Logo
image

ভ্ৰাতৃসহ নিজৰ নামেৰে প্ৰাৰ্থী তালিকা ঘোষণা আজমলৰ

‘আমাৰ অসম’ৰ মোৰাঝাৰৰ প্ৰতিবেদক, ১ নৱেম্বৰঃ আগন্তক লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমল দুয়ো ভাতৃয়েই নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ’ব৷ ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ এই তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব এআইইউডিএফ দলে৷ বৰপেটা লোকসভা সমষ্টিক লৈ কোনো সিদ্ধান্ত লোৱা নাই দলে৷ আন দুখন আসনত দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বদৰুদ্দিন আজমল আৰু তেওঁৰ¸ ভাতৃ চিৰাজুদ্দিন আজমলক৷ –এই কথা ঘোষণা কৰিছে স্বয়ং বদৰুদ্দিন আজমলে৷ উল্লেখ্য, আজি ‘আমাৰ অসম’ত  আগন্তক লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীক লৈ বদৰুদ্দিন আজমলে চলোৱা এক গোপন অভিসন্ধিৰ বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল৷ বদৰুদ্দিন আজমলে ‘ইণ্ডিয়া’ গঠবন্ধনত সোমাব নোৱাৰি এতিয়া ভাতৃ চিৰাজুদ্দিন আজমলকো সাংসদ কৰাৰ এক ব্লুপ্ৰিণ্ট ৰচনা কৰিছে৷ প্ৰাক্‌ নিৰ্বাচনী নহ’লেও নিৰ্বাচনোত্তৰ সমীকৰণৰ অংশ হিচাপে সকলো বিসম্বাদ নেওচি বদৰুদ্দিন আজমলে ভাতৃ চিৰাজুদ্দিন আজমলক সংসদলৈ নিয়াৰ বাবে গোপনে চলোৱা এই অভিসন্ধিক লৈ দলৰ ভিতৰচ’ৰাত বিদ্ৰোহৰ উকমুকনি হৈছে যদিও কোনেও মুকলিকৈ মুখ খুলিব পৰা নাই৷ তাৰ মাজতে আজি বদৰুদ্দিন আজমলে ‘আমাৰ অসম’ৰ বাতৰিৰ সত্যতা প্ৰমাণ কৰি চিৰাজুদ্দিন আজমলৰ প্ৰাৰ্থিত্বৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে৷ ডবকাত সাংবাদিকৰ আগত আজমলে কয়- আমি দুয়ো ভাতৃয়েই নিৰ্বাচন খেলাটো খাটাং৷ তৃতীয়খন আসন হিচাপে কৰিমগঞ্জৰ প্ৰাৰ্থী এতিয়াও অনিশ্চিত৷ কৰিমগঞ্জ এতিয়াও আমি নিশ্চিত কৰিব পৰা নাই৷ চাৰি-পাঁচজন দাবীদাৰ আছে বুলি সংবাদ মাধ্যমৰ আগত আজি প্ৰকাশ কৰিলে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে৷ ধুবুৰীৰ পৰা বদৰুদ্দিন আজমল আৰু নগাঁৱৰ পৰা নিৰ্বাচন খেলিব চিৰাজুদ্দিন আজমলে৷ আনুষ্ঠানিক ঘোষণা বদৰুদ্দিন আজমলৰ৷ নগাঁৱৰ পৰা আমিনুল ইছলাম বা ডাঃ আদিত্য লাংথাছাসহ অন্য দুই-এজনৰ নাম দাবীদাৰ হিচাপে আহিছিল যদিও চিৰাজুদ্দিন আজমল এওঁলোকতকৈ ডেৰ-দুইলাখ বেছি ভোটত জয়ী হোৱাটো নিশ্চিত বুলি বদৰুদ্দিনৰ দাবী৷ গতিকে চিৰাজুদ্দিনে নিৰ্বাচন খেলাটো খাটাং৷ অৱশ্যে ভাতৃ হিচাপে নহয়, এইটো জিকাৰ অংক বুলি মন্তব্য কৰে আজমলে৷ ইফালে আজমল পৰিয়ালৰ দুই ভাতৃ প্ৰাৰ্থী হ’লে দলটোৰ বাকী নেতাসকলৰ কি হ’ব? দলত বিদ্ৰোহ নহ’ব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বদৰুদ্দিন আজমলে কয় -কোনো বিদ্ৰোহ নহয়৷ বিদ্ৰোহৰ কথা কোৱাসকলক ‘পাগল’ আখ্যা দিয়ে বদৰুদ্দিন আজমলে৷ উল্লেখ্য, এআইইউডিএফ দলটোক এটা কোম্পানীৰ নিচিনা চলাই অহা বুলি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আৰম্ভণিৰ পৰাই আছে৷ কওঁতে আজমলে দলৰ নেতৃত্বই সিদ্ধান্ত লোৱা বুলি কয় যদিও এআইইউডিএফ দলত বদৰুদ্দিন আজমলৰ সিদ্বান্তই যে অন্তিম, ইয়াত কোনেও মাত মাতিব নোৱাৰে সেৱা সৰ্বজনবিদিত৷ বদৰুদ্দিন আজমলে নিজৰ দলত নেতাৰ জন্ম হ’ব নিদিয়ে বুলিও সৰ্বত্ৰে চৰ্চিত হয়৷ তাৰ মাজতে ইণ্ডিয়াৰ অন্তৰ্ভুক্ত হ’ব নোৱাৰি বদৰুদ্দিন আজমলে অন্য এক কুটিল ৰাজনীতি আৰম্ভ কৰা দেখা গৈছে৷ দলত বহু জ্যেষ্ঠ আৰু অভিজ্ঞ নেতা থকা সত্ত্বেও বদৰুদ্দিন আজমলে কিয় কাকো বিশ্বাসত ল’ব নোৱাৰে তাকে লৈ দলৰ ভিতৰচ’ৰাত বিদ্ৰোহৰ জুই উমি উমি জ্বলি আছে৷ আজি চিৰাজুদ্দিন আজমলৰ নগাঁৱৰ প্ৰাৰ্থিত্বৰ কথা বদৰুদ্দিন আজমলে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছত দলৰ ভিতৰচ’ৰাত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সেয়া আগন্তক সময়ত লক্ষ্যণীয় হ’ব৷ ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিয়ে চমন জাৰি কৰা প্ৰসংগত বদৰুদ্দিন আজমলে কয়- মনীষ ছিছোদিয়া, সঞ্জয় সিঙক জে’লত দিছে, এতিয়া হয়তো অৰবিন্দ কেজৰিৱালকো জে’লত দি দিব৷ কিন্তু এয়াই শেষ হ’ব বিজেপিৰ বাবে৷ আৰু একো কৰিব নোৱাৰিব৷ কাৰণ আগন্তক নিৰ্বাচনত বেয়াকৈ হাৰি যাব বিজেপি৷ পাঁচ ৰাজ্যৰ নিৰ্বাচন সন্দৰ্ভত ইণ্ডিয়াৰ প্ৰশংসাত পঞ্চমুখ দেখা গ’ল বদৰুদ্দিন আজমলক৷ পাঁচোখন ৰাজ্যতেই ইণ্ডিয়া জিকিব বুলি নিশ্চিত বদৰুদ্দিন আজমল৷ নৰেন্দ্ৰ মোদীৰ বাবে বেয়া দিন আহি আছে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বদৰুদ্দিন আজমলে৷

