Logo
image

পৰ্যটকৰ বাবে কাজিৰঙাত মুকলি হ’ল হাতী ছাফাৰি

ডিজিটেল ডেস্ক: কাজিৰঙাত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ল হাতী ছাফাৰি৷ বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকৰ বাবে মুকলি কৰে হাতী ছাফাৰি  ৷

পুৱা ৬ বজাত দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিত পৰম্পৰাগত হস্তী পূজা অনুষ্ঠিত কৰা হয় আৰু ইয়াৰ পিছতে উদ্যানৰ সঞ্চালক সোণালী ঘোষ আৰু পূৱ অসম বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেশৰ উপস্থিতিত মুকলি কৰা হাতী ছাফাৰি। বহিঃৰাষ্ট্ৰৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে হাতী ছাফাৰিৰ প্ৰথম দিনাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰে।