Logo
image

আজমলৰ আমন্ত্ৰণক লৈ সংঘত বাদানুবাদ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ নৱেম্বৰঃ ধূপধৰাত অনুষ্ঠিত শিশু, যুৱ, আই-মাতৃ সমাৰোহলৈ ইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলক আমন্ত্ৰণ জনোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অভ্যন্তৰত অব্যাহত আছে তীব্ৰ ক্ষোভ, অসন্তুষ্টি আৰু বাদানুবাদ৷ অসমৰ সমাজ জীৱনত বিশেষ ভূমিকা গ্ৰহণ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লাখ লাখ সদস্যৰ বুজনসংখ্যকেই এই ঘটনাত কাৰ্যতঃ হতভম্ব হৈ পৰিছে৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো বিষয়ববীয়া বা সদস্য কোনো ধৰ্মৰ বিৰোধী নহয় যদিও বদৰুদ্দিন আজমলৰ দৰে সাম্প্ৰদায়িক  ৰাজনৈতিক নেতাক সংঘৰ আই-মাতৃ সমাৰোহলৈ আমন্ত্ৰণ জনোৱা ঘটনাক শংকৰদেৱ সংঘৰ বুজনসংখ্যক সদস্যই সহজভাৱে ল’ব পৰা নাই৷ সংঘৰ পদাধিকাৰ আৰু প্ৰধান সম্পাদকৰ দুৰ্বল নেতৃত্ব আৰু ভুল সিদ্ধান্তৰ বাবেই এনে ঘটনা ঘটিবলৈ পালে বুলি মন্তব্য কৰি সংঘৰ বহুসংখ্যক সদস্যই এইমৰ্মে মত পোষণ কৰিছে যে সংঘৰ সমাৰোহলৈ আমন্ত্ৰণ জনাব পৰাকৈ অসমত বহুসংখ্যক মুছলমান বিদ্বান লোক, চিন্তাশীল ব্যক্তি, সাহিত্যিক, শিল্পী তথা বুদ্ধিজীৱী আছে৷ তেনেস্থলত বিগত বহুদিন ধৰি কেৱল নিকৃষ্ট ৰাজনীতি আৰু নিৰ্বাচনী অংকৰ স্বাৰ্থত সাম্প্ৰদায়িক কথা কৈ অহা বদৰুদ্দিন আজমলক সংঘৰ সমাৰোহলৈ আমন্ত্ৰণ জনোৱা কাৰ্যই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৌৰৱোজ্জ্বল ইতিহাসত কালিমা সানিলে বুলি সংঘৰ বহু একনিষ্ঠ ভকত আৰু দায়বদ্ধ সদস্যই মত পোষণ কৰিছে৷ বদৰুদ্দিন আজমলক সংঘৰ আই-মাতৃ সমাৰোহলৈ আমন্ত্ৰণ জনোৱা ঘটনাক কেন্দ্ৰ কৰি সংঘৰ বাহিৰৰ কথা বাদেই, সংঘৰ ভিতৰচ’ৰাতে বাদানুবাদ, ক্ষোভ আৰু অসন্তুষ্টি অব্যাহত থকাৰ সময়তে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদকৰ এটা ভয়ংকৰ কেলেংকাৰিক লৈ সংঘৰ ভিতৰচ’ৰাত ক্ষোভ, উত্তেজনা আৰু বিড়ম্বনাৰ সৃষ্টি হৈছে৷ উল্লেখ্য, ১৯৩০ চনত স্থাপন হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যনিৰ্বাহক সমিতিখন গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বাছনি কৰা হয়৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান অনুসৰি সংগঠনটোৰ কাম-কাজ পৰিচালনা কৰা হয়৷ সংঘৰ সংবিধান মতে, কোনো অৰ্থনৈতিক অপৰাধত জড়িত, দুৰ্নীতিগ্ৰস্ত লোক সংঘৰ বিষয়ববীয়া হ’ব নোৱাৰে, সাধাৰণ সদস্যও হ’ব নোৱাৰে৷ সংঘৰ সংবিধানত স্পষ্টভাৱে উল্লেখ আছে– সংঘৰ মূল কাৰ্যনিৰ্বাহক সমিতিৰ পৰা প্ৰাথমিক শাখালৈকে কোনো সমিতিৰ বিষয়ববীয়া আৰু সদস্য কোনো ৰাজনৈতিক দলৰ সদস্য