Logo
image

আহি গ’ল দেশী ‘সন্দেশ’

আমাৰ অসম, ৯ ফেব্ৰুৱাৰীঃ হোৱাট্‌ছএপৰ দৰেই অন্য এটা এপ্‌ প্ৰস্তুতৰ চিন্তা-চৰ্চা অব্যাহত থকা বুলি কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষত অৱগত কৰিছিল৷ ইতিমধ্যে এই এপ্‌টোৰ প্ৰস্তুতৰ কাম সম্পূৰ্ন হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট একাংশ মন্ত্ৰণালয়ৰ আমোলা-বিষয়াই এপ্‌টোৰ পৰীক্ষা কৰি আছে৷ আনকি, বহু আমোলা-বিষয়াই এই এপটোৰ ব্যৱহাৰো আৰম্ভ কৰি দিছে৷ হোৱাটছ্‌এপৰ বিকল্প হিচাপে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা এই এপ্‌টোৰ নাম হ’ল ‘সন্দেশ’৷ ‘সন্দেশ’ৰ অৰ্থ হ’ল বাৰ্তা বা মেছেজ৷ সম্প্ৰতি এই এপ্‌টো কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট একাংশ আমোলা-বিষয়াই ব্যৱহাৰ কৰি আছে যদিও ভৱিষ্যতে ইয়াক বহুলভাৱে ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে৷ বৰ্তমান gims.gov.in নামৰ পেজটোত ‘সন্দেশ’ এপ্‌টো দেখিবলৈ পোৱা যায়৷ এই পেজটোতে ‘সন্দেশ’ৰ লগ ইন আৰু ছাইন ইন কৰাৰ ব্যৱস্থা আছে৷ পেজটোত এইটো কথা উল্লেখ আছে যে অনুমোদিত চৰকাৰী আমোলা-বিষয়াৰ বাবেহে বৰ্তমান এই এপ্‌টো উপলব্ধ৷ এনড্ৰইড আৰু আই ও এছ– এই দুবিধ মোবাইলতহে ‘সন্দেশ’ এপে্‌ কাম কৰে৷ ‘সন্দেশ’ এপে্‌ ভয়চ আৰু ডাটা ছাপ’ৰ্টো কৰে৷ আধুনিক যুগৰ সৈতে ফেৰ মাৰিব পৰাকৈ অত্যাধুনিক প্ৰযুক্তিৰে প্ৰস্তুত কৰা হৈছে ‘সন্দেশ’৷ এপ্‌টোৰ বেক এণ্ডৰ দায়িত্বত আছে ভাৰত চৰকাৰৰ ইলেক্ট্ৰ'নিকছ্‌ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ অধীনস্থ নেশ্বনেল ইনফৰমেশ্বন চেণ্টাৰ ৷