Logo
image

মিঞা নোহোৱাকৈ অসম শৰাইঘাট, সন্তোষ ট্ৰফীত জয়ী হৈছিল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪  নৱেম্বৰঃ এ আই ইউ ডি এফৰ চুপ্ৰিম’ মৌলানা বদৰুদ্দিন আজমলে আজি বৰপেটাৰ এক সভাত মিঞা নহ’লে গুৱাহাটী তিনদিনতে কবৰ স্থান হৈ যাব বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ এই সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়– ‘মিঞা নোহোৱাকৈ লাচিত বৰফুকনে মোগলক পৰাস্ত কৰিছিল৷ শৰাইঘাটৰ যুদ্ধত আমি জয়ী হৈছিলোঁ৷ মিঞা নোহোৱাকৈ আমি অসম আন্দোলন, ভাষা আন্দোলনত জিকিছিলোঁ৷ মিঞা নোহোৱাকৈ মই জনাত আমি সন্তোষ ট্ৰফী ফুটবলো জিকিছিলো৷ গতিকে মিঞা নোহোৱাকৈ আমি চলিব পাৰিম৷ পানী ফুকি দি আজমল সাংসদ হ’ল৷ এতিয়া নামতহে সাংসদ হৈ আছে৷ বহু কেইজন কংগ্ৰেছী বন্ধুৱে আজমলক লৈ অতিষ্ঠ হৈছে বুলি কৈছে৷ ধুবুৰীত এইবাৰ তেওঁলোকে বিজেপি মিত্ৰজোঁটৰ সাংসদ বিচাৰিছে৷’ ইফালে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো আজমলে সীমা চেৰোৱা বুলি মন্তব্য কৰে৷