Logo
image

বৰ্তমান কেনে আছে জুবিন গাৰ্গ?

ডিজিটেল সংবাদ, গুৱাহাটীঃ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ পুনৰ অসুস্থ হৈ পৰিছে। নিশা ষ্টুডিঅ'ত কাম কৰি থকা অৱস্থাতে মূৰ আছন্দ্ৰনাই জুবিন গাৰ্গ হঠাত্‍ মাটিত ঢলি পৰে। তাৰ পাছতেই তেওঁক ততাতৈয়াকৈ গুৱাহাটীৰ ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয়।

সম্প্ৰতি নেমকেয়াৰ হাস্পতালৰ নিউৰ’ বিশেষজ্ঞৰ এটা দলে যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পীজনক নিৰীক্ষণ কৰি আছে। এই সম্পৰ্কে নেমকেয়াৰ  হাস্পতালৰ বিশিষ্ট চিকিৎসক, পৰিচালন সঞ্চালক  ডাঃ হিতেশ বৰুৱাই কয়-জুবিন গাৰ্গৰ অৱস্থা বৰ্তমান সুস্থিৰ। তেওঁক বুধবাৰে পুৱাৰ ভাগত আমাৰ হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছে। তেওঁৰ মাইল্ড চিজাৰ এটেক হৈছে। সম্প্ৰতি তেওঁ আইচিইউত চিকিৎসাধীন হৈ আছে যদিও চিন্তাৰ বিশেষ কাৰণ নাই। তেওঁক কথা সুধিলে উত্তৰ দিব পাৰিছে৷ গতিকে চিন্তাৰ বিশেষ একো কাৰণ নাই । তেওঁক বৰ্তমান চিকিৎসকৰ নিৰিক্ষণত ৰখা হৈছে। শিল্পিগৰাকীৰ উন্নত চিকিত্‍সাৰ বাবে চিকিৎসকৰ দ্বাৰা সকলোধৰণৰ পৰীক্ষা কৰা হৈছে। 

উল্লেখ‍্য,জুবিন গাৰ্গ অসুস্থ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ অনুৰাগী, গুণমুগ্ধসকলে হাস্পতালৰ বাহিৰত ভিৰ কৰাৰ লগতে শিল্পীজন সোনকালে সুস্থ হৈ উঠাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। ইয়াৰ পূৰ্বে ২০২১ চনত  গুৰুতৰভাৱে অসুস্থ হৈ দীৰ্ঘদিনৰ বাবে চিকিৎসাধীন হ'বলগীয়া হৈছিল কণ্ঠশিল্পীজন।