Logo
image

মিচন ২০২৪ঃ কংগ্ৰেছে আৰম্ভ কৰিব 'ভাৰত জোড়ো যাত্ৰা ২.০'

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ আৰু বেছি দিন নাই৷ ইতিমধ্যে নিৰ্বাচনৰ বাবে ৰণডংকা বজাইছে শাসক-বিৰোধীয়ে৷ বিজেপিৰ লগতে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু আগন্তুক লোকসভা নিৰ্বাচনত জয়ী হ'বলৈ ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছে৷ মধ্যপ্ৰদেশ, ছত্তীশগড়, মিজোৰাম, তেলেংগনা আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ লগতে লোকসভা নিৰ্বাচনত বিজয়ধ্বজা উৰুৱাবলৈ চেষ্টা কৰিব কংগ্ৰেছে৷ যাৰ বাবে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে পুনৰ আৰম্ভ কৰিব 'ভাৰত জোড়ো যাত্ৰা'৷ ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হ'ব 'ভাৰত জোড়ো যাত্ৰা'ৰ দ্বিতীয় পৰ্যায়৷

কংগ্ৰেছৰ সূত্ৰ অনুসৰি, ৰাহুল গান্ধীয়ে বিধানসভা নিৰ্বাচনৰ পিছতে 'ভাৰত যোড়ো যাত্ৰা'ৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিব। ডিচেম্বৰ আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত হ'ব 'ভাৰত জোড়ো যাত্ৰা'ৰ দ্বিতীয় পৰ্যায়।

ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ১৩ নৱেম্বৰত ভূপালত পদযাত্ৰা কৰিব। ৰাহুল গান্ধী বৰ্তমান তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডত আছে আৰু  ইতিমধ্যে কেদাৰনাথ ভ্ৰমণ কৰি ভক্তৰ লগত মত-বিনিময় কৰিছে।