Logo
image

কৰ্মৰত থানাৰ পৰাই ৪৫০ টকীয়া ষ্টেপলাৰ চুৰি হোৱাক লৈ আৰক্ষী উপ-পৰিদৰ্শকৰ এজাহাৰঃ অসমীয়াতে লিখা এজাহাৰখনত বাৰেপাচি বানান ভুল, মহিলা আৰক্ষীয়ে চুৰি কৰাৰ সন্দেহ

ডিজিটেল ডেস্কঃ আৰক্ষীৰ থানাৰ ভিতৰতে সুৰক্ষিত নহয় স্বয়ং আৰক্ষীৰে সামগ্ৰী৷ শেহতীয়াকৈ এজন আৰক্ষী উপ-পৰিদৰ্শকে দাখিল কৰা এখন এজাহাৰক লৈ তীব্ৰ চৰ্চা হৈছে৷ আৰক্ষী উপ-পৰিদৰ্শকজনে কৰ্মৰত থানাৰ পৰাই ৪৫০ টকীয়া এটা ষ্টেপলাৰ চুৰি হোৱাক লৈ চুৰিকাৰ্যৰ তদন্তৰ বাবে থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈ এজাহাৰ দাখিল কৰিছে৷ এই ঘটনা গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাৰ৷ ধ্যানজ্যোতি তামুলী নামৰ এজন উপ-পৰিদৰ্শকে ৪৫০ টকীয়া ষ্টেপলাৰ চুৰি ঘটনাৰ তদন্ত দাবী জনাই উক্ত এজাহাৰ দাখিল কৰে৷

এহাজাৰখন উল্লেখ কৰা অনুসৰি, আৰক্ষী উপ-পৰিদৰ্শকজনে থানাৰে মহিলা আৰক্ষীয়ে ষ্টেপলাৰটো চুৰি কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে৷ লগতে তেওঁ উল্লেখ কৰিছে যে ষ্টেপলাৰটো চুৰি হোৱাৰ বাবে তেওঁ কৰ্তব্য সম্পাদন কৰাত বাধা আহি পৰে৷ ষ্টেপলাটো চুৰি হোৱা পাছৰে পৰা তেওঁ মানসিকভাৱে অশান্তি পোৱাৰ লগতে থানাতে তেওঁ সুৰক্ষিত অনুভৱ কৰা নাই বুলি এজাহাৰত উল্লেখ কৰিছে৷

কিন্তু লক্ষণীয়ভাৱে উপ-পৰিদৰ্শক ধ্যানজ্যোতি তামুলীয়ে দাখিল কৰা এজাহাৰত বাৰেপাচি বানান ভুল হোৱা পৰিলক্ষিত হৈছে৷ এছ আই ধ্যানজ্যোতিয়ে অসমীয়াতে লিখা এজাহাৰখনত প্ৰায় ২০টাকৈ বানান ভুল৷ 'ষ্টেপলা'ক 'ষ্টেবল' লিখি ষ্টেপলাৰ উদ্ধাৰৰ বাবে অনুৰোধ জনাইছে এছ আই ধ্যানজ্যোতি তামুলীয়ে৷

এছ আই ধ্যানজ্যোতি তামুলীয়ে দাখিল কৰা এজাহাৰ

প্রতি,
মাননীয় বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়
বিষয়: চুৰি হোৱা ষ্টেবল (ষ্টেপলাৰ) উদ্ধাৰ কৰি দিবৰ বাবে অনুৰোধ 
তাং ০৪/১১/২০২৩

মহোদয়,
সম্মান সহকাৰে আপোনাক জনাওঁ যে মই বশিষ্ঠ থানাত SI (P) হিচাপে কৰ্মৰত। যোৱা ইংৰাজী ৩১/১০/২০২৩ তাৰিখে মই থানাৰ কর্তব্য সম্পাদন কৰি সন্ধ্যা প্রায় ০৫ বজাৰ মোৰ ষ্টেবল (ষ্টেপলাৰ) (ডাঙৰ চাইজৰ (ছাইজৰ)) দাম প্রায় ৪৫০/- টকা মোৰ নিজৰ টেবুলৰ ৰাখি থৈক (থৈ) বিশ্ৰামৰ বাবে ৰোমলৈ (ৰুমলৈ) গৈছিলোঁ মোৰ আলমীৰা (আলমিৰা) খোলা অৱস্থাত আছিল, কিয়নো আলমিৰাৰ চাবী (চাবি) হেৰাই গৈছিল আৰু একে দিনাই মই নিজৰ কৰ্তব্যৰ বাবে নিশা ১০:০০ টা খানালৈ আহো (আহোঁ) আৰু ষ্টেবল (ষ্টেপলাৰ) আলমীৰাৰ (আলমিৰাৰ) ভিতৰত চাওঁতে পোৱা নগল (নগ'ল)। মোৰ দৈনীক (দৈনিক) মজুৰীৰ এদিনৰ আধা টকাৰ লাঘব (লাঘৱ) হোৱাৰ বাবে মই বর্তমান দুখত পৰিছোঁ আৰু কৰ্তব্য কৰিব যাওঁতে ষ্টেবলৰ (ষ্টেপলাৰ) কথা মনত পৰি থকাৰ বাবে কৰ্তব্য কৰিবৰ বাবে মোৰ মানসীক (মানসিক) অসান্তি (অশান্তি) হৈছে আৰু মই বর্তমান থানাতে সুৰক্ষীত (সুৰক্ষিত) অনুভৱ কৰা নাই৷ গতিকে মহোদয়ে খানাৰ (থানাৰ) CCTV footage পৰীক্ষ্য (পৰীক্ষা) কৰি অচিনাক্ত দুর্বিত্তক (দুৰ্বৃত্তক) চিনাক্ত কৰি মোৰ ষ্টেবল (ষ্টেপলাৰ) উদ্ধাৰ কৰিবৰ বাবে অনুৰোধ জনানোঁ (জনালোঁ)। মোৰ সন্দেহ হয় যে আমাৰ থানাৰে মহীলা (মহিলা) আৰক্ষীয়ে মোৰ ষ্টেবল (ষ্টেপলাৰ) চুৰি কৰা বুলি সন্দেহ কৰা হৈছে।

ইতি,  
আপোনাৰ বিশ্বাসী 
SI (P) Dhyan Jyoti Tamuli Of Basistha PS 
Dated 04/11/2023