Logo
image

মুখ্যমন্ত্ৰীৰ আপত্তি, মিজোৰামত মোদীৰ নিৰ্বাচনী সভা বাতিল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ অক্টোবৰঃ ভোটৰ প্ৰচাৰৰ বাবে ৩০ অক্টোবৰত মিজোৰামলৈ অহাৰ কথা আছিল প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ৷ কিন্তু শেষ মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদীৰ মিজোৰাম ভ্ৰমণ বাতিল কৰা হয়৷ প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত  শ্বাহ মিজোৰামলৈ আহিব নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে৷ অমিত শ্বাহৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীও মিজোৰামলৈ আহিব নিৰ্বাচনী প্ৰচাৰ চলাবলৈ৷ প্ৰধানমন্ত্ৰীয়ে মিজোৰামৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী কিয় বাতিল কৰিলে সেই সন্দৰ্ভত ৰাজ্যখনৰ বিজেপি নেতৃত্বই এই পৰ্যন্ত স্পষ্টভাৱে একো কোৱা নাই৷ প্ৰধানমন্ত্ৰীৰ মিজোৰাম  ভ্ৰমণ বাতিলক লৈ কটাক্ষ কৰিছে কংগ্ৰেছ দলে৷ প্ৰবীণ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইট কৰি কয়– প্ৰধানমন্ত্ৰীয়ে মিজোৰামৰ প্ৰচাৰ কাৰ্যসূচী বাতিল কৰা বুলি শুনিছো৷ হয়তো তেওঁ ভাবিছে যে মিজোৰামৰ চুবুৰীয়া ৰাজ্য মণিপুৰলৈ বিগত ১৮০ দিনৰ ভিতৰত এদিনো যোৱাৰ বাবে যিহেতু সময় নাপালে, সেয়ে এই বিষয়ে প্ৰশ্ন উঠিব পাৰে৷ যাৰ বাবে  তেওঁ মিজোৰাম ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰিলে৷ মিজোৰামৰ ২০১৮ চনৰ বিধানসভাৰ নিৰ্বাচনত ভয়াৱহ বিপৰ্যয়ৰ সন্মুখীন হৈছিল বিজেপি দল৷ ৪০খন আসনৰ ভিতৰত মাত্ৰ এখনহে আসন লাভ কৰিছিল বিজেপি দলে৷ এটা সমষ্টিত দ্বিতীয় স্থানত আছিল বিজেপি দল৷ বাকী অধিকাংশ আসনত বিপৰ্যয়ৰ সন্মুখীন হয় গেৰুৱা দলটো৷ ইয়াৰ পাছতো মিজোৰাম বিধানসভাৰ আগন্তুক নিৰ্বাচনত ভোটাৰক অসংখ্য প্ৰতিশ্ৰুতি দিছে বিজেপি দলে৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ‘ভিজন ডকুমেণ্ট’ ৰাজহুৱা কৰি অসংখ্য প্ৰতিশ্ৰুতি দিয়ে ভোটাৰক৷ সেই মিজোৰামলৈ প্ৰচাৰ চলাবলৈ নাযায় প্ৰধানমন্ত্ৰ মোদী৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে নিজৰ মিজোৰাম ভ্ৰমণ হঠাৎ বাতিল কৰাৰ কাৰণ কি? প্ৰধানমন্ত্ৰীয়ে মিজোৰামৰ বাংলাদেশ সীমান্তৰ মামিত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছিল৷ প্ৰধানমন্ত্ৰীৰ আগমন উপলক্ষে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হয় যদিও ৰহস্যজনকভাৱে এই ভ্ৰমণ বাতিল কৰা হয়৷ মোদী নাহিলেও পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰিয়ে সমষ্টিটোত অনুষ্ঠিত হ’ব বিজেপিৰ জনসভা৷ উল্লেখ্য যে, এনডিএৰ অংশীদাৰ মিজো নেচনেল ফ্ৰণ্টৰ নেতা তথা মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই প্ৰধানমন্ত্ৰী মোডীৰ সৈতে একেখন মঞ্চত নবহে বুলি স্পষ্টকৈ কোৱাৰ পাছতে প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণ বাতিলক কেন্দ্ৰ কৰি ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হয়৷ মুখ্যমন্ত্ৰী জোৰামথাংগাই অভিযোগ কৰি কয় যে বিজেপি শাসিত চুবুৰীয়া মণিপুৰত মেইটেইসকলে ব্যাপক হাৰত গীৰ্জা ধবংস কৰিছে৷ মণিপুৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নীৰব৷ সেয়ে এয়া বিজেপিৰ সৈতে ঘনিষ্ঠ হোৱাৰ সময় নহয়৷ যিহেতু মিজোৰাম মূলতঃ খ্ৰীষ্টান প্ৰধান ৰাজ্য সেয়ে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে একেখন মঞ্চত বহিলে মিজোৰামৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল অসন্তুষ্ট হৈ তেওঁৰ বিৰুদ্ধে যোৱাৰ আশংকাতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী জোৰামথাংগাই৷ প্ৰধানমন্ত্ৰীয়ে মিজোৰাম ভ্ৰমণৰ পৰা আঁতৰি থকাৰ বিপৰীতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই মুকলিকৈ ৰাজ্যখনত ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে৷ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ ভ্ৰমণৰ সময়ত জনসমুদ্ৰলৈ পৰিণত হোৱা ইম্ফলৰ পৰিৱেশে কংগ্ৰেছ কৰ্মীক দুগুণে উৎসাহিত কৰি তুলিছে৷ ৰাহুল গান্ধীয়ে ৰাজ্যখন ভ্ৰমণ কৰি পদযাত্ৰাত অংশ লৈছিল৷ প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণ বাতিল হোৱাৰ বিপৰীতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু শশী থাৰুৰ মিজোৰাম ভ্ৰমণলৈ আহিব৷ প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ বাতিল কৰা বাংলাদেশ সীমান্তৰ মামিত বিধানসভা সমষ্টিতে ৪ নৱেম্বৰত এক জনসভাত অংশগ্ৰহণ কৰিব৷ ৩ নৱেম্বৰত কংগ্ৰেছ নেতা শশী ঠাৰুৰ মিজোৰাম ভ্ৰমণ কৰিব৷ ৰাজনৈতিক বিশেষজ্ঞৰ মতে, মণিপুৰৰ সৰ্বসাধাৰণ লোক বিজেপিৰ ওপৰত অধিক ক্ষোভিত হৈ আছে৷ মণিপুৰৰ জনজাতিসকলৰ এটা বৃহৎ অংশৰ সৈতে মিজোৰামৰ কনিষ্ট সম্পৰ্ক আছে৷ মণিপুৰৰ লগতে মিজোৰামবাসীও বিজেপিৰ ওপৰত যথেষ্ঠ ক্ষুব্ধ হৈ আছে৷ ফলত মোদীৰ সভাত ৰাইজৰ উপস্থিতি যথেষ্ঠ সোৰঙা হ’ব বুলি আশংকা কৰিছে বিজেপি দলে৷ খ্ৰীষ্টান প্ৰধান ৰাজ্য মিজোৰামত এনেও বিজেপিৰ প্ৰভাৱ যথেষ্ঠ কম৷ ইমানদিনে মিজো নেশ্বনেল ফ্ৰণ্ট বিজেপিৰ সংগী আছিল যদিও মণিপুৰ কাণ্ডৰ পিছত শাসনাধিস্থ দলটোও বিজেপিৰ সংগ ত্যাগ কৰিছে৷ মুখ্যমন্ত্ৰীৰ ঘোষণাই অধিক বিপদত পেলাইছে বিজেপি দলক৷ যাৰ বাবে সন্মান ৰক্ষাৰ শেষ উপায় হিচাপে সাত নৱেম্বৰত মিজোৰামত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ ৰাজ্যখনলৈ নহাৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয় প্ৰধানমন্ত্ৰী মোদী৷