Logo
image

বিজেপিৰ ‘অফাৰ’ মানিব খোজা নাই হাগ্ৰামাই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ নৱেম্বৰঃ  মিছন ১২+ ৰ লক্ষ্যত উপনীত হোৱাৰ স্বাৰ্থত বিজেপি দলে এতিয়া হাগ্ৰামা মহিলাৰী বা বিপিএফকৰ শৰণাপন্ন হ’লেও হাগ্ৰামা বাহিনীয়ে এইক্ষেত্ৰত বান্ধি দিছে কেতবোৰ চৰ্ত৷ হাগ্ৰামা মহিলাৰীৰ এই চৰ্তক লৈ এতিয়া বিমোৰত পৰিছে বিজেপি দল৷ হাগ্ৰামা মহিলাৰীৰ প্ৰত্যক্ষ সহায় অবিহনে বিজেপি দলে অসমত যে তেওঁলোকৰ বহু আকাংক্ষিত মিছন ১২+ ৰ লক্ষ্যত কোনো কাৰণতে উপনীত হ’ব নোৱাৰে সেই কথা অৱগত হোৱাৰ পিছতে দুদিন পূৰ্বে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ বাসগৃহত এখন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাও উপস্থিত থাকে৷ বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ আগত সভাপতি কলিতাই লোকসভাৰ আগন্তুক নিৰ্বাচনত বিপিএফ দলক সহায়-সহযোগিতা কৰিবলৈ মুকলি আহ্বান জনায় নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত৷ উল্লেখ্য, বিজেপি দলে দ্বিতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰাৰ সময়তে বি পি এফৰে মিত্ৰতা ভংগ কৰি ইউ পি পি এলক আদৰি লয়৷ অথচ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত বি পি এফ দল বিজেপিৰ মিত্ৰদল হিচাপে চৰকাৰৰ অংশীদাৰ আছিল৷ বিজেপিয়ে হঠাৎ প্ৰমোদ বড়োক আদৰি লোৱাৰ পাছতে হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰে পুনৰ মিত্ৰতা বিচাৰি দিল্লী-দিছপুৰ-নাগপুৰ একাকাৰ কৰে যদিও নিৰাশ হ’বলগীয়া হয়৷ ইয়াৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি সমষ্টি দুটাক লক্ষ্য কৰি অধিক শক্তিশালী ৰূপত ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰে৷ হাগ্ৰামা মহিলাৰীৰ এই শক্তিশালী আত্ম প্ৰকাশত শংকিত হৈ পৰে বিজেপি৷ বিজেপিৰ মিত্ৰ দল ইউ পি পি এল বা ইয়াৰ নেতা প্ৰমোদ বড়োয়ে যে লোকসভাৰ আগন্তুক নিৰ্বাচনত বিজেপিক আশানুৰূপ সহায় কৰিব নোৱাৰিব সেয়া ইতিমধ্যে নিশ্চিত হৈছে বাজপেয়ী ভৱন৷ যাৰ বাবে হাগ্ৰামা মহিলাৰীৰ শৰণাপন্ন হ’বলৈ বাধ্য হয় বিজেপি দল৷ বিজেপিৰ এই দুৰ্বল স্থিতিৰ সুযোগ লৈ হাগ্ৰামা মহিলাৰীয়ে এইবাৰ বিজেপি দলক বান্ধি দিলে কেতবোৰ চৰ্ত৷ বিপিএফে চৰ্ত সাপেক্ষেহে সহায় কৰিব বিজেপিক৷ হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ সূত্ৰৰ মতে এই চৰ্তৰ অংশ হিচাপে এন ডি এত কোনো কাৰণতে চামিল বিপিএফ৷ প্ৰমোদ বড়ো বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য থকালৈকে বিজেপিক সমৰ্থন নিদিয়ে বি পি এফে৷ ২০২৪ চনৰ নিৰ্বাচনত বি পি এফে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰিত অকলেই নিৰ্বাচন খেলিব৷ বি পি এফ দলৰ এই চৰ্তসমূহে এতিয়া আউল লগাইছে বিজেপিৰ ৰাজনৈতিক অংকত৷ বিজেপিৰ সন্মুখত তীব্ৰ প্ৰত্যাহ৩ানৰ সৃষ্টি কৰি বি পি এফে আৰোপ কৰা এই চৰ্তসমূহ পূৰণ কৰি বিজেপি দলে কিদৰে হাগ্ৰামাৰ সমৰ্থন আদায় কৰে সেয়া সময়েহে ক’ব৷ হাগ্ৰামা মহিলাৰীৰ চৰ্ত মানি ল’বলৈ হ’লে বিজেপি দলে পোন প্ৰথমে ইউ পি পি এলৰে মিত্ৰতা ভংগ কৰিব লাগিব৷

