Logo
image

বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰঃ শ্ৰীলংকাৰ বিৰুদ্ধে ৩০২ৰানত বৃহৎ জয়

ডিজিটেল ডেস্কঃ চলিত ক্ৰিকেট বিশ্বকাপত বেটে-বলে উজ্বলিছে টীম ইণ্ডিয়া৷ বিশ্বকাপত অপ্ৰতিৰোধ্য হৈ পৰিছে টীম ইণ্ডিয়া৷ বৃহস্পতিবাৰে মুম্বাইৰ বানখেড়ে ষ্টেডিয়ামত শ্ৰীলংকাক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হ'ল ভাৰত৷

ৱানখেড়েত প্ৰথমে বেটিং কৰি শ্ৰীলংকাক ৩৫৮ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে ৰোহিত বাহিনীয়ে৷ শুভমন গিল, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰৰ অৰ্ধশতকৰ সহায়ত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ৩৫৭ৰান সংগ্ৰহ কৰে ভাৰতে৷ বিৰাট কোহলিয়ে ৯৪টা বলত ৮৮ ৰান, শুভমন গিলে ৯২টা বলত ৯২ৰান, শ্ৰেয়াছ আয়াৰে ৫৬টা বলত ৮২ৰান সংগ্ৰহ কৰে৷ 

৩৫৮ ৰানৰ বিশাল লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা শ্ৰীলংকাৰ আৰম্ভণি আছিল তেনেই দুৰ্বল৷ যশপ্ৰীত বুমৰাহৰ প্ৰথমটো বলতে পেভিলিয়ানমুখী হয় শ্ৰীলংকাৰ অপেনাৰ পাথুম নিশাংক৷ ইয়াৰ পিছত মহম্মদ ছিৰাজ বলত উইকেই হেৰুৱাই দিমুথ কৰুণাৰতনে৷ মাত্ৰ ২ ৰানত ৩টা উইকেই হেৰুৱাই বৃহৎ পৰাজয়ৰ দিশে আগবাঢ়ে শ্ৰীলংকা৷ ভাৰতৰ দুৰ্দান্ত বলিঙৰ সন্মুখত দললৈ কোনোধৰণৰ বৰঙণি আগবঢ়াব নোৱাৰিলে শ্ৰীলংকাৰ ৫জনকৈ বেটাৰে৷

মহম্মদ ছামি আৰু মহম্মদ ছিৰাজৰ দুৰ্দান্ত বলিঙৰ সন্মুখত তাচপাতৰ দৰে খহিল শ্ৰীলংকাৰ বেটিং লাইনআপ৷ মাত্ৰ ১৯.৪ অভাৰত ৫৫ ৰানতে আটাইকেইটা উইকেটৰ পতন ঘটে শ্ৰীলংকাৰ৷ মহম্মদ ছামিয়ে ৫ টা উইকেট লাভ কৰাৰ বিপৰীতে মহম্মদ ছিৰাজে লাভ কৰে ৩টা উইকেই৷ উল্লেখ্য যে বিশ্বকাপ জয়ৰ আটাইতকৈ প্ৰবল দাবীদাৰ হিচাপে পৰিগণিত হৈছে টীম ইণ্ডিয়া৷