আজমল-ৱাজেদৰ বাক্‌যুদ্ধ তুংগত

‘আমাৰ অসম’ৰ দক্ষিণ শালমাৰাৰ প্ৰতিবেদকঃ লোকসভা নিৰ্বাচনৰ দিন ক্ৰমান্বয়ে ওচৰচাপি অহাৰ লগতে দঃশালমাৰাত বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে বিভিন্ন সভা-সমিতিত পৰস্পৰবিৰোধী ভাষণ তথা মন্তব্য প্ৰকাশ কৰি ৰাজনৈতিক পথাৰ গৰম কৰি তোলা পৰিলক্ষিত হৈছে৷ সোমবাৰে দঃশালমাৰা কনিষ্ঠ মহাবিদ্যালয়ত এ আই ইউ ডি এফৰ কৰ্মী সভাত আজমলে কংগ্ৰেছৰ বিৰুদ্ধে আৰু কাঠুলিপাৰা নৱজ্যোতি হাইস্কুলত বিধায়ক ৱাজেদে আজমলৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰা দেখা গৈছে৷ সাংবাদিকৰ প্ৰশ্নোত্তৰত ৱাজেদে কয় যে মই চৰৰ মানুহ৷ এইখন চৰতেই মোৰ জন্ম৷ চৰৰ সকলো সমস্যা মই অৱগত৷ কিছু সমাধান কৰিছোঁ৷ আৰু বহু বাকী আছে৷ সমাধান কৰিম৷ এনেদৰে কয় বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে৷ কালি দঃশালমাৰা সমষ্টিৰ কাঠুলিপাৰা নৱজ্যোতি হাইস্কুলত চৰকাৰী বিনামূলীয়া চাইকেল বিতৰণ অনুষ্ঠানত উপস্থিত হৈ সাংবাদিকৰ আগত এনেদৰে কয় বিধায়ক চৌধুৰীয়ে৷ বিধায়কজনে লগতে কয় যে এইটো সমষ্টিৰ পৰা মই পাঁচবাৰকৈ বিধায়ক নিৰ্বাচিত হওঁ৷ পূৰ্বতে ৰাইজে ভাবিছিল যে বদৰুদ্দিন আজমলৰ ঐশ্বৰিক ক্ষমতা আছে৷ তেওঁক আমি পৰাজিত কৰিব নোৱাৰোঁ৷ কিন্তু মোৰ লগত যেতিয়া পৰাজিত হয় তেতিয়া ৰাইজৰ সেই ধাৰণা নাইকিয়া হয় যে তেওঁৰ কোনো ঐশ্বৰিক ক্ষমতা নাই৷ বিজেপি চৰকাৰক শাসনচু্যত কৰিবলৈ হ’লে প্ৰথমে AIUDFক বিদায় দিব লাগিব৷ ময়ো লোকসভাৰ প্ৰাৰ্থিত্ব বিচাৰিম৷ শীৰ্ষ নেতৃত্বই যাক প্ৰক্ষেপ কৰিব তাৰ হৈ মই কাম কৰিম এনেদৰে কয় বিধায়ক চৌধুৰীয়ে৷ তেওঁ লগতে কয় যে বিজেপিৰ নিচিনা এ আই ইউ ডি এফ এটা সাম্প্ৰদায়িক দল৷ ইয়াৰ বিপৰীতে দঃশালমাৰাত সাংবাদিকৰ প্ৰশ্নত সাংসদ আজমলে কয় যে কংগ্ৰেছৰ লগত মিত্ৰতা হোৱাত যোৱা নিৰ্বাচনত কংগ্ৰেছে মোৰ লগত বেইমানি কৰিছে৷ ইয়াৰ লগতে আজমলে কয় যে অসমৰ তিনিটা লোকসভা আসনত এ আই ইউ ডি এফে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আৰু তিনিওটাত আমাৰ প্ৰাৰ্থী জিকিব৷ উল্লেখ্য, দুয়োজন নেতাই বোকা ছটিওৱাৰ ৰাজনীতি কৰিছে যদিও তেনে কোনো প্ৰভাৱ এতিয়ালৈকে ৰাইজৰ মাজত পৰা পৰিলক্ষিত হোৱা নাই৷