হাগ্ৰামা ক’লৈ যায় কি কৰে মই নাজানোঃ প্ৰমোদ বড়ো

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধিঃ হাগ্ৰামা মহিলাৰীৰ সৈতে বিজেপিৰ মিত্ৰতা এতিয়াও হোৱা নাই গতিকে তেনেকুৱা কোনো পৰিৱেশ এতিয়াও অহা নাই যে আমি কিবা আলোচনা কৰিম৷ যেতিয়া তেনেকুৱা পৰিৱেশ আহে তেতিয়া আমি দলৰ মজিয়াত আলোচনা কৰিম৷ আমি যিপাৰোঁ তাকে কৰিম নোৱাৰিলে নকৰোঁ৷ এই মন্তব্য ইউপিপিএল দলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ৷ প্ৰকাশ, বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী দলে বলে গৈ নতুন দিল্লীত বাহৰ পাতি থকা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই হাগ্ৰামা বাহিনীক নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ বাবে সহযোগ কৰিবলৈ আহ৩ান জনোৱাৰ কথা সম্প্ৰতি বড়োভূমিৰ ৰাজনীতিত জোকাৰণি তোলাৰ গইনা লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে এনেদৰে উত্তৰ দিয়ে৷ তেওঁ এনেকি সাংবাদিকৰ আগত হাগ্ৰামা ক’ত আছে কিয় গৈছে কাক সাক্ষাৎ কৰিছে এইবোৰ তেওঁ নাজানে বুলি উল্লেখ কৰি উভতি সাংবাদিকসকলক হাগ্ৰামাৰ খবৰবোৰ তেওঁক জনাই থাকিবলৈ আহ্বান জনায়৷ প্ৰমোদ বড়োৱে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নিপতি ভাৰত ভ্ৰমণলৈ অহাত তেওঁক উষ্ম আদৰণি জনায় আৰু তেওঁৰ এই ভ্ৰমণ সফলতা লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰকাশ যে, ভূটানৰ সৈতে ভাৰতে এটা সুদীৰ্ঘ সীমান্ত আৱৰি আছে আৰু ভাৰত-ভূটানৰ সম্পৰ্ক অতি মধুৰ৷ সশস্ত্ৰ বড়ো আন্দোলনৰ সময়ত তেওঁলোকৰ মাজত ভয়-শংকা আছিল যদিও সম্প্ৰতি সেয়া নাই বুলি মন্তব্য কৰে৷ তেওঁ বিটিচি চৰকাৰে বডোফাৰ স্মৃতিত গ্ৰহণ কৰা ছুপাৰ ফিফটিয়ে ইতিমধ্যে যুৱ প্ৰজন্মৰ মাজত আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি সদৰি কৰি শান্তি-শৃংখলা স্থায়ীকৰণৰ দায়িত্ব ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি সকলো নাগৰিকে ল’ব লাগিব আৰু ইয়াৰ জৰিয়তে এখন উন্নয়নমুখি বিটিচি আমি পাবলৈ সক্ষম হ’ম বুলি কয়৷