Logo
image

বিজেপিৰ প্ৰাৰ্থী হ’ব বিচাৰিছে কংগনাই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪  নৱেম্বৰঃ ২০১৪ চনত ভাৰত স্বাধীন হোৱা বুলি দাবী কৰা কংগনা ৰাণাৱতৰ ‘তেজছ’ বিধবস্ত৷ যোৱা পাঁচ বছৰত মুক্তি লাভ কৰা কংগনাৰ ‘মণিকৰ্ণিকা’ [২০১৯], জাজমেণ্টেল হ্যে ক্যা (২০১৯), পাংগা (২০২০), থালাইভি (২০২১) আৰু ধকঢ় (২০২২) বক্স অফিচত ফ্লপ হৈছিল৷ কিন্তু তেওঁৰ দেশপ্ৰেমৰ ছবি ‘তেজছ’ ফ্লপ নহয়, আক্ষৰিক অৰ্থত বক্স অফিচত বিধবস্ত হৈছে৷ ছবি সমালোচকে কংগনা ৰাণাৱতৰ ‘তেজছ’ৰ ব্যৱসায়িক স্থিতি বুজাবলৈ ‘আনমিটিগেটেড ডিজাষ্টাৰ’ শব্দটো ব্যৱহাৰ কৰিছে, যি শব্দৰ নিকটতম অসমীয়া হ’ব পাৰে ‘নিৰন্তৰ বিধবস্ত’ অথবা ‘উপৰ্যুপৰি বিধবস্ত’৷ ছবি সমালোচকে এই শব্দ ব্যৱহাৰ কৰিছে যোৱা শুকুৰবাৰে মুক্তি পোৱাৰ পৰা প্ৰথমটো সপ্তাহৰ স্থিতি সন্দৰ্ভত৷ আজি শুকুৰবাৰে দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে কংগনাৰ ‘তেজছ’ৰ ক্ষেত্ৰত বিধবস্ত শব্দটোও কম হ’ব, কিয়নো এজনো দৰ্শক উপস্থিত নথকাত শুকুৰবাৰে কংগনা ৰাণাৱতৰ দেশপ্ৰেমৰ ছবিখন হলৰ পৰা আঁতৰাই দিয়া হৈছে৷ যোৱা সোমবাৰৰ পৰাই একাংশ ছবিঘৰৰ মালিকে হলৰ পৰা ‘তেজছ’ হটোৱা আৰম্ভ কৰিছিল৷ আজি শুকুৰবাৰে ‘তেজছ’ দেশৰ প্ৰায় সকলো ছবিঘৰৰ পৰা উধাও হৈছে৷ এসপ্তাহত দেশৰ দৰ্শকে ক’ল্ড ষ্ট’ৰেজলৈ পঠিয়াই দিয়া ‘তেজছ’ৰ স্থান হ’ব এতিয়া আৰ্কাইভত৷ হয়তো কেতিয়াবা কোনো টিভি চেনেলৰ কতৃৰ্পক্ষই ১৫ আগষ্ট, ২৬ জানুৱাৰীত ‘তেজছ’ প্ৰদৰ্শন কৰিব পাৰে, যদিহে ‘বৰ্ডাৰ’ বা ‘গডাৰ’ৰ সৈতে টিআৰপিৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি চেনেল আশ্বস্ত হয় আৰু কেন্দ্ৰত কংগনাৰ প্ৰিয় বিজেপি চৰকাৰ আৰু পাঁচ বছৰলৈ থাকে৷ বিজেপি চৰকাৰ কংগনা ৰাণাৱতৰ ওচৰত চিৰঋণী থাকিবলৈ বাধ্য, কিয়নো কংগনাই কেতিয়াবাই ৰাজহুৱাকৈ ঘোষণা কৰি থৈছে, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত, ২০১৪ চনতহে ভাৰতে স্বাধীনতা লাভ কৰিছিল৷

বিধবস্ত ‘তেজছ’ক উঠাবলৈ কৰা হাজাৰ চেষ্টা পানীত পৰাত, মানসিকভাৱেও বিধবস্ত হৈ পৰা কংগনাই আজি গুজৰাটলৈ গৈ সোমনাথ মন্দিৰ আৰু দ্বাৰকাদীশ মন্দিৰ দৰ্শন কৰি হূদয়ৰ দুখ দূৰ কৰাৰ প্ৰয়াস চলায়৷ কংগনাই কয় যে এই দুই মন্দিৰ দৰ্শন কৰি তেওঁৰ মনৰ সকলো দুঃশ্চিন্তা আঁতৰাই পেলাবলৈ সক্ষম হৈছে৷ কংগনাই মোদী আৰু অমিত শ্বাহৰ ৰাজ্যৰ পৰা আজি বিজেপিত যোগদানৰ ইচ্ছা প্ৰকট কৰি অহা সাধাৰণ নিৰ্বাচনৰ বাবে নিজকে প্ৰাৰ্থী হিচাপেও আগবঢ়াই দিছে৷ ‘আই উড লাইক টু অফাৰ মাই কেণ্ডিডেচাৰ’ৰ দৰে চাকৰিৰ বাবে যিদৰে আবেদন জনোৱাৰ এটা পুৰণি প্ৰথা আছিল, কংগনাই এইবাৰকে লৈ সেই প্ৰথা এবছৰৰ ভিতৰত দুবাৰ ব্যৱহাৰ কৰিলে৷ শুকুৰবাৰে গুজৰাটত সাংবাদিকে লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা আছে নেকি বুলি প্ৰশ্ন কৰাত কংকনাই কয়– ‘শ্ৰীকৃষ্ণই কৃপা কৰিলে প্ৰতিদ্বন্দ্বিতা কৰিম৷’ তেওঁ বিজেপি চৰকাৰক সচৰাৰৰ কৰাৰ দৰে আজিও প্ৰশংসাৰে ওপচাই দিয়ে৷ মুলতঃ ৬০০ বছৰ সংগ্ৰামৰ অন্তত ৰাম মন্দিৰ স্থাপন কৰাৰ বাবে তেওঁ মোদী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে৷ প্ৰসংগতঃ এতিয়াৰ পৰা এবছৰ পূৰ্বে হিমাচল প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ সময়তো কংগনা ৰাণাৱতে মাণ্ডিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল৷ কংগনাই কৈছিল– ‘যদিহে দলে আৰু চৰকাৰে কয়, তেন্তে মই মাণ্ডি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু৷’ একেখন ৰাজহুৱা সভাত উপস্থিত থকা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাক সেই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কৈছিল– ‘কংগনাক বিজেপিলৈ স্বাগতম জনাম৷ কিন্তু নিৰ্বাচনৰ টিকট দিয়া-নিদিয়াৰ সিদ্ধান্ত হাইকামাণ্ডৰ৷’ দেশৰ ৰাজনীতিৰ চৰ্চা কৰাসকলৰ মতে কংগনাৰ দৰে স্তাৱকক বিজেপিয়ে নিৰ্বাচনত জয়-পৰাজয়ৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে বিশ্লেষণ নকৰাকৈ টিকট নিদিয়ে৷ কিয়নো দলৰ বাহিৰতো বিজেপিক তেনেধৰণৰ স্তাৱকৰ প্ৰয়োজন আছে৷ চৰ্চা অনুসৰি বিজেপিয়ে তেওঁক দলৰ বাহিৰত বিচাৰে, য’ৰ পৰা দল-চৰকাৰক সময়ে-অসময়ে প্ৰশংসা কৰি থাকিব পাৰে৷