Logo
image

ৰাজ্যৰ ৰূপ সলাই দিব গাডকাৰিয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ নৱেম্বৰঃ ‘মই হাৱাত কথা কোৱা মানুহ নহয়, মুখেৰে যি কওঁ সেয়া হাতে কামে কৰি দেখুৱাও৷ আজি প্ৰায় ২০ হাজাৰ কোটি টকাৰ ভূমি পূজনৰ কাম আৰম্ভ হ’ল৷ অহা জানুৱাৰী পহিলা সপ্তাহত অসমলৈ আহি পুনৰ ২৫ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ ভূমি পূজন কৰিম৷’ এই ঘোষণা কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাড়কাৰীৰ৷ মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সৰ্বমুঠ ১৭,৫৫৬ কোটি টকা বিনিয়োগেৰে ২২ ৰাষ্ট্ৰীয়  প্ৰকল্পৰ শিলন্যাস কৰাৰ লগতে ৪ টা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে৷ লগতে ৰাজ্যৰ ৰূপ সলনি কৰিব পৰা আন কেতবোৰ চমৎকাৰী প্ৰকল্পৰ কথা ঘোষণা কৰে৷ গাডকাৰীয়ে কলিয়াবৰ তিনিআলি - দোলাবাৰীলৈ ৪ লেনযুক্ত পথৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত  নতুন ২ লেনযুক্ত দলং, দোকমোকা-লৰিং থেপিৰ ৪ লেনযুক্ত পথ, পোৱামাৰাৰ পৰা বাটাইয়ালৈ, ত্ৰিণোখাটৰ পৰা মুন্দামাললৈ আৰু লোৱাৰপুৱাৰ পৰা চুৰাইবাৰীলৈ ২ লেনযুক্ত পথ আৰু নুমলীগড়-খটখটি পথৰ সুদৃঢ়কৰণ প্ৰকল্প আজি ৰাষ্ট্ৰৰ নামত উৎসৰ্গিত কৰে৷ আনহাতে কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে আজি তিনিচুকীয়া-মাকুম বাইপাছৰ পেভ শ্ব’ল্ডাৰসহ ৪ লেন/২ লেনকৰণ, চিমেন চাপৰি - নগাবাং গামছুকৰ ৪ লেনকৰণ, ধূপধৰা চহৰ - ছয়গাঁৱৰ ৪ লেনকৰণ, শিলচৰ-ধানেহৰিৰ ৪ লেনকৰণ, ডিমা হাছাওত পি. লেইকুল-বৰোৱাপুৰ পেভ শ্ব’ল্ডাৰসহ ২ লেনকৰণ, ডিগবৈ বাইপাছত বগপানীৰ  পৰা গোলাই গাঁৱলৈ পেভ শ্ব’ল্ডাৰসহ ২ লেনকৰণ, নগাবাং গামছুক-অসম য অৰুণাচল প্ৰদেশ সীমান্তৰ ৪ লেনকৰণ, ছয়গাঁও-গুৱাহাটী বিমানবন্দৰ জাংছনৰ ৪ লেনকৰণ, ধানেহৰি-লাইলাপুৰৰ ৪ লেনকৰণ, শ্ৰীৰামপুৰ-কচুখানা হৰিচাৰা পাগলাগঞ্জৰ ৪ লেনকৰণ, দুধনৈ-দাইনাডুবিৰ পেভ শ্ব’ল্ডাৰসহ ২ লেনকৰণ,  মাৰ্ঘেৰিটা-লিডু বাইপাছৰ সৈতে গোলাই গাঁৱৰ পৰা লিডুলৈ পেভ শ্ব’ল্ডাৰসহ ২ লেনকৰণ, নিচিন্তা-পাইকানৰ ৪ লেনকৰণ, পঞ্চগ্ৰাম বাইপাছৰ ৪ লেনকৰণ, ডিমা হাছাওত হাংগ্ৰ্তম -হেজাইচকৰ পেভ শ্ব’ল্ডাৰসহ ২ লেনকৰণ, কচুখানা হৰিচাৰা পাগলাগঞ্জ-ধুবুৰী-ফুলবাৰী দলঙৰ প্ৰৱেশ পথৰ ৪ লেনকৰণ, জয়পুৰৰ পৰা শুকানজুৰিলৈ পুনঃনিমাৰ্ণ, কান্দুলিজান গাঁও - চিমেন চাপৰিৰ ৪ লেনকৰণ, পাইকান-ধূপধৰা চহৰৰ ৪ লেনকৰণ, বদৰপুৰ বাইপাছৰ ৪ লেনকৰণ, ডিমা হাছাওত হেজাইচক-পি. লেইকুলৰ পেভ শ্ব’ল্ডাৰসহ ২ লেনকৰণ, দিল্লাই-লাহৰিজানৰ ৪ লেনকৰণৰ পথ প্ৰকল্পৰ ভাৰ্চুৱেলী শিলন্যাস কৰে৷ ইফালে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ মৰ্মে ৰাজ্যবাসীলৈ দীপাৱলীৰ উপহাৰ হিচাপে আন কেতবোৰ উপহাৰৰ টোপোলা ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে কয় যে  জালুকবাৰীৰ পৰা খানাপাৰা হৈ বাইহাটা চাৰিআলি-ছিপাঝাৰ-কুৰুৱা-নাৰেংগী-সোণাপুৰ হৈ নিৰ্মাণ হ’ব ৰিং ৰোড৷ অহা জানুৱাৰী পহিলাতে এই ৰিং ৰোডৰ ভূমি পূজনৰ কাম আৰম্ভ কৰা হ’ব৷ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ নিৰ্মাণ হ’ব ৪ লেনযুক্ত হাইৱে৷ কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ নিৰ্মাণ হ’ব ৰোপ ৱে’৷ গোলাঘাট-নুমলীগড়ৰ পৰা গহপুৰলৈ ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’ব সুৰংগা৷ দেশত প্ৰথমবাৰৰ বাবে এনে সুৰংগা নিৰ্মাণ হ’ব৷ ইয়াৰ ডিপিআৰ প্ৰস্তুতিৰ বাবে আমেৰিকান কোম্পানী লুই বাৰ্জাৰক দায়িত্ব দিয়া হৈছে৷ সুৰংগ নিৰ্মাণত ব্যয় হ’ব ১২ হাজাৰ কোটি টকা৷ কলিয়াবৰৰ পৰা কাজিৰঙাৰ মাজেৰে বোকাখাটলৈ নিৰ্মাণ হ’ব ৪ লেনযুক্ত এলিভিটেড কৰিডৰ৷ এই কৰিডৰ নিৰ্মাণত ব্যয় হ’ব ৮০০০ কোটি টকা৷ অহা জানুৱাৰীৰ ভিতৰত এই কৰিডৰৰ ভূমি পূজনৰ কাম আৰম্ভ কৰাৰ বাবে চেষ্টা কৰা হ’ব৷ ইতিমধ্যে এনএইচআই কতৃৰ্পক্ষক ইয়াৰ ডিপিআৰ প্ৰস্তুতিৰ দায়িত্ব দিয়া হৈছে৷ আৰঅপিৰ অধীনত অসমে ৬০০ কোটি আৰু দলং বনাবলৈ সেতুবন্ধনৰ অধীনত ২০০ কোটি টকা লাভ কৰিব৷ গাড়কাৰীয়ে কয় যে যদিহে মুখ্যমন্ত্ৰীয়ে বিচাৰে তেন্তে হাৱাত চলা ডাৱল ট্ৰেকাৰ বাছো গুৱাহাটীত চলোৱাৰ বাবে প্ৰদান কৰা হ’ব৷  গুৱাহাটীৰ ঠেক বাট-পথৰ বাবে এই বাছ যথেষ্ট উপযোগী হ’ব৷ মুঠ ২৫০ যাত্ৰীয়ে একেলগে এই বাছত যাতায়াত কৰিব পাৰিব৷ গাডকাৰীৰ এই ঘোষণাৰ পূৰ্বে অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শমাৰ্ই ১৭,৫৫৬ কোটি টকা ব্যয়ৰে ৪ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ শুভাৰম্ভ অথবা আধাৰশিলা স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে অসমে আগতে এনে ভাল দিন দেখা নাছিল৷ গুৱাহাটীত এটা ৰিং ৰোড নিমাৰ্ণৰ দিশত থকা এক পৰিকল্পনাৰ কথা দোহাৰি মুখ্যমন্ত্ৰীয়ে কয় যে সম্প্ৰতি ৬ লেনযুক্ত খানাপাৰাৰ পৰা জালুকবাৰীলৈ নিমাৰ্ণ হৈ আছে৷ এই পথছোৱা বাইহাটা চাৰিআলিলৈকে সম্প্ৰসাৰিত কৰিব লাগে৷ ইয়াৰ পিছত এই পথছোৱা ছিপাঝাৰ হৈ কুৰুৱা, ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত নিমাৰ্ণ হ’বলগীয়া নতুন দলঙেৰে নাৰেঙ্গী, সোণাপুৰলৈ আৰু ইয়াৰ পিছত খানাপাৰাৰ সৈতে সংযোগ কৰিব লাগে বুলিও তেওঁ কয়৷ ইয়াৰ ফলত ৰাজ্যখনত অৰ্থনৈতিক উন্নয়নৰ গতি আৰু অধিক তৰান্বিত হৈ উঠিব বুলিও তেওঁ মন্তব্য কৰে৷ এই ক্ষেত্ৰত যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনায়৷ কাজিৰঙা অসমৰ বাবে হৃদপিণ্ড বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বানপানীৰ সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু বন্যপ্ৰাণী ৰাষ্ট্ৰীয় ঘাইপথলৈ উঠি আহে আৰু দুৰ্ঘটনাত জীৱ-জন্তুৰ মৃত্যু পৰ্যন্ত হয়৷ সেয়ে বন্য জীৱ-জন্তুৰ চলাচলৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত ৩২ কিঃমিঃ দৈৰ্ঘ্যৰ এটা এলিভেটেড কৰিডৰ নিমাৰ্ণ কৰিবলৈও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়৷ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ ২০২৪ চনৰ জুন মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিয়া আশ্বাসৰ কথা দোহাৰি তেওঁ কয় যে নগাঁৱৰ পৰা গহপুৰলৈ নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথটো অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব৷ গোলাঘাটৰ নুমলীগড়ৰ পৰা গহপুৰলৈ ব্ৰহ্মপুত্ৰৰ তলেৰে নিমাৰ্ণ কৰিবলগীয়া সুৰংগৰ ব্যয় ১২ হাজাৰ কোটি টকা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই দিশতো যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ৩ান জনায়৷ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ থকা ৰাষ্ট্ৰীয় ঘাইপথটো ৪ লেনযুক্ত কৰাৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনায়৷ অসম মালাৰ অধীনত ৰাজ্যখনত পথ নিমাৰ্ণৰ কাম অব্যাহত আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় পুঁজিৰ অধীনত ৫০০ কোটি টকা আবণ্টন দিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়৷ তেওঁ কয় যে কামাখ্যাৰ পৰা কামাখ্যা ৰে’ল ষ্টেচনলৈকে এটা ৰোপৱে’ নিমাৰ্ণ হ’লে জনসাধাৰণে বাধাহীনভাৱে অহা-যোৱা কৰিব পাৰিব৷ তেওঁ লগতে মন্তব্য কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি আশীৰ্বাদ আছে আৰু ইয়াৰ বাবে অসম তথা উত্তৰ পূবাৰ্ঞ্চলে উন্নয়নৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই যাবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে নতুনকৈ ১২ হাজাৰ পদত নিয়ুক্তিৰ বাবেও পদক্ষেপ লৈছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰীক পৰামৰ্শ দি কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে কয় যে গুৱাহাটীখনক নবী মুম্বাইৰ দৰে নিৰ্মাণ কৰিব লাগে৷ আজিৰ এই অনুষ্ঠানত পথ পৰিবহন আৰু ঘাইপথ আৰু অসামৰিক বিমান পৰিবহন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জেনেৰেল [ড॰] বি কে সিং, অসম চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, সাংসদ, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমুখ্যে কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়া তথা অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