Logo
image

চানমাৰিত মৃতদেহ উদ্ধাৰ ঘটনাৰ বিস্ফোৰক তথ্য লাভ আৰক্ষীৰঃ ২ যুৱকে স্কুটীৰে মৃতদেহ আনি পেলাইছিল নলাত

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী চানমাৰিত মৃতদেহ উদ্ধাৰৰ ঘটনাই নতুন মোৰ লাভ কৰিছে। চি চি টিভিৰ ফুটেজত বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে।সম্প্ৰতি আৰক্ষীৰ হাতত আহি পৰিছে চি চি টিভিৰ ভিজুৱেল। চি চি টিভি ভিজুৱেল অনুসৰি এখন স্কুটীৰে দুজন লোকে লৈ আহিছিল মৃতদেহটো।

মৃতদেহটো পেলোৱাৰ পূৰ্বে সেই দুজন লোকে বহু চৌপাশ নিৰীক্ষণ কৰিছিল। কোনো নথকাৰ সুযোগ লৈ মৃতদেহটো পেলাই দিছিল নলাত। নিশা প্ৰায় ১২:০৫ বজাত নলাত পেলাই দিছিল মৃতদেহটো। বৰ্তমান মৃতদেহ পেলাই দিয়া দুজন লোকৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। 

ইপিনে চানমাৰি থানাত উপস্থিত হৈছে হত্যাৰ বলি হোৱা আমদাদুলৰ মাতৃ আৰু কনিষ্ঠ ভাতৃ। ১২ বছৰীয়া পুত্ৰ সন্তানৰ সৈতে চানমাৰি থানাত উপস্থিত হয় মাতৃগৰাকী। ৰজি, মহিমা, ৰাধা নামৰ তিনি কিন্নৰে আমদাদুলক হত্যা কৰা বুলি মাতৃ আৰু ভাতৃয়ে সন্দেহ প্ৰকাশ কৰিছে৷ লগতে মাতৃয়ে কৈছে যে পূৰ্বৰ পৰাই মৃত আমদাদুলৰ চিনাকি আছিল ৩ কিন্নৰৰ সৈতে। 

মাতৃয়ে জনোৱা অনুসৰি ২৫ দিন পূৰ্বে কেৰালালৈ যাম বুলি কৈ নগাঁৱৰ ঘৰৰ পৰা ওলাই আহিছিল আমদাদুল। নিজা ঘৰত থকা সময়ত আমদাদুলে পৰিধান কৰিছিল পুৰুষৰ বস্ত্ৰ। গুৱাহাটীলৈ আহি নিজকে তৃতীয় লিংগ বুলি পৰিচয় দিছিল মৃত আমদাদুলে। আনহাতে ৰজিৰ ঘৰ নগাঁৱত, মহিমাৰ ঘৰ গুৱাহাটীত আৰু ৰাধাৰ ঘৰ জখলাবন্ধাত বুলি মাতৃগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। 

ইয়াৰ পিছতে মাতৃয়ে কোৱা তিনি কিন্নৰৰ সন্ধানত নামি পৰিছে আৰক্ষী। সম্প্ৰতি ইজনৰ পিছত সিজন কিন্নৰক সোধাপোছা অব্যাহত ৰাখিছে চানমাৰি আৰক্ষীয়ে। মৃত আমদাদুলৰ বয়স ২৬বছৰ বুলি মাতৃয়ে জানিবলৈ দিছে। আমদাদুলৰ হত্যাকাণ্ডক লৈ আৰক্ষীয়ে সোধা-পোছা কৰিবলৈ বামুনীমৈদামৰ ময়লাটেংকীৰ পৰা  তিনি কিন্নৰক আটক কৰিছে আৰক্ষীয়ে। 

উল্লেখ্য যে  শনিবাৰে গুৱাহাটী মহানগৰীৰ চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সমীপৰ নলাত এটা বস্তাৰ ভিতৰত উদ্ধাৰ কৰা হৈছিল আমদাদুলৰ মৃতদেহ। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে চানমাৰি আৰক্ষীক। পিছত ঘটনাস্থলীত চানমাৰি আৰক্ষীৰ লগতে চি আই ডিৰ ফৰেনচিকৰ দলে স্নিফাৰ ডগক লৈ উপস্থিত হৈ তদন্ত  আৰম্ভ কৰে। ইয়াৰ পিছতে মৃত আমদাদুলৰ হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে চানমাৰি আৰক্ষীয়ে।