Logo
image

ডিজিটেল অসমৰ সপোন আজিও অপূৰ্ণ

কেন্দ্ৰত বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰথমখন চৰকাৰ গঠন কৰাৰ সময়ত দেশৰ  প্ৰশাসন যন্ত্ৰলৈ গতিশীলতা, স্বচ্ছতা অনাৰ বাবে চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ দৰে এক অভিলাসী পদক্ষেপ গ্ৰহণ কৰিছিল৷ এই পদক্ষেপৰ জৰিয়তে চৰকাৰী বিভাগসমূহত দীৰ্ঘকাল জুৰি অব্যাহত থকা ফাইলিং ব্যৱস্থাৰ হ্ৰাস কৰি বিভিন্ন ডিজিটেল মাধ্যমেৰে অফিচিয়েল কাম-কাজসমূহ খৰতকীয়া কৰা, ৰঙা ফিটাৰ মেৰপাক কমাই দুৰ্নীতি ৰোধ কৰা, জনসাধাৰণৰ বাবে প্ৰযোজ্য হোৱা জনকল্যাণমূলক আঁচনিসমূহৰ ধন হিতাধিকাৰীয়ে পোনপটীয়াকৈ লাভ কৰা, বিত্তীয় প্ৰতিষ্ঠান, বেংককে ধৰি অন্যান্য উদ্যোগ, নিৰ্মাণ খণ্ডৰ কাম-কাজ দ্ৰুত কৰা আদি লক্ষ্য স্থিৰ কৰা হৈছিল৷ ডিজিটেল ইণ্ডিয়া কাৰ্যকৰীকৰণৰ লগে লগে দেশত বহু ক্ষেত্ৰতে পৰিৱৰ্তন আহিল৷ পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ আমোলত বিভিন্ন জনকল্যাণ আঁচনিসমূহৰ ধন মধ্যভোগী, বিষয়া-কৰ্মচাৰী, নেতা-পালিনেতা, দালালে দুৰ্নীতি-অনিয়মেৰে হস্তগত কৰিছিল৷ ফলত ৰাজকোষৰ কোটি কোটি ধন ব্যয় হোৱাৰ পাছতো আশাকৰা মতে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলৰ অৱস্থা উন্নত হোৱা নাছিল৷ সেয়া এতিয়া বহু পৰিমাণে হ্ৰাস পালে৷ তদুপৰি ডিজিটেলাইজেশ্যনে অত্যধিক ৰূপত কাগজ ব্যৱহাৰ কৰাটো হ্ৰাস কৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো এক যোগাত্মক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে৷ অনলাইন ব্যৱস্থাসমূহৰ যোগেদি বেংক পেমেণ্ট, ধন হস্তান্তৰ, শ্বেয়াৰ ক্ৰয়-বিক্ৰয়, ৰে’লৱে-এয়াৰ টিকট ক্ৰয়, হোটেল বুকিং, শিক্ষানুষ্ঠানত এডমিশ্যনকে ধৰি বিভিন্ন ক্ষেত্ৰত কাম-কাজ কৰাৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আনিলে৷ এক কথাত দেশৰ উন্নয়নৰ ক্ষেত্ৰত যে ডিজিটেলাইজেশ্যনে এক সৱল ভূমিকা পালন কৰিছে তাক নুই কৰিব নোৱাৰি৷ ক’ভিড-১৯ অতিমাৰীয়ে বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত অনলাইন ব্যৱস্থাসমূহে কেনে এক ভূমিকা পালন কৰিলে সেয়া সকলোৰে জ্ঞাত৷ এই ব্যৱস্থাৰ সুবাদতে অৱশ্যে চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ মন জয় কৰিবৰ বাবে বিভিন্ন আঁচনিৰ ধন ভোটাৰৰ একাউণ্টলৈ হস্তান্তৰ কৰি ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ পূৰ্ণ প্ৰচেষ্টা চলাইছে৷ অসম, পশ্চিমবংগ, উত্তৰপ্ৰদেশ আদি বিধানসভাৰ নিৰ্বাচন হ’বলগা ৰাজ্যসমূহত চৰকাৰে নিতৌ ঘোষণা কৰা নতুন নতুন আঁচনিৰ ধন হিতাধিকাৰীয়ে অনলাইনযোগে লাভ কৰিছে৷ উল্লেখ্য, দেশৰ বহু ৰাজ্যই ‘ডিজিটেল ইণ্ডিয়া’ তৰান্বিত হোৱাৰ পাছৰে পৰা ‘ই-গৱৰ্ণেন্স’, ‘ই-ফাইলিং’, ‘ই-ট্ৰেডিং’ ব্যৱস্থাসমূহ সুন্দৰভাৱে কাৰ্যকৰী কৰাৰ ফলত সেই ৰাজ্যসমূহৰ প্ৰশাসন বহু পৰিমাণে গতিশীল, দক্ষ হৈ পৰিছে৷ হায়দৰাবাদ, বেংগালুৰু, পুনে, দিল্লী, চেন্নাই আদি বহু মহানগৰ-নগৰত আৰক্ষীয়ে ডিজিটেল মাধ্যমক পৰিকল্পিতভাৱে ব্যৱহাৰ কৰি অপৰাধ নিয়ন্ত্ৰণ, চাইবাৰ ক্ৰাইম ৰোধ কৰাৰ ক্ষেত্ৰত সফল হৈছে৷ জিলা পৰিবহণ বিভাগ, পৌৰ নিকায়, বিদ্যুৎ, স্বাস্থ্য, কৃষি, জনস্বাস্থ্য আদি বিভাগসমূহত  ই-গৱৰ্ণেন্স ভালদৰে ব্যৱহাৰ হোৱাৰ বাবে বহু ৰাজ্যৰ জনসাধাৰণে সুফল পাইছে৷ ইয়াৰ বিপৰীতে অসমত ডিজিটেলাইজেশ্যনে নিৰ্দিষ্ট কেইটামান ক্ষেত্ৰৰ বাদে চৰকাৰী কাম-কাজসমূহৰ ক্ষেত্ৰত চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰিছে৷ ই-ফাইলিং, ই-ট্ৰেকিং ব্যৱস্থা অসমৰ কাৰ্যালয় সমূহত ন্যূনতম পৰ্যায়তো কাৰ্যকৰী নোহোৱাৰ বাবে চৰকাৰী কাৰ্যালয়সমূহত দুৰ্নীতি, অনিয়ম সামান্যতমো হ্ৰাস পোৱা নাই৷ মান্ধাতাযুগৰ ব্যৱস্থাৰে একেটা ফাইলকে একেজন বিষয়া, গাণনিক, অডিটৰ, কনিষ্ঠ সহায়কৰ টেবুললৈ তিনি-চাৰিবাৰ যোৱাৰ নিয়ম এতিয়াও প্ৰযোজ্য হৈ আছে অসমৰ কাৰ্যালয় সচিবালয়ক আদিত৷ কাজেই এই ব্যৱহাৰ সুযোগ লৈ প্ৰতিটো কাৰ্যালয়তে চলি আছে অবাধ দুৰ্নীতি৷ ই-ট্ৰেকিঙৰ ব্যৱস্থা জনতা ভৱনতে আজি পৰ্যন্ত কাৰ্যককৰী নহ’ল৷ ৰাজ্য চৰকাৰৰ কোনো বিভাগৰে ৱেবছাইট আপডেট সময়মতে নোহোৱাৰ বাবে পুৰণি তথ্যৰে ভৰি থাকে ৱেবছাইট৷ ফলত বিভিন্ন কাৰণত তথ্য বিচাৰিলেও এনে ৱেবছাইটসমূহৰ পৰা সঠিক তথ্য পোৱা নাযায়৷ লক্ষণীয়ভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য নাগালেণ্ড, মেঘালয়, অৰুণাচল, ছিকিম আদিয়ে তথ্য-প্ৰযুক্তি, ই-গৱৰ্ণেন্স আদিক অসমৰ তুলনাত বহু পৰিপৰিকল্পিতভাৱে ব্যৱহাৰ কৰি প্ৰশাসনলৈ গতিশীলতা আনিছে৷ তথ্য প্ৰযুক্তিৰ ব্যাপক প্ৰয়োগৰ বাবে সৃষ্টি হোৱা ‘ডিজিটেল যুগ’ত বাস কৰিও অসমৰ চৰকাৰী কাৰ্যালয়সমূহ এই যুগলৈ আনিব নোৱাৰাটো চৰকাৰৰ চৰম ব্যৰ্থতা৷