Logo
image

বাল্যবিবাহ, বহুবিবাহক লৈ মুখ্যমন্ত্ৰীৰে একমত আজমল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪  নৱেম্বৰঃ  চৰ-চাপৰিৰ মুছলমান সমাজত বিশেষভাৱে প্ৰচলন থকা বাল্যবিবাহ তথা বহুবিবাহক লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰে একমত প্ৰকাশ কৰিলে এ আই ইউ ডি এফৰ প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে৷ আজি এক চৰ-চাপৰি বৌদ্ধিক সন্মিলনত ভাষণ দি আজমলে কয়–  ‘চৰ-চাপৰিত বহুতো ছোৱালী ১৪ বছৰৰ আগতেই বিয়া দিয়ে৷ ১৪ বছৰীয়া এজনী ছোৱালীৰ কোলাত থাকে দুই-তিনিটাকৈ সন্তান৷ এই দৃশ্য দেখিলে মোৰ চকুপানী ওলায় যায়৷ যি নিজেই নিজকে চম্ভালিব নোৱাৰে, সি কেনেকৈ সন্তানক চম্ভালিব৷ মুছলমানৰ সন্তানে মাক-দেউতাকক সন্মান নকৰে৷ কিন্তু ফাইভ ষ্টাৰ হোটেলত পাইখানা চাফা কৰিব পাৰে৷ বিড়ি-চিগাৰেট, বহুবিবাহ, বিয়া-বাৰুৰ খৰচ আদি কম কৰি মুছলমানসকলে শিক্ষা-দীক্ষাত গুৰুত্ব দিয়া উচিত৷ আজি আমাৰ শীৰ্ষ চৰকাৰী চাকৰিয়ালৰ শাৰীত ৪০ নম্বৰতো স্থান নাই৷ আমি অহা বছৰবিলাকত এক নম্বৰ স্থানলৈ আহিব লাগিব৷ বহুবিবাহ, বাল্যবিবাহৰ বিৰুদ্ধে  এক জনআন্দোলন গঢ়ি তুলিব লাগিব৷’