Logo
image

এনেকৈয়ে মৰুভূমি আহে...

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪  নৱেম্বৰঃ ‘...নদীক নিজৰা কৰি জুৰিক শিলনি কৰি/ বালিৰ দ’লেৰে গঢ়ে গছ-লতা ফুলৰ সমাধি/ ছয়া-ময়া জিঁয়া এটি বালিয়ে বালিয়ে উৰি/ পানীৰ কাৰণে ঘূৰি/ ক’ৰবাত বাট হেৰুৱায়/ মৰুভূমি এইদৰে আহে/ লাহে লাহে মাহে মাহে বছৰে বছৰে...’৷ –এয়া কবি নৱকান্ত বৰুৱাৰ কালজয়ী কবিতা ‘ইয়াত নদী আছিল’ৰ এটা স্তৱক৷ কবিতাটোত মৰুভূমিৰ সৃষ্টিৰ ৰহস্যৰ ছবি অংকন কৰিছিল প্ৰাতঃস্মৰণীয় কবিগৰাকীয়ে৷ কিন্তু কবি নৱকান্ত বৰুৱাই কৰা আশংকা যে কেতিয়াবা মহাবাহু ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব সেয়া হয়তো তেৱোঁ কল্পনাই কৰা নাছিল৷ কিন্তু আজি মহাবাহু ব্ৰহ্মপুত্ৰৰ বক্ষ আজি মৰুভূমি সদৃশ হৈ পৰিছে৷ সোৱণশিৰিৰ বুকু অস্বাভাৱিকভাৱে শুকাই যোৱাৰ ঘটনাই ৰাজ্যৰ পৰিৱেশ সচেতন ব্যক্তিসকলক সন্ত্ৰস্ত কৰি তুলিছে৷ তাৰ সমান্তৰালভাৱে কেইবাঠাইত মৰুভূমি সদৃশ হৈ পৰিছে ব্ৰহ্মপুত্ৰ বক্ষ৷ মাজুলী, ঢকুৱাখনা, কামৰূপত মৰুভূমি সদৃশ হৈ পৰিছে অসমীয়া জাতিৰ আয়ুসৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰৰ বুকু৷ শদিয়াৰ পৰা ধুবুৰীলৈ অভাৱনীয় হাৰত জলস্তৰ হ্ৰাস পোৱাৰ ফলত লুইতৰ বুকু মৰুভূমি সদৃশ হৈ পৰিছে৷ এই অবাঞ্চিত ঘটনাই লাখ লাখ নৈপৰীয়া লোকৰ জীৱন-জীৱিকালৈ ভাবুকি নমাই আনিছে৷ চিৰ প্ৰবহমান মহাবাহুৰ জলস্তৰ অভাবনীয় হাৰত হ্ৰাস পোৱাত ঢকুৱাখনাৰ উপৰি দিচাং টেকেলিফুটা পাৰঘাটত ফেৰী চলাচলত বাধাৰ সৃষ্টি হৈছে৷  ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী, মাজুলী সংযোগী ফেৰী চলাচলৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে৷ ফেৰীৰ দিশ সলাবলগীয়া হৈছে ঢকুৱাখনা৷ নৈপৰীয়া লোকৰ মতে শেহতীয়াকৈ চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা বাবেই ক্ৰমাৎ হ্ৰাস পাই আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ৷ মাজুলীতো শুকাইছে ব্ৰহ্মপুত্ৰৰ পানী৷ উল্লেখ্য, ব্ৰহ্মপুত্ৰৰ উপনৈ সমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ উপনৈ সোৱণশিৰিয়ে কঢ়িয়ায় ১২-১৩ শতাংশ পানী৷ সোৱণশিৰিৰ বুকু শুকাই যোৱাৰ ফলতো ব্ৰহ্মপুত্ৰৰ জলস্তৰ কমি যোৱা বুলি ধাৰণা কৰা হৈছে৷ কিন্তু ব্ৰহ্মপুত্ৰৰ বুকু শুকাই যোৱাত সোৱণশিৰিৰ জলস্তৰ হ্ৰাস পোৱাটোৱেই মুখ্য কাৰণ নহয়৷ প্ৰশ্ন উঠিছে ব্ৰহ্মপুত্ৰৰ বুকু অস্বাভাৱিকভাৱে শুকাই যোৱাৰ আঁৰত চীন নেকি? চীনত বৰ্তমানে নিৰ্মাণ হৈ থকা বৃহৎ নদীবান্ধৰ পৰা চীনে বছৰি ৬০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা কৰিছে৷ ইয়াংচিকিয়াঙলৈকে ভেটা দি চীনে আৰম্ভ কৰিছে বৃহৎ নদীবান্ধ৷ এই নদীবান্ধ সম্পূৰ্ণ হ’লে ব্ৰহ্মপুত্ৰত দেখা দিব তীব্ৰ জল সংকটে৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিৱেশ বিজ্ঞানীসকলে এই বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ ক্ষেত্ৰত চীনে পুনৰবাৰ চিন্তা কৰা উচিত বুলি মন্তব্য কৰিছে৷