হ’ব নোৱাৰিব৷ সংঘৰ কোনো সদস্যই কোনো ৰাজনৈতিক দলত যোগদান কৰিব খুজিলে বা নিৰ্বাচন খেলিব খুজিলে মনোনয়ন-পত্ৰ দাখিল কৰা তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সংঘৰ সদস্যপদ ইস্তফা দিব লাগিব৷ সংঘৰ সংবিধানত উল্লেখ কৰা মতে, সকলো শৌচৰ ভিতৰত অৰ্থশৌচ বিশেষভাৱে উল্লেখযোগ্য৷ অৰ্থোপাৰ্জনৰ ক্ষেত্ৰত যি শুচি, তেৱেঁই প্ৰকৃত শুচি৷ অৰ্থ বিষয়ত শুচি নহ’লে অকল মাটি-পানীৰ দ্বাৰা বাহ্য শুচি হ’লেও তেওঁ প্ৰকৃত শুচি হ’ব নোৱাৰে৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানত এই বিষয়ে স্পষ্ট দিহা-নিৰ্দেশনা থকাৰ পাছতো সংঘৰ বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই তেওঁৰ অৰ্থনৈতিক অপৰাধ লুকুৱাই ৰাখি সংঘৰ প্ৰধান সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বাবত অধিষ্ঠিত হোৱা ঘটনা এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহু বিষয়ববীয়া আৰু সদস্যৰ মুখে মুখে৷ অনুসন্ধানত প্ৰাপ্ত তথ্য মতে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া দ্য ইণ্ডাষ্টিয়েল কো-অপাৰেটিভ বেংক লিমিটেডৰ নুনমাটি শাখাৰ শীৰ্ষ পদত থকাৰ সময়তে দুৰ্নীতিত লিপ্ত হোৱা বাবে বেংক কৰ্তৃপক্ষই কুশল ঠাকুৰীয়াক বৰ্খাস্ত কৰিছিল৷ ইণ্ডাষ্ট্ৰিয়েল বেংকৰ পৰিচালন সঞ্চালকে ২০১২ চনৰ ৭ মাৰ্চত জাৰি কৰা চিঠিৰৱ(নং ঃ আইচিবি/জিএইচটি/এইচঅ’/৬৮১৫/২০১২) আঁত ধৰি ২০১৬ চনৰ ৮ ছেপ্টেম্বৰত জাৰি কৰা নিৰ্দেশ মৰ্মে ইণ্ডাষ্ট্ৰিয়েল বেংকৰ শীৰ্ষ বিষয়া কুশল ঠাকুৰীয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল৷ আশ্চৰ্যজনকভাৱে এনে এটা গুৰুতৰ ঘটনা সকলোৰে পৰা লুকুৱাই ৰাখি কুশল ঠাকুৰীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ আৰু সন্মানীয় পদত অধিষ্ঠিত হয়৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান মতে, এনেধৰণৰ অৰ্থনৈতিক অপৰাধীৰ দুষ্কাৰ্যক ‘অৰ্থ অশৌচ’ বুলি গণ্য কৰা হয়৷ এনেধৰণৰ লোক সংঘৰ বিষয়ববীয়া বাদেই, সাধাৰণ সদস্যৰ বাবেও যোগ্য নহয়৷ কিন্তু কুশল ঠাকুৰীয়াই বেংকৰ চাকৰিৰ পৰা বিত্তীয় কেলেংকাৰিৰ বাবে তেওঁক বৰ্খাস্ত কৰা ঘটনা লুকুৱাই ৰাখি কাৰ্যতঃ জালিয়াতিৰে অধিষ্ঠিত হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এটা পৱিত্ৰ সংগঠনৰ প্ৰধান সম্পাদক পদত৷ এয়া কেৱল সংঘৰ সংবিধান উলংঘা কৰা ঘটনাই নহয়, সংঘৰ লাখ লাখ সদস্য, ভক্ত, বৈষ্ণৱৰ প্ৰতি এয়া চৰম অপমানজনক কাৰ্য৷ এই লজ্জাজনক কাণ্ডই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৌৰৱোজ্জ্বল ইতিহাস সেইদৰেই কলংকিত কৰিছে, যিদৰে কলংকিত কৰিছে সংঘৰ আই-মাতৃ সমাৰোহলৈ বদৰুদ্দিন আজমলৰ দৰে সাম্প্ৰদায়িক ব্যক্তিক আমন্ত্ৰণ জনোৱা ঘটনাই৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো সদস্যৰ ঘৰ-পৰিয়ালৰ কোনো নিবনুৱা যুৱক-যুৱতীয়ে স্বাৱলম্বনৰ আদৰ্শ গ্ৰহণ কৰি মুৰ্গী-গাহৰি পুহি বা মাছৰ ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰা ঘটনা শ্ৰীমন্ত শংকৰদেৱ সংঘই ক্ষমা কৰা নাই৷ তেনে কাৰ্যৰ বাবে বহুজনক সংঘৰ পৰা বাহিৰ কৰি দিয়া হৈছে, সমাজৰ সৈতে জুই-পানী নিষেধ কৰা হৈছে৷ অথচ সেইসকলৰ ‘দোষ’ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ অপৰাধতকৈ বহুগুণে কম ওজনৰ৷ কিছুদিন আগৰে পৰা এটা বিশেষ ঘটনাৰ বাবে কুশল ঠাকুৰীয়াৰ বিত্তীয় কেলেংকাৰিৰ ঘটনা পোহৰলৈ আহে যদিও সাধাৰণ সদস্যসকলে এই বিষয়ে খঙে-ক্ষোভে-অপমানে গুঁজৰি-গুমৰি থকাৰ বাহিৰে একো কৰিব পৰা নাই৷ কিয়নো, এই সমস্ত ঘটনাৱলীত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে সংঘৰ পদাধিকাৰগৰাকীয়ে৷ আ(ৰ্যজনকভাৱে কুশল ঠাকুৰীয়াক তেওঁৰ দুষ্কাৰ্যৰ বাবে জবাবদিহি কৰা বা এই সন্দৰ্ভত আলোচনা কৰিবৰ বাবে সংঘৰ বৈঠক আহ৩ান কৰিবৰ বাবে পদাধিকাৰে নিৰ্দেশ দিব লাগিছিল যদিও ৰহস্যজনক কাৰণত কুশল ঠাকুৰীয়াৰ বিত্তীয় কেলেংকাৰি আৰু তেওঁ সংঘৰ সংবিধান অমান্য কৰি জালিয়াতিৰে সংঘৰ পদবী দখল কৰা ঘটনা সন্দৰ্ভত সংঘৰ অধ্যয়নপুষ্ট পদাধিকাৰগৰাকী নীৰৱ-নিশ্চুপ-নিৰ্লিপ্ত-নিৰুদ্বেগ আৰু নিষ্ক্ৰিয় হৈ আছে৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেইবাখনো জিলা সমিতিৰ বিষয়ববীয়াই অনানুষ্ঠানিকভাৱে সদৰী কৰা মতে, পদাধিকাৰৰ দুৰ্বলতা আৰু প্ৰধান সম্পাদকৰ কেলেংকাৰিৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৌৰৱোজ্জ্বল ইতিহাসত দাগ লগাৰ উপৰি সংঘৰ আভ্যন্তৰীণ গণতন্ত্ৰ বিধবস্তপ্ৰায় হৈ পৰিছে৷ বদৰুদ্দিন আজমলক সংঘৰ সমাৰোহলৈ আমন্ত্ৰণ জনোৱা ঘটনাৰ আঁৰতো ‘বিশেষ কাৰণ’ নিহিত হৈ থকাৰ সন্দেহ কৰিছে সংঘৰ বহু সদস্যই৷ সংঘৰ পদাধিকাৰ আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে কুশল ঠাকুৰীয়াৰ বিত্তীয় কেলেংকাৰি আৰু সেই কেলেংকাৰি ঢাকি ৰাখি তেওঁ প্ৰধান সম্পাদকৰ পদ দখল কৰা সন্দৰ্ভত শীঘ্ৰে আলোচনা কৰি ফলপ্ৰসু আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অভ্যন্তৰত উমি উমি জ্বলি থকা ক্ষোভৰ জুইকুৰা দপ্‌দপ্‌কৈ জ্বলি উঠাৰ সম্ভাৱনাও নুই কৰা নাই সংঘৰ কেইবাগৰাকীও নিষ্ঠাৱান সেৱকে৷ কেৱল এজন বা দুজন লোকৰ ভুল আৰু অক্ষমতাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এটা বৃহৎ সামাজিক সংগঠনৰ এধানমানো ক্ষতি হ’লে সেয়া হ’ব কাৰ্যতঃ অসমৰ জাতীয় জীৱনৰ বাবেই এটা অবাঞ্ছিত আৰু দুৰ্ভাগ্যজনক ঘটনা৷