Logo
image

অসাধাৰণ কোহলি

বিশ্ব ক্ৰিকেটত সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ বেটাৰজন কোন?– বহু সময়ত এই বিষয়টোক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত বাদানুবাদৰ সৃষ্টি হয়৷ বিশ্বৰ শ্ৰেষ্ঠ বেটাৰজনৰ প্ৰসংগ উত্থাপন হ’লে প্ৰায়েই কোহলিৰ তুলনা কৰা হয় পাকিস্তানৰ অধিনায়ক বাবৰ আজমকৰ লগত৷ যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ এদিনীয়া ৰেংকিঙৰ বেটিঙত বাবৰ আজম শীৰ্ষত আছে, তথাপি বৰ্তমানৰ বিশ্বৰ শ্ৰেষ্ঠ বেটাৰৰ প্ৰসংগ উত্থাপন হ’লে বিৰাট কোহলিকহে অগ্ৰাধিকাৰ দিয়া হয়৷ ভাৰতত চলি থকা বিশ্বকাপ ক্ৰিকেটত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিত কোহলিকেই বিশ্ব ক্ৰিকেটত বৰ্তমানৰ অবিসম্বাদী সম্ৰাট হিচাপে অভিহিত কৰিব বিচাৰে৷ আনকি, বাবৰ আজমেও কোহলিৰ সৈতে তেওঁৰ কোনো তুলনা নহয় বুলি অকপটে স্বীকাৰ কৰিছে৷ এটা সময়ত শচীন তেণ্ডুলকাৰক ক্ৰিকেটৰ ঈশ্বৰ আখ্যা দিয়া হৈছিল৷ তেণ্ডুলকাৰৰ অৱসৰৰ পাছত বিৰাট কোহলিয়ে ভাৰতীয় ক্ৰিকেটক এক বিশেষ উচ্ছতালৈ লৈ গৈছে৷ এইবাৰৰ বিশ্বকাপৰ কেইবাখনো খেলত ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা  আছে কিং কোহলিৰ৷ এতিয়ালৈকে আঠখন খেলত দুটা শতক, চাৰিটা অৰ্ধশতকৰ সহায়েৰে তেওঁৰ সংগ্ৰহ ৫৪৩ ৰান, ৰানৰ গড় ১০৮.৬০৷ কোহলিৰ এই অসাধাৰণ প্ৰদৰ্শনৰ বাবে সমগ্ৰ বিশ্বতে তেওঁৰ অনুৰাগী আছে৷ কেৱল ক্ৰিকেটেই নহয়, আন খেলৰ সৈতে জড়িত বিশ্বখ্যাত খেলুৱৈও কোহলিৰ সৈতে পৰিচিত, যিটো দেখা গৈছিল শচীন তেণ্ডুলকাৰৰ ক্ষেত্ৰতো৷ ক্ৰিকেটৰ যুদ্ধত ভাৰত আৰু পাকিস্তানক সদায়েই চিৰন্তন প্ৰতিদ্বন্দ্বী বুলি কোৱা হয়৷ কিন্তু বৰ্তমানৰ পাকিস্তান ক্ৰিকেট দলটোৰ অধিনায়ক বাবৰ আজমৰ নিজ দেশত যিমান অনুৰাগী  আছে, তাতকৈ বহুগুণে বেছি অনুৰাগী আছে কোহলিৰ৷

কোহলিৰ খেলৰ বিশেষত্বটো হৈছে তেওঁৰ ফিটনেছ৷ বয়স তেওঁৰ ৩৫ বছৰ৷  এয়া তেওঁৰ কেৰিয়াৰৰ অন্তিম বিশ্বকাপো হ’ব পাৰে৷ কিন্তু খেলপথাৰত তেওঁৰ যি প্ৰাণচঞ্চলতা দেখা যায়, সেয়া তেওঁতকৈ কম বয়সৰ বহু ক্ৰিকেটাৰৰ ক্ষেত্ৰতো দেখা নাযায় আৰু এই গুণটোৱে কোহলিক অসাধাৰণ ক্ৰিকেটাৰত পৰিণত কৰিছে৷ বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩৫সংখ্যক জন্মদিনৰ দিনটোত শতকীয় ইনিংছ খেলি কোহলিয়ে এদিনীয়া ক্ৰিকেটত কেৰিয়াৰৰ ৪৯সংখ্যক শতক সম্পূৰ্ণ কৰি তেণ্ডুলকাৰৰ অভিলেখ স্পৰ্শ কৰিছে৷ আনহাতে, শ্ৰীলংকাৰ বিৰুদ্ধে মুম্বাইত অনুষ্ঠিত খেলখনত ৮৮ ৰানৰ ইনিংছ খেলি এটা কেলেণ্ডাৰ বৰ্ষত এহাজাৰ ৰান সম্পূৰ্ণ কৰে৷ কেৱল সেয়াই নহয়, অষ্টমবাৰৰ বাবে এটা কেলেণ্ডাৰ বৰ্ষত এহাজাৰ ৰান সম্পূৰ্ণ কৰি শচীন তেণ্ডুলকাৰৰ নামত থকা বিশ্ব অভিলেখো ভংগ কৰে কোহলিয়ে৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোহলিৰ নামত আছে মুঠতে ৭৯টা শতক৷ চলিত বিশ্বকাপত আৰু এটা শতকীয় ইনিংছ খেলিব পাৰিলে তেণ্ডুলকাৰক অতিক্ৰমী এদিনীয়া ক্ৰিকেটৰ সৰ্বাধিক শতকৰ অধিকাৰী হ’ব কোহলি৷ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত তেণ্ডুলকাৰে কৈছিল যে কোহলিৰ হাততে এদিন তেওঁৰ ৰেকৰ্ড ভংগ হ’ব পাৰে৷ অসামান্য ফিটনেছৰ উপৰি কোহলিৰ প্ৰদৰ্শনৰ আন এটা উল্লেখনীয় দিশ হৈছে চাপক কেনেকৈ জয় কৰিব লাগে সেয়া তেওঁ ভালদৰে জানে৷ প্ৰবল চাপতো তেওঁ সদায় স্বাভাৱিক প্ৰদৰ্শন দাঙি ধৰাৰ চেষ্টা চলায়৷ এটা ক্ষেত্ৰত ইংলেণ্ডৰ প্ৰাক্তন ফুটবলাৰ ডেভিড বেকহামৰ সৈতে কোহলিৰ মিল আছে৷ সেয়া হৈছে শেষপৰ্যন্ত যুঁজ দিয়াৰ মানসিকতা৷ বেকহামে কৈছিল–‘ I don't give up easy, i don't...’  তেনেদৰে কোহলিৰো মন্তব্য হৈছে–‘যেতিয়ালৈকে মই সৎ পথত থাকিম, তেতিয়ালৈকে মোক লৈ কি সমালোচনা হৈছে তাত গুৰুত্ব নিদিওঁ৷ বাহিৰৰ পৰা সমালোচনা কৰাটো বৰ সহজ৷’ কোহলিৰ পৰা নতুন প্ৰজন্মৰ ক্ৰিকেটাৰসকলে শিকিব পৰা বহুখিনি আছে৷ কিবা এটা কৰি দেখুওৱাৰ দুৰ্বাৰ বাসনা থাকিলে অসম্ভৱ একোৱেই নহয়– এই কথাষাৰৰ শ্ৰেষ্ঠ উদাহৰণ হৈছে বিৰাট কোহলি৷