Logo
image

টীম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ সম্ভাৱনা প্ৰসংগত কি ক’লে ধোনিয়ে

এইবাৰৰ বিশ্বকাপ ক্ৰিকেটত এতিয়ালৈকে এখনো খেলত পৰাস্ত নোহোৱা দলটো হৈছে ভাৰত৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়েৰে অভিযান আৰম্ভ কৰা টীম ইণ্ডিয়াই তাৰ পাছত পৰাস্ত কৰিছে আফগানিস্তান, পাকিস্তান, বাংলাদেশ আৰু নিউজীলেণ্ডক৷ বেটিং, বলিং, ফিল্ডিং–তিনিওটা বিভাগতে দলটো আছে ভাল ছন্দত৷ সেইবাবেই ক্ৰিকেট পণ্ডিতসকলে ভাৰতকে এইবাৰৰ খিতাপৰ প্ৰবল দাবীদাৰ হিচাপে অভিহিত কৰিছে৷ ভাৰতৰ বিশ্বকাপ জয়ৰ সম্ভাৱনা কিমান? এই প্ৰশ্নটো কৰা হৈছিল ২০০৭ চনৰ টুৱেণ্টী২০ বিশ্বকাপ আৰু ২০১১ চনৰ ৫০ অভাৰৰ বিশ্বকাপজয়ী ভাৰতীয় দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিক৷ এইবাৰৰ বিশ্বকাপত ৰোহিত শমাৰ দলটোৰ এই পৰ্যন্ত প্ৰদৰ্শনত ধোনি যথেষ্ট সন্তুষ্ট৷ তেওঁৰ বক্তব্যতে এই কথাৰ উমান পোৱা যায়৷ কেইদিনমান পূৰ্বে এটা সাক্ষাৎকাৰত এই প্ৰশ্নৰ উত্তৰত ধোনিয়ে কৈছিল–‘ভাৰতীয় দলটো যথেষ্ট ভাল৷ এতিয়ালৈকে দলটোৰ প্ৰদৰ্শনত প্ৰতিজন সদস্যৰে অৰিহণা আছে৷ এনে এটা ভাৰসাম্য থকা দল এটাৰ পৰা বহুখিনি আশা কৰিব পৰা যায়৷ ইয়াতকৈ অধিক আৰু একো নকওঁ৷ সমঝদাৰো কে লিয়ে ইছাৰাহি কাফি৷’ টীম ইণ্ডিয়া প্ৰসংগত  ধোনিৰ এই মন্তব্য যথেষ্ট তপৰ্যপূৰ্ণ৷ তেওঁৰ মেচ ৰিডিং অতি নিখুঁত৷ প্ৰাক্তন অধিনায়কজনে ভাৰতীয় ক্ৰিকেটাৰক যিদৰে প্ৰশংসা কৰিছে তাৰ দ্বাৰা ইয়াকেই বুজিব লাগিব যে বাৰ বছৰৰ পাছত ভাৰতে পুনৰবাৰ বিশ্বকাপ জয় কৰিব পাৰিব বুলিয়েই ধোনি বিশ্বাসী৷
ধোনিৰ লগতে এইবাৰৰ বিশ্বকাপত ভাৰত খিতাপৰ প্ৰবল দাবীদাৰ বুলি দাবী কৰিছে পাকিস্তানৰ প্ৰাক্তন পেচ বলাৰ ছোৱাইব আখতাৰে৷ আখতাৰৰ মতে, এইবাৰৰ টুৰ্নামেণ্টখনত ভাগ লোৱা দহটা দলৰ ভিতৰত সবাতোকৈ ভাৰসাম্য থকা দলটো হৈছে ভাৰত৷ প্ৰতিটো বিভাগতে দলটোৰ প্ৰদৰ্শন প্ৰশংসনীয়৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে দলটো কোনো এজন বিশেষ খেলুৱৈৰ ওপৰত অত্যধিক নিৰ্ভৰশীল নহয়৷ ৰোহিত শৰ্মা, শুভমন গীল, বিৰাট কোহলি, লোকেশ ৰাহুল, ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰা, কুলদীপ যাদৱৰ দৰে ক্ৰিকেটাৰৰ উপস্থিতিত দলটোৱে যিকোনো দলকে শলঠেকত পেলাব পাৰিব বুলি মন্তব্য কৰি আখতাৰে কয় যে ৰোহিত শৰ্মাৰ দলটোৱে ২০১১ চনৰ বিশ্বকাপৰ প্ৰদৰ্শনৰ পুনৰাবৃত্তি ঘটাব পাৰিব বুলি তেওঁ আশাবাদী৷