৰ সন্দেহ ৰূপমক পৰিকল্পিত ভাবে কোনো লোকে হত্যা কৰিছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷ 

বশিষ্ঠত স্কুটীত অহা তিনি ডকাইতে লুটিলে ব্যৱসায়ীৰ ধন

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবাদকঃ আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ লোকে গিজ-গিজাই থকা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত মুঠেই সুৰক্ষিত নহয় সৰ্বসাধাৰণ নাগৰিক৷ এটাৰ পিছত আনটো অপৰাধজনীত ঘটনা সংঘটিত হোৱাৰ পাছতো স্মাৰ্ট আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰা নাই৷ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হয় চাঞ্চল্যকৰ দিন ডকাইতি ঘটনা৷  ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে দিন ডকাইতিৰ ঘটনা৷ প্ৰতিদিনেই যেন মহানগৰীৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে দিন ডকাইটিৰ ঘটনা৷ মহানগৰ আৰক্ষীয়ে চোৰ- ডকাইটিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে পুনৰ মহানগৰীত সংঘটিত হয় দিন ডকাইটিৰ ঘটনা৷ এইবাৰ গুৱাহাটী মহানগৰীৰ বশিষ্ঠত সংঘটিত হয় এই চাঞ্চল্যকৰ দিন ডকাইতিৰ ঘটনা৷ মানুহৰ সমাগমৰ মাজতে বশিষ্ঠ চাৰি আলিৰ পৰা স্কুটী অহা তিনি জনীয়া ডকাইতৰ দলে এজন লোকৰ পৰা নগদ ১০ হাজাৰ টকা লুট কৰি নিয়ে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে, বশিষ্ঠ চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত স্কুটীত অহা তিনি জনীয়া ডকাইতৰ দলে বাইকেৰে যোৱা ৰাজু যাদৱক আগুচি ধৰি প্ৰহাৰ কৰি নগদ ১০ হাজাৰ টকা কাঢ়ি ঘটনা স্থলীৰ পৰা পলায়ন কৰে৷ তিনি জনীয়া ডকাইতৰ দলে এএছ ০১- এফএ-৩২০৬ নম্বৰৰ স্কুটীৰে আহিছিল৷ ভুক্তভোগী ৰাজু যাদৱে চিঞৰ বাখৰ কৰে যদিও কোনো লোক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল৷ উল্লেখ্য যে ডকাইতি কাণ্ড সংঘটিত হোৱা স্থানৰ পৰা মাত্ৰ পাঁচশ মিটাৰ দূৰত্বত আছে বশিষ্ঠ আৰক্ষী থানা৷ তদুপৰি বশিষ্ঠ আৰক্ষীৰ লগতে যান বাহন শাখাৰ আৰক্ষীয়ে ২৪ ঘণ্টাই বশিষ্ঠ চাৰিআলিত টহল দি থকা স্বত্বেও সংঘটিত হোৱা এনে ঘটনাই আৰক্ষীৰ নিৰাপত্তা ব্যবস্থাৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে৷ পিছত ভুক্তভোগী ৰাজু যাদৱে ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ পঞ্জীয়ন কৰিছে৷ ইপিনে, দিন দুপৰতে সংঘটিত হোৱা চাঞ্চল্যকৰ দিন ডকাইতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনি দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে৷ বশিষ্ঠ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় ক্ৰমে লাকী বৰ্মন, প্ৰকাশ বড়ো আৰু প্ৰাঞ্জল বড়ো৷ সম্প্ৰতি বশিষ্ঠ আৰক্ষীৰ জেৰা অব্যাহত আছে ধৃত তিনি ডকাইতক৷ লগতে আৰক্ষীয়ে জব্দ কৰে ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা এএছ ০১- এফএ-৩২০৬ নম্বৰৰ স্কুটীখন৷ জানিব পৰা মতে পূৰ্বেও চুৰি, ডকাইতিৰ লগতে সুৰাপান কৰি ৰাজপথত অপ্ৰীতিকৰ পৰিবেশ সৃষ্টি কৰাৰ অভিযোগ আছে যুৱক তিনি জনৰ বিৰুদ্ধে৷ আনহাতে এই ডকাইতি কাণ্ড সংঘটিত কৰাৰ কথা সম্পূৰ্ণ ৰূপে নস্যাৎ কৰে ধৃত তিনি ডকাইতে৷