Logo
image

শৰাইঘাটৰ যুদ্ধৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে ১৭ নৱেম্বৰৰ পৰা দীপৰ বিলত 'ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল'

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ ইতিহাসত এক যুগান্তকাৰী ঘটনা হিচাপে পৰিচিত আৰু অসমসহ দক্ষিণ-পূব এছিয়াক মোগলৰ আধিপত্যৰ পৰা ৰক্ষা কৰা ১৬৭১ চনৰ বিখ্যাত শৰাইঘাটৰ যুদ্ধত মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগলক পৰাজিত কৰাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে অসম চৰকাৰ আৰু ভাৰতীয় সেনাই যৌথভাৱে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে  গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিৰ সমীপত দীপৰ বিলত ভাৰতীয় সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ অধীনৰ ৰেড হৰ্ণচ ডিভিজন আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অহা ১৭ নৱেম্বৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে 'ৰাইজিং ছান ৱাটাৰ ফেষ্ট - ৰিভিষ্টিং শৰাইঘাট ২০২৩' শীৰ্ষক এক বিশেষ জলক্ৰীড়া মহোৎসৱ। ইয়াৰ বাবে বিগত প্ৰায় দহদিন ধৰি ভাৰতীয় সেনাই  দীপৰ বিলত অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱৰ স্থানখিনী পানীত চলাব পৰা বিশেষ বাহনৰে পানী মেটেকা, প্লাষ্টিক, পলিথিন জাতীয় সামগ্ৰী সমুহ চাফ-চিকুণ কৰাৰ লগতে একেলগে কেইবাহাজাৰ মানুহে যাতে বহি মহোৎসৱ চাব পাৰে তাৰ বাবেও দিনে-নিশাই কাম কৰি থকা পৰিলক্ষিত হৈছে। 

আনকি অস্থায়ীভাৱে সেনাৰ এটা ছাউনীও স্থাপন কৰা হৈছে। শৰাইঘাটৰ যুদ্ধ ব্ৰহ্মপুত্ৰৰ পানীত হৈছিল আৰু নাৱেৰে মোগলক খেদি খেদি আহোম সেনাই হাদিৰা চকী পাৰ কৰি থৈ আহিছিল। তেনে এক প্ৰতিচ্ছবি জনমানসত তুলি ধৰাৰ লক্ষ্যৰে মহোৎসৱৰ লগত সংগতি ৰাখি দীপৰ বিলত নৌকা চালনা, ৰয়িং, মটৰ বটিং আদিকে ধৰি বিভিন্ন জলক্ৰীড়া অনুষ্ঠিত হ'ব। তেনেদৰে প্ৰতিদিনে অনুষ্ঠিত হ'ব বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান। উঠি অহা যুৱ প্ৰজন্মই অসম আৰু অসমীয়াৰ  ভাগ্য নিয়ন্তা স্বৰূপ শৰাইঘাট যুদ্ধখনৰ বিষয়ে যাতে ভালকৈ জানিব পাৰে তাক মহোৎসৱত প্ৰদৰ্শনৰ দিহা কৰা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে মঙলবাৰে নাৰেংগী সেনা ছাউনীৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত এই মহোৎসৱৰ ট্ৰফীটো মুকলি কৰে অসম চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গালোচাই। অনুষ্ঠানত সেনাৰ কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে। উল্লেখ্য যে এই মহোৎসৱখন সকলো আগ্ৰহী ৰাইজৰ বাবে মুকলি থাকিব। ইফালে দীপৰ বিলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া মহোৎসৱখনৰ প্ৰতি দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ মাজত উৎসুকতